নিয়মীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰঃ “১৮৬৯ চনত বৃটিছৰ বিপক্ষে প্ৰথম প্ৰতিবাদ আৰম্ভ কৰিছিল বজালী অঞ্চলৰ ৰাইজে ৷ সেই সময়ত ৰাইজ মেলৰ জৰিয়তে এই প্ৰতিবাদৰ পাতনি মেলা হৈছিল ৷ ক্ৰমাগত ভাৱে এই ৰাইজ মেলৰ যোগেদি প্ৰতিবাদ কৰোঁতে কৰোঁতে ১৯৪২ চন আহি পালে আৰু ১৯৪২ চনত কেইবাগৰাকীও ব্যক্তি কাৰাৰুদ্ধ তথা আহত হৈছিল আৰু দুগৰাকীয়ে প্ৰাণ আহুতি দিছিল ৷ প্ৰাণ আহুতি দিয়া ব্যক্তি দুগৰাকী হৈছে শ্বহীদ মদন বৰ্মন আৰু শ্বহীদ ৰাউতাৰাম কোঁচ দেৱ ৷ দুয়োগৰাকী শ্বহীদৰে কোনো ব্ৰঞ্জৰ প্ৰতিমূৰ্তি বজালী অঞ্চলত নাছিল ৷ আমি বিধায়ক উন্নয়ন পুঁজিৰ যোগেদি দুয়োগৰাকী শ্বহীদৰে দুটাকৈ (মুঠ চাৰিটা) ব্ৰঞ্জৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি উলিয়াইছোঁ৷” এই মন্তব্য ৰাজ্যৰ কেবিনেট মন্ত্ৰী তথা পাটাছাৰকুছি সমষ্টিৰ বিধায়ক বজালীত শ্বহীদ মদন-ৰাউতাৰ ব্ৰঞ্জৰ আবক্ষ মূৰ্তি উন্মোচন মন্ত্ৰী ৰঞ্জিত দাসৰ কুমাৰ দাসৰ৷ মন্ত্ৰী বজালীত শ্বহীদ মদন-ৰাউতাৰ ব্ৰঞ্জৰ আবক্ষ মূৰ্তি উন্মোচন মন্ত্ৰী ৰঞ্জিত দাসৰ কুমাৰ দাসৰ উদ্যোগত আৰু বজালী জিলা আৰক্ষী প্ৰশাসনৰ সহযোগত ‘৪২ৰ শ্বহীদ মদন বৰ্মন আৰু ৰাউতাৰাম কোচৰ দুটা ব্ৰঞ্জৰ আৱক্ষ মূৰ্তি আজি উন্মোচন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ১৯৪২ চনৰ ২৫ ছেপ্টেম্বৰত দুয়োগৰাকীয়ে দেশ আৰু মাতৃভূমিৰ হকে যুঁজি বৃটিছৰ গুলিত প্ৰাণ বিসৰ্জন দিছিল৷ সেয়েহে, অহা ২৫ ছেপ্টেম্বৰত তেওঁলোকৰ নিজ গাঁৱত এই প্ৰতিমূৰ্তি সমূহ স্থাপন কৰা হ’ব ৷ তাৰ প্ৰাকমুহূৰ্তত আজি নতুন প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰী তথা যুৱক-যুৱতী সকলে যাতে দুয়োগৰাকী শ্বহীদৰ আৱক্ষ প্ৰতিমূৰ্তি দৰ্শন কৰিব পাৰে আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰে তাৰবাবে এক ৰাজহুৱা প্ৰদৰ্শনী আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয়৷ ইয়াৰোপৰি, দুয়োজনৰ জীৱনাদৰ্শনৰ সম্বন্ধে বিভিন্ন তথ্য প্ৰতিমূৰ্তিৰ লগতে ৰখাৰ ব্যৱস্থা কৰা হৈছে৷ উল্লেখ্য যে বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত দুই শ্বহীদৰ আবক্ষ প্ৰতিমুৰ্তি দুটা উন্মোচন কৰি আজি আৰু কাইলৈৰ বাবে শ্ৰদ্ধাঞ্জলি আৰু প্ৰদৰ্শনীমূলক অনুষ্ঠানৰ আয়োজন কৰে বজালী জিলা প্ৰশাসনে। বজালী জিলা উপ-আৰক্ষী অধীক্ষক ৰশ্মিৰেখা শৰ্মাই আঁত ধৰা আৱক্ষ মুৰ্তি উন্মোচন আৰু শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ আৰম্ভনিতে বন্তি প্ৰজ্বলন কৰে শ্বহীদ মদন বৰ্মন আৰু ৰাউতা ৰাম কোঁচৰ পৰিয়ালৰ সদস্যই৷ প্ৰতিমুৰ্তিত মাল্যাৰ্পণ কৰে মন্ত্ৰী বজালীত শ্বহীদ মদন-ৰাউতাৰ ব্ৰঞ্জৰ আবক্ষ মূৰ্তি উন্মোচন মন্ত্ৰী ৰঞ্জিত দাসৰ কুমাৰ দাসে৷ কেবাগৰাকীও মুক্তি যুজাৰুৰ পৰিয়ালক সম্বৰ্ধনা জনোৱা অনুষ্ঠানত অংশগ্ৰহণ কৰি ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফনীধৰ তালুকদাৰে কয় যে এগৰাকী জনপ্ৰতিনিধিয়ে দেশৰ স্বাধীনতাৰ বাবে প্ৰাণৰ আহুতি দিয়া মুক্তি যুজাৰুসকলক শ্ৰদ্ধা জনাবলৈও যে বিধায়ক পুঁজিৰ ধনৰ সৎ ব্যৱহাৰ কৰিব পাৰে এই আদৰ্শ বজালীত শ্বহীদ মদন-ৰাউতাৰ ব্ৰঞ্জৰ আবক্ষ মূৰ্তি উন্মোচন মন্ত্ৰী ৰঞ্জিত দাসৰ কুমাৰ দাসে দেখুৱাই দিছে৷ তেওঁৰ এই আদৰ্শ সচাকৈ প্ৰসংশনীয় আৰু অনুকৰণীয় বুলি বিধায়কগৰাকীয়ে মন্তব্য কৰে৷ বজালী জিলা উপায়ুক্ত কাবেৰী বি শৰ্মা, আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ দাস, নাট্যযোদ্ধা, কৃষ্ণ ৰয় পাঠশালা পৌৰপতি জলী চৌধুৰীকে আদি কৰি ভালে সংখ্যক বিশিষ্ট লোকে অংশগ্ৰহণ কৰা আজিৰ এই অনুষ্ঠানত জিলাখনৰ মুক্তিযোদ্ধাসকলৰ পৰিয়াল, পাঠশালা বজাৰ কমিটি, পাঠশালা পৌৰসভা, পাঠশালা ৰাস মহোৎসৱ সমিতি, আছু, যুৱ ছাত্ৰ পৰিষদ, গ্ৰীণ মিছন, উদয়ন সংঘ, পাঠশালা প্ৰেছ ক্লাৱ, বজালী জিলা প্ৰেছ গীল্ড, পাঠশালা ৰঙালী বিহু সন্মিলনী, নাটমণ্ডল-পাঠশালা আদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকল, বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াসকল, বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাগুৰু ও ছাত্ৰ-ছাত্ৰী বজালী জিলাৰ আৰক্ষী আৰু চৰকাৰী বিষয়াসকল উপস্থিত থাকে৷ উল্লেখ্য যে বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজি আৰু কাইলৈ দুদিনীয়াকৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে ৰখা শ্বহীদ যুগলৰ এই ব্ৰঞ্জৰ আৱক্ষ মূৰ্তি পৰৱৰ্তী সময়ত ৰিহাবাৰী, পশ্চিম ভোগপুৰ আৰু সাদেৰী গাঁৱত স্থাপন কৰা হ’ব৷
প্ৰেৰক কল্যাণ কলিতা