নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“নিয়মীয়াকৈ মিটাৰ ৰিডিং নকৰাৰ বাবেও বিদ্যুৎ বিলত বিসংগতি হয়” : পাঠশালাত শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচা

নিয়মীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰঃ বজালী জিলাৰ অভিভাৱক মন্ত্রী ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত আজি জিলাখনত প্ৰথমবাৰৰ বাবে উপস্থিত হয় ৰাজ্যৰ শক্তি বিতৰণ মন্ত্ৰী নন্দিতা গাৰ্লোচাই৷ জিলাখনত উপস্থিত হোৱাৰ পিছতে বজালীৰ উপায়ুক্ত কাৰ্যালয়ত জিলাখনৰ বিভিন্ন বিভাগৰ সতে পৰ্যালোচনা সভা অনুষ্ঠিত কৰাৰ পিচতে এখন সংবাদ মেল সম্বোধন কৰি শক্তি মন্ত্রীগৰাকীয়ে শেহতীয়াকৈ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা বিদ্যুৎ বিল সম্পৰ্কত সাংবাদিকে কৰা প্ৰশ্নোত্তৰত মিটাৰ বিসংগতি সন্দৰ্ভত কয় যে স্মার্ট মিটাৰ বা জেনেৰেল মিটাৰ সন্দৰ্ভত ভালদৰে পৰ্যালোচনা নকৰাকৈ গুৱাহাটীত বহিয়েই সকলো কব পৰা নাযাব৷ মিটাৰ ৰিডাৰ সকলে বিভিন্ন এলেকাত গৈ মিটাৰৰ ৰিডিং লৈহে কব পাৰিব প্ৰকৃততে কি হৈছে৷ মন্ত্ৰী গাৰ্লোচাই মিটাৰ ৰিডাৰসকলৰ সন্দৰ্ভতো মন্তব্য কৰি কয় যে বিভাগটোত প্ৰায় ১৫০০ গৰাকী নিয়মীয়া মিটাৰ ৰিডাৰ আছে যদিও তেওঁলোকৰ বহুতেই নিয়মীয়াকৈ মিটাৰ ৰিডিং নকৰাৰ বাবেওঁ বহু সময়ত বিলত বিসংগতি হয়৷ ইয়াৰোপৰি উপভোক্তাসকলৰ বিদ্যুৎৰ ব্যৱহাৰো পূৰ্বতকৈ বহুত বাঢ়িছে বুলি মন্তব্য কৰি তেওঁ কয় যে ৰাজ্যৰ মুখ্যমন্ত্রীয়ে ইতিমধ্যে এই বিসংগতিৰ বিষয়টো গুৰুত্বসহকাৰে লৈছে৷ তেওঁ বিসংগতি সন্দৰ্ভত কালি তেজপুৰত সকলো বিতং ভাবে কৈছে আৰু ৰাইজৰ অভিযোগক অতি গুৰুত্বসহকাৰে লৈছে৷ ইতিমধ্যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সাধাৰণ উপভোক্তাসকলে সকলো ধৰণৰ অভিযোগ দিব পৰাকৈ হেল্প লাইন নম্বৰ মুকলি কৰি দিয়া হৈছে বুলি মন্তব্য কৰি ৰাইজৰ সকলো অভিযোগ পোনপটীয়াকৈ দিবলৈ আহ্বান জনায়৷ আজিৰ পৰ্যালোচনা সভাত অভিভাৱক মন্ত্ৰীগৰাৰীৰ সতে বজালী জিলা উপায়ুক্ত কাবেৰী বি শৰ্মা, ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফনীধৰ তালুকদাৰকে আদি কৰি জিলাখনৰ বিভিন্ন পৰ্যায়ৰ বিষয়াসকল উপস্থিত থাকে৷
প্ৰেৰকঃ কল্যাণ কলিতা

You might also like