গুৱাহাটী হাইকৰ্টৰ মহাৰজত জয়ন্তীৰ সামৰণী অনুষ্ঠানত উপস্থিত থাকিব প্রধানমন্ত্রী মোদী
বিশেষ বাৰ্তা, ৫ এপ্রিলঃ উত্তৰ–পূর্বাঞ্চলৰ ন্যায়িক সেৱাৰ ক্ষেত্রখনত অগ্রদূতস্বৰূপ গুৱাহাটী উচ্চ ন্যায়ালয়ে সম্পূর্ণ কৰিলে ৭৫টা গৌৰৱপূর্ণ বর্ষ৷ অসমসহ সমগ্র উত্তৰ–পূর্বাঞ্চলৰ জনসাধাৰণক ন্যায় প্রদানৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা পালন কৰি অহা উচ্চ ন্যায়ালয়ৰ এই গৌৰৱপূর্ণ মুহূর্ত উদ্যাপনৰ বাবে আয়োজন কৰা হৈছে কেতবোৰ বিশেষ কার্যসূচী৷ ইতিমধ্যে যোৱা ১ এপ্রিলৰ পৰা আৰম্ভ হৈছে মহাৰজত জয়ন্তীৰ সপ্তাহজোৰা কার্যসূচী৷ ইপিনে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণী অনুষ্ঠানত উপস্থিত থাকিব প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ অহা ১৪ এপ্রিলত মহাৰজত জয়ন্তীৰ সামৰণী অনুষ্ঠান অনুষ্ঠিত হ’ব৷ আনহাতে, এই বিশেষ দিনটো স্মৰণ কৰাৰ বাবে কাইলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে আয়োজন কৰা এখন সভাত উপস্থিত থাকিব কেন্দ্রীয় আইন মন্ত্রী কিৰেণ ৰিজিজু, অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সন্দীপ মেহতা, উচ্চ ন্যায়ালয়ৰ অন্যান্য ন্যায়াধীশৰ লগতে অন্যান্য প্রতিনিধিবর্গ৷ এই উপলক্ষে এটা প’ষ্টেল ষ্টাম্প, ‘গৌহাটী হাইক’ৰ্টঃ হিষ্টৰী এণ্ড হেৰিটেজ’ শীর্ষক গ্রন্থখনৰ অসমীয়া সংস্কৰণ আৰু লগতে ‘আত্মান’ আলোচনীৰ বিশেষ সংস্কৰণ উন্মোচন কৰা হ’ব৷ আনহাতে, অসমৰ ৰাভা, তিৱা, জেমী নগা আৰু বডো জনজাতিৰ পৰম্পৰাগত আইন সম্পর্কীয় ছখন গ্রন্থ ৬ এপ্রিলত বন্দৰ, জাহাজ আৰু জল পৰিবহণ তথা আয়ুস বিভাগৰ মন্ত্রী সর্বানন্দ সোণোৱালে উন্মোচন কৰিব৷ একে সময়তে ভাৰতৰ ৰাষ্ট্রপতি দ্রৌপদী মুর্মু আৰু দেশৰ মুখ্য ন্যায়াধীশ ড০ ডি ৱাই চন্দ্রচূড়ে অহা ৭ এপ্রিলত আয়োজন কৰা অন্য এক অনুষ্ঠানত অংশগ্রহণ কৰিব৷ মহাৰজত জয়ন্তী উপলক্ষে গুৱাহাটী উচ্চ ন্যায়ালয়ে প্রাক্তন ন্যায়াধীশ, ন্যায়িক সেৱাত ৫০ বছৰ সম্পূর্ণ কৰা জ্যেষ্ঠ অধিবক্তা, ৰেজিষ্ট্রীৰ প্রাক্তন সদস্য, ন্যায়িক বিষয়া, অধিবক্তাৰ লগতে কেৰাণীক সম্বর্ধনা জ্ঞাপন কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ ১৯৪৮ চনৰ ৫ এপ্রিলত প্রতিষ্ঠা হোৱা গুৱাহাটী উচ্চ ন্যায়ালয়ে আৰম্ভণিতে ন্যায়িক সেৱাৰ ক্ষেত্রত উত্তৰ–পূর্বাঞ্চৰ সাতখন ৰাজ্য অসম, নাগালেণ্ড, মণিপুৰ, মেঘালয়, ত্রিপুৰা, মিজোৰাম আৰু অৰুণাচল প্রদেশক সামৰি লৈছিল৷ অৱশ্যে পিছলৈ মণিপুৰ, মেঘালয় আৰু ত্রিপুৰাত পৃথক উচ্চ ন্যায়ালয় স্থাপন হোৱাত বর্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ে উত্তৰ–পূর্বাঞ্চলৰ আন ৰাজ্যকেইখনৰ বাবে ন্যায়িক সেৱা আগবঢ়াই আহিছে৷ গুৱাহাটী উচ্চ ন্যায়ালয় এক অন্যতম প্রতিষ্ঠান, যিয়ে উত্তৰ–পূর্বাঞ্চলৰ চাৰিখন ৰাজ্যক সংযোগ কৰি ৰাখিছে৷ তদুপৰি কেইবাটাও গুৰুত্বপূর্ণ জনস্বার্থ জডিত ৰায় বিশেষকৈ জনজাতীয় লোকসকলৰ অধিকাৰ সম্পর্কীয় ৰায় প্রদানেৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে এক নজিৰ স্থাপন কৰিবলৈ সক্ষম হৈছে৷ ইফালে, মহাৰজত জয়ন্তীৰ লগত সংগতি ৰাখি কুইজ প্রতিযোগিতা, দেশৰ প্রাক্তন মুখ্য ন্যায়াধীশ ইউ ইউ ললিতাৰ আইন সম্পর্কীয় বক্তব্য আৰু উত্তৰ–পূর্বাঞ্চলৰ চহকী ঐতিহ্য প্রদর্শনেৰে সাংস্কৃতিক কার্যসূচীৰো আয়োজন কৰা হৈছে৷