নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰনৰ্দ্দীৰ মহাবিষ্ণু যজ্ঞত অংশগ্ৰহণ মৃণালিনী দেৱীৰ

বিশেষ বাৰ্তা, ৬ এপ্ৰিল : অসমৰ প্ৰাচীনতম সৰ্ব্ববৃহৎ ৰাজহুৱা শ্ৰীশ্ৰীমহাবিষ্ণু যজ্ঞ বিশ্বশান্তিৰ কামনাৰ্থে কালিৰে পৰা নলবাৰীৰ বৰনৰ্দ্দীত সাতদিনীয়াকৈ অনুষ্ঠিত হৈছে। ঐতিহাসিক ১০১তম যজ্ঞানুষ্ঠানখনত আজি দ্বিতীয় দিনাৰ পুৱা বেদস্তুতিৰ পিছতে ধৰ্মীয় শোভাযাত্ৰাৰে জল আৰহণ, সূৰ্যৰ পৰা অগ্নি আহৰণ, অগ্নি স্হাপন আৰু বেদস্তুতি উদ্ধোধন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভানেত্ৰী মৃণালিনী দেৱীয়ে। ইপিনে, কালি সূৰ্যোদয়ৰ পৰা চাৰি প্ৰহৰ ব্যাপি সংকীৰ্ত্তন, ধৰ্মধ্বজ্জা উত্তোলনেৰে আৰম্ভ কৰা মহাযজ্ঞৰ  ৰাতিপুৱা বন্তি প্ৰজ্বলন ,স্মৃতি তৰ্পণ ,গছপুলি ৰোপণ,আৰতি  পৰিৱেশন কৰা হ’য় ৷ ১০০ তম শ্ৰী শ্ৰী বাৰ্ষিক যজ্ঞানুষ্ঠান আনুষ্ঠানিক ভাবে সন্ধিয়া শুভ উদ্বোধন কৰে নলবাৰীৰ উপায়ুক্ত গীতিমনি ফুকনে ৷ ইয়াৰ পিছতে যজ্ঞ পৰিচালনা সমিতিৰ সভাপতি সুশীল ভূষণ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড: শিখৰ কুমাৰ শৰ্মা, বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকা, ৰাষ্ট্ৰীয় বঁটা প্ৰাপক কৃতী শিক্ষক ভগবান চন্দ্ৰ ডেকা,সাহিত্যিক গোকুল ডেকা,পকোৱা জিলা পৰিষদৰ সদস্য পৱিত্ৰ কুমাৰ ডেকা আদি কেইবাজনো বিশিষ্ট লোকে অংশ লয়। উক্ত সভাতে বৰনৰ্দ্দী ১০০সংখ্যক বাৰ্ষিক যজ্ঞানুষ্ঠানৰ মুখপত্ৰ “মহাবিষ্ণু” উন্মোচন কৰি বৰক্ষেত্ৰীৰ প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকাই ভাষন প্ৰসংগত  তেওঁ ভাৰতীয় সনাতনী ধৰ্মৰ ওপৰত ভাষন আগবঢ়ায়। উক্ত অনুষ্ঠানতে বৰনৰ্দ্দী যজ্ঞৰ এটি ওৱেভ পৰ্টেল মুকলি কৰে আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি তথা  গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ শিখৰ কুমাৰ শৰ্মাই। নিশা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। বৰনৰ্দ্দী ১০০ সংখ্যক বাৰ্ষিক যজ্ঞানুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰতিদিনে নগাৰানাম , আয়তীৰ নাম , আৰতি , যাত্ৰাপ্ৰাৰ্তীৰ দাৰা নাট্যাভিনয় , সাংস্কৃতিক অনুষ্ঠান , আদি বিভিন্ন কাৰ্যসূচীৰ  অনুষ্ঠিত হয় ৷ উল্লেখ্য যে ১১ এপ্ৰিলত সামৰণি পৰিব লগা বিশ্ব শান্তিৰ বাবে পুৰ্ণ আহুতি অনুষ্ঠানত ৫০ হাজাৰ আহুতি প্ৰদান কৰা হব বুলি  উদ্যোক্তা সকলে  জানিব দিয়াৰ লগতে উক্ত  নিশাৰ সাংস্কৃতিক অনুষ্ঠানত বিপিন চাউদাঙে গীত পৰিবেশন কৰিব।
প্ৰেৰক অৰূপ বৰ্মন
You might also like