নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত জঘন্য কাণ্ডঃ বিহু মাৰি উলটি অহা কিশোৰীক ধৰ্ষণ কৰি ৰঙাঘৰৰ আলহী হ’ল লম্পট গিৰীশ

নিয়মীয়া বাৰ্তা, ১০ মেঃ সভ্য সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা সংঘটিত হৈছে ঢকুৱাখনা মহকুমাৰ ঘিলামৰা আৰক্ষী থানাৰ অন্তগত ভাটি অয়েঙীয়াত ৷ ভাটি অয়েঙীয়াৰ পঞ্চম শ্ৰেণীত অধ্যয়নৰত এগৰাকী নিবোধ কিশোৰীয়ে ২ মে’ৰ ৰাতি বিহু মাৰি ঘৰলৈ ওভটা পথত একে গাওঁৰে দেবানন্দ পায়েংৰ পুত্ৰ গিৰিশ পায়েঙে ( ৪০ ) নিশা আন্ধাৰ আৰু প্ৰতিকুল বতৰৰ সুযোগ লৈ ভাটি অয়েঙীয়া ৰঙ্গমঞ্চলৈ টানি নি ভয় ভাবুকিৰে উপযুপৰি ধৰ্ষণ কৰে ৷ প্ৰবল ব্‌ষ্টিপাতৰ সুযোগ লৈ বহু সময় ধৰি উপযুপৰি ধৰ্ষণ কৰি এৰি দিয়া কিশোৰীগৰাকীয়ে ভয়তে মুখ খুলা নাছিল যদিও দুদিনৰ পিছতে কিশোৰী গৰাকী পুস্পিতা হোৱাৰ বিষয়ে ঘৰত আলোচনা চলি থকাৰ মাজতে কিশোৰী গৰাকীয়ে গিৰিশৰ অপকৰ্মৰ বাবেহে ৰক্তক্ষৰণ হোৱা বুলি জনোৱাত ঘৰখনত হাহাকাৰ লাগে ৷ পিছত কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে দিয়া এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪১/৩৭৬(৩) আৰু অতিৰিক্তভাবে পকছো আইনৰ ধাৰা ৪ত পঞ্জীভুক্ত গোচৰ নং ৪১/২০২২ ভিত্তিত লম্পট ধৰ্ষণকাৰী গিৰিশক আজি ঘিলামৰা আৰক্ষীয়ে গেপ্তাৰ কৰাৰ লগতে কিশোৰী গৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ বাবে লখিমপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ৷
প্ৰেৰক ৰাজেশ কুমাৰ বুঢ়াগোহাঞি

You might also like