নিৰ্বাচনৰ প্ৰাকক্ষণত ততাতৈয়াকৈ বিল উলিওৱাৰ নামত ব্যাপক বিসংগতিৰে ধেমাজিত চলিছে একাংশ পথ নিৰ্মাণ। ধেমাজি পাঁচআলিৰ পৰা আদিকলীয়ালৈ লোকনিৰ্মাণ বিভাগৰ অধীনত নিৰ্মাণ হোৱা এটা পকীপথে সকলোৰে দৃষ্টি কাঢ়িছে।
পথৰ নিৰ্মাণ সম্পূৰ্ণ কৰি পথৰ ওপৰত বগা ৰঙো সানিলে। কিন্তু ২-৩ দিনৰ পিছতে ভৰিৰে মোহাৰি দিলেই বখলা বখলে এৰি যায় নিৰ্মীয়মাণ পথৰ ব্লেক টপিং। দীৰ্ঘদিনৰ পিছত নিৰ্মাণ হোৱা পথছোৱাৰ এনে অৱস্থাৰ বাবে স্থানীয় ৰাইজে অৱশেষত সংবাদ মাধ্যমক মাতি দেখুৱালে পথৰ দুৰৱস্থাৰ কথা।
পথ নিৰ্মাণ কৰিছে যদিও দুয়োকাষৰ পাৰ সঠিকভাৱে নিৰ্মাণ নকৰাৰো তথ্য পোহৰলৈ আহিছে, যাৰ বাবে সেই স্থানসমূহত শীঘ্ৰেই পথ ভাঙি যোৱাৰো সম্ভাৱনা স্পষ্ট হৈ পৰিছে।
ডিজিটেল ডেস্ক, ১০ ফেব্ৰুৱাৰী :