🔴প্ৰদূষণেৰে ভৰপূৰ হৃদয়ৰ পৰা প্ৰদূষণমুক্ত পৃথিৱীৰ কল্পনা কৰিব নোৱাৰি।
🔴পাণ্ডিত্যই জগত ধুনীয়া কৰিব নোৱাৰে কেৱল ৰূপান্তৰেহে জগত ধুনীয়া কৰিব পাৰে
নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰ : জীৱন বিশাল, জীৱন জটিল, জীৱন অনন্ত, জীৱনৰ লক্ষ্যৰ লগত ব্যক্তিত্বৰ পৰিপূৰ্ণতা৷ ব্যক্তিত্বৰ বিকাশ দৰাচলতে এটা পৰিনাম, তাৰ উৎস হল পৰিপূৰ্ণতা, যেতিয়া ব্যক্তিত্ব পৰিপূৰ্ণ হৈ উঠিব, যেতিয়া ব্যক্তিত্বই পূৰৰ্ণতা লাভ কৰিব তেতিয়াহে ব্যক্তিত্ব বিকাশিত হব৷ আৰু সেইবাবেই আজিৰ বক্তিতাত আমি জীৱনৰ লক্ষ্যৰ সৈতে ব্যক্তিত্বৰ পৰিপূৰ্ণতা শব্দটো ব্যৱহাৰ কৰা হৈছে ৷ আজি মাজুলীৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান খেৰকটীয়া মহাবিদ্যালয়ৰ গৌৰৱোজ্বল সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত আৰু আভ্যন্তৰীণ মান নিৰীক্ষণ কোষৰ সহযোগত অনুষ্ঠিত এক ব্যক্তিতা অনুষ্ঠানত ভাষন প্ৰদান কৰি বিশিষ্ট লেখক, সাহিত্য অকাডেমিৰ অনুবাদক বঁটাপ্ৰাপক দিগন্ত বিশ্ব শৰ্মাই ‘জীৱনৰ লক্ষ্যৰ লগত ব্যক্তিত্বৰ পৰিপূৰ্ণতা’ শীৰ্ষক বক্তৃতা অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলক উদ্যেশ্যি এইদৰেই কয়৷ বিশিষ্ট অনুবাদকজনে ভাষণত আৰু কয় যে ছাত্ৰছাত্ৰীসকলৰ লক্ষ্য উদাৰ হব লাগিব, লক্ষ্য উচ্চমানৰ হলে জীৱন মুল্যবান হৈ উঠিব, নিজৰ বাবে আৰু আনৰ বাবেও৷ গীতাৰ উদ্ধৃতি দি শৰ্মাই কয় শ্ৰীকৃষ্ণই গীতাত কৈছে আমি লক্ষ্যত উপনীত হবলৈ হলে আমাৰ অন্তৰ পৰিপূৰ্ণ হব লাগিব৷ অসমৰ প্ৰতিগৰাকী বৈষ্ণৱ মহাপুৰুষে দোহাই দি গৈছে যে স্বৰ্গৰ দেৱতায়ো হেনো মানুহৰ জীৱনৰ বাঞ্চা কৰে , আৰু আমি সেই জীৱনৰেই অধিকাৰী, বংগকবি ৰাম প্ৰসাদ শেনৰ উদ্ধৃতি দি কয় এনে হেন মানৱ পথাৰ পৰি ৰল ছন, চহাব পৰা হলে সোণগুটি ওলালহেঁতেন ফুটি ৷ আচলতে আমি মানৱ পথাৰ খনত খেতি কৰা নাই , চন পৰি আছে ৷কিন্তু আমি জীৱন মানে কেৱল জন্ম, বৃদ্ধি আৰু মৃত্যু বুলি ভাবিছো৷ আমি জীৱনৰ উদাৰতা, জীৱনৰ মহানতা, মানুহৰ জীৱনৰ অনন্ত স্বৰূপ আমি বুজাই নাই, আমি মাত্ৰা জীৱনক লৈ খেলা কৰিছো, জীৱন প্ৰকৃত মৰ্যাদা আমি এতিয়াও প্ৰদান কৰা নাই৷ যি কোনো কাৰনত গ্ৰহণযোগ্য নহয় বুলি শৰ্মাই মন্তব্য কৰিছে, তেওঁ আৰু কয় যে দেৱতাৰ জীৱনৰ কোনো লক্ষ্য নাই কাৰন তেওঁলোক অমৰ তেওঁলোক অমৰত্ব লৈ সন্তুষ্ট সেয়ে তেওঁলোকৰ কোনো প্ৰগতিশীল চিন্তা নাই আৰু পশু জীৱন অল্পমতি, পশুৰ চেতনা শক্তি নাই, দুৰদৃষ্টি নাই সেয়ে পশুৰ জীৱনৰ কোনো লক্ষ্য নাই৷ কিন্তু মানুহে জীৱনৰ সৰ্বোচ্চ শিখৰত উপনিত হব বিচাৰে৷ কাৰন আমাৰ ভাৰতীয় দৰ্শনে মানুহক নৰৰ পৰা নৰোত্তম আৰু নৰোত্তমৰ পৰা নাৰায়ণ হোৱাৰ আৰ্দশক বিশ্বাস কৰে ৷ আনহাতে বিশ্ব খন পৰিস্কাৰ কৰি ৰখাৰ বাবে সমগ্ৰ বিশ্বত যি বিজ্ঞাপন চলি আছে, সকলোৱে যিদৰে প্ৰচাৰ চলাইছে তাৰ পিছতো বিশ্বক আজি পৰ্যন্ত পৰিস্কাৰ পৰিস্কাৰ কৰিব নোৱাৰাৰ কাৰন সম্পৰ্কে গুৰুত্বপূৰ্ণ দাৰ্শনিক যুক্তি দাঙি ধৰি কয় দেশ পৰিস্কাৰ বা স্বচ্ছতাৰ বাবে কোটি -কোটি টকা চৰকাৰে বিজ্ঞাপনৰ বাবে খৰচ কৰিছে কিন্তু পৃথিৱী খন জানো প্ৰদুষণ মুক্ত কৰিব পাৰিছে নাই পৰা ইয়াৰ কাৰনেই হল প্ৰদুষণেৰে ভৰপুৰ হৈ থকা আমাৰ এই হৃদয়ৰ পৰা আমি কিদৰে এখন প্ৰদুষণ মুক্ত পৃথিৱীৰ কল্পনা কৰিব পাৰিম ই কেতিয়াও সম্ভৱ নহয় ৷ আমি প্ৰত্যকেই প্ৰথম আমাৰ হৃদয় প্ৰদুষণৰ পৰা মুক্ত কৰিব লাগিব৷ ভিতৰত আমি দুষ্ট পিশাচ পুহি ৰাখি আমি ৰাসায়নিক বিজ্ঞানত, পদাৰ্থ বিজ্ঞানত নম্বৰ পাব পাৰিম সঁচা কিন্তু আমি এখন ভাল সমাজ কেতিয়াও গঢ়িব নোৱাৰিম৷ সেয়ে আমি এখন সুন্দৰ পৃথিৱীৰ কামনা কৰিব বিছাৰিলে প্ৰথমেই আমি নিজক, আমাৰ নিজৰ অন্তৰাত্মাৰ পূণ্যতা সাধন কৰিব লাগিব ৷ আমি নিজক ৰূপান্তৰিত কৰিব লাগিব ৷ কিন্তু আজিৰ তাৰিখত সেইটোৱেই পৃথিৱীৰ টান কাম অত সহজ কাম হল আনক সমালোচনা কৰা কিন্তু ছাত্ৰ হিচাপে আমি সকলো পৰিহাৰ কৰি নিজক ৰূপান্তৰিত কৰিব পাৰিব লাগিব তেতিয়াহে আমি জীৱনৰ পৰম লক্ষ্যত উপনিত হব পাৰিম৷ সেয় কথাকেই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কৈ গৈছে ৰূপান্তৰে হে মাথোঁ জগত ধুনীয়া কৰে , ইয়ে মোৰ গায়ত্ৰী মন্ত্ৰ ৷ সেয়ে আমি কব পাৰো পাণ্ডিত্যই জগত ধুনীয়া কৰিব নোৱাৰে কেৱল ৰূপান্তৰেহে জগত ধুনীয়া কৰে৷ শ্ৰদ্ধাৰ শক্তি, একাগ্ৰতাৰ শক্তি, নিষ্ঠাৰ শক্তিৰে আমি অন্তৰাত্মাক পৰিপূৰ্ণ কৰিব পাৰিলেই ছাত্ৰ-ছাত্ৰীসকলে লক্ষ্যত উপনীত হব পাৰিব বুলি এক তত্ত্বগধুৰ আধ্যাত্মিক দৰ্শনেৰে বক্তব্য প্ৰদানকৰে ৷ শ্ৰীৰামকৃষ্ণ, বিবেকানন্দ, শ্ৰীঅৰবিন্দৰ অনুৰাগী দিগন্ত বিশ্ব শৰ্মাই সাৰগৰ্ভ ভাষণ আগবঢ়াই সকলোকে আপ্লুত কৰে। স্বামী বিবেকানন্দ, যোগী অৰবিন্দ তথা ৰামকৃষ্ণ পৰমহংসৰ বাণী-আদর্শেৰে অনুপ্ৰাণিত হ’বলৈ আহ্বান জনাই শৰ্মাই বেদ-উপনিষদৰ উল্লেখনীয় ঘটনাৰ উল্লেখেৰে জীৱনদৰ্শন সম্পৰ্কে নিজৰ অনুভৱ ব্যক্ত কৰে ৷ মাজুলীৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত আৰু আভ্যন্তৰীণ মান নিৰীক্ষণ কোষৰ সহযোগত অনুষ্ঠিত বক্তৃতানুষ্ঠানৰ সঞ্চালনা কৰে উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জাহ্নৱী লহকৰ বৰুৱাই ৷ সভাত দিগন্ত বিশ্ব শৰ্মাৰ জীৱন দৰ্শনৰ ওপৰত আলোকপাত কৰে আভ্যন্তৰীণ মান নিৰীক্ষণ কোষৰ সমন্বয়ক তথা প্ৰবক্তা দুৰ্লভ বৰাই৷ সম্বৰ্ধনা অনুষ্ঠানৰ আঁত ধৰে প্ৰবক্তা ড° উপেন বৰাই৷ এই বক্তিতানুষ্ঠানত বৰবিল উচ্চ মাধ্যমিক বিদ্যালয় আৰু জোনাকী ছমহীয়াআটী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু একাংশ শিক্ষকে অংশগ্ৰহণ কৰে ৷
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড