নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিৰন্তৰ বিকাশৰ স্বাৰ্থত মাজুলীবাসীয়ে নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰিব : মুখ্যমন্ত্ৰী ড° শৰ্মা

🔹 মাজুলীত উপস্থিত হৈ নিৰ্মীয়মাণ দলঙৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে

নিয়মীয়া বাৰ্তা, ১ এপ্ৰিল : আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শাসকীয় দলৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযান মাজুলীৰ পৰা আৰম্ভ কৰে। কালি সন্ধিয়া গড়মূৰ বৰবাৰীস্থিত হেলিপৰ্টত অৱতৰণ কৰাৰ পিছতেই পোনতেই মুখ্যমন্ত্ৰীয়ে নামনি মাজুলীৰ মাজুলী-লখিমপুৰ সংযোগী নিৰ্মীয়মাণ চেলেক ধুনাগুৰি দলং নিৰ্মাণস্থলীত উপস্থিত হয়। মুখ্যমন্ত্ৰীয়ে দলং নিৰ্মাণকাৰ্য্যৰ শেহতীয়া অগ্ৰগতি পৰ্যবেক্ষণ কৰি দলং নিৰ্মাণকাৰী সংস্থা এছ পি চিংলাৰ প্ৰকল্প পৰিচালক প্ৰশান্ত সিংৰ লগতে সংস্থাটোৰ বিষয়া-অভিযন্তাৰ পৰা দলংৰ শেহতীয়া অগ্ৰগতি, কাৰিকৰী, বিত্তীয় সকলো দিশ সন্দৰ্ভত বুজ লয়। ইয়াৰ পিছতেই সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে দলং সন্দৰ্ভত কয়- চেলেক ধুনাগুৰি দলংৰ চেলেক দলংখন এই বছৰৰ ডিচেম্বৰ মাহত সম্পূৰ্ণ হৈ উঠিব। দলং সংযোগী পথসমূহ ২০২৫ বৰ্ষৰ মাৰ্চ মাহত সম্পূৰ্ণ হৈ উঠিব। চেলেক ধুনাগুৰিৰ মুঠ ৭৫০ মিটাৰ দৈৰ্ঘ্যৰ চেলেক অংশটো অহা ২০২৫ বৰ্ষৰ ব’হাগ বিহুৰ সময়ত ৰাইজৰ বাবে মুকলি কৰি দিয়া হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ইফালে, তেওঁ আৰু কয় যে দলংখনৰ ধুনাগুৰি অংশটোৰ ৮টা খুঁটা বাৰিষাৰ বাবে এই বৰ্ষত নিৰ্মাণ কৰিব পৰা নাযাব যদিও পানীৰ গভীৰতা, প্ৰকোপ ইত্যাদিলৈ লক্ষ্য কৰি ছেপ্টেম্বৰ-অক্টোবৰ মাহৰ পৰাহে উক্ত খুঁটাসমূহৰ কাম আৰম্ভ কৰিব পৰা যাব। বিশেষ অসুবিধা হ’লে আৰু দুটা মাহ পিছুৱাই গ’লেও অহা ২০২৬ বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ আগেয়ে দলংখন সম্পূৰ্ণ কৰি তোলাৰ বাবে চৰকাৰে চেষ্টা অব্যাহত ৰাখিব বুলি তেওঁ উল্লেখ কৰে। ৰাইজে নৰেন্দ্ৰ মোদীৰ কাম-কাজ পৰ্যবেক্ষণ কৰি ভোট প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কেৱল দলঙেই নহয়, মাজুলীয়ে আৰু বহুখিনি পাবলৈ বাকী আছে বুলি কয়। গতিকে মাজুলীৰ নিৰন্তৰ বিকাশৰ স্বাৰ্থত সকলোৱে নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰিব বুলি তেওঁ উল্লেখ কৰে। ইফালে, যোৰহাটৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক মুখ্যমন্ত্ৰীয়ে অকলশৰীয়া কৰি পেলালে নেকি বুলি সোধা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে যোৰহাট আমাৰ এটা ট্ৰেডিচনেল ছিট। ২০১৪ বৰ্ষৰ পৰা আমি জিকি আছোঁ। যোৰহাট এনেকুৱা নহয় যে আমি কাৰোবাৰ পৰা কাঢ়ি আনিব খুজিছোঁ। সেইটো আমাৰেই ছিট বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰদান বৰুৱা, সৰ্বানন্দ সোণোৱালে মাজুলীক জিলা কৰিলে, দলং হ’ল। মাজুলী যোৰহাটৰ সৈতে অন্তৰ্ভুক্ত হোৱাৰ পিছত তপন গগৈৰ হাতেৰে মাজুলী সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ অনুমোদন হ’ল। গতিকে ইমানখিনি কাম হৈ আছে, গতিকে মই নাভাবোঁ যে ক’ৰবাত কিবা অসুবিধা আছে । ইফালে, মুখ্যমন্ত্ৰীয়ে চেলেক ধুনাগুৰি সংযোগী দলং পৰিদৰ্শন কৰি পোনতেই যোৰহাট-মাজুলী সংযোগী দলংৰ অগ্ৰগতিৰ বুজ লয়। সন্ধিয়া দলংৰ অগ্ৰগতিৰ বুজ লৈ সাংবাদিকৰ সন্মুখত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যোৰহাট-মাজুলী দলংৰ কামেও অগ্ৰগতি লাভ কৰিছে। ২০২৬ বৰ্ষৰ ব’হাগ বিহুৰ দিনাই যোৰহাট-মাজুলী দলং মুকলি কৰি দিয়াৰ ধাৰণা কৰা হৈছে। কিয়নো দলং নিৰ্মাণৰ সমগ্র প্ৰক্ৰিয়া ব্ৰহ্মপুত্ৰৰ পানীৰ ওপৰত নিৰ্ভৰ কৰিছে। যিহেতু ব্ৰহ্মপুত্ৰৰ মাজত দলংৰ ৪২টা খুঁটা আছে। গতিকে দলংৰ ৱেলৰ পিছত এতিয়া পাইলিংৰ আধা কাম সম্পূৰ্ণ হৈছে। ফেৰী চলাচলৰ বাবে নদীৰ মাজত দুটা খুঁটাৰ কাম কৰিব পৰা নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ২০২৬ বৰ্ষত দলংৰ কাম সম্পূৰ্ণ হ’ব বুলি উল্লেখ কৰে। ইফালে, অফলামুখ আৰু নিমাতীত দুটা জাহাজ বন্দৰৰ কাম আৰম্ভ হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে দলং হৈ যোৱাৰ পিছতো পৰ্যটকসকলে ব্ৰহ্মপুত্ৰৰ মাজেৰে ঘূৰা-ফুৰা কৰিব পাৰিব বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে আৰু কয় যে বৰ্তমান মাজুলীৰ পৰা নিশাও ফেৰী চলাচল হয়। মাজুলীৰ ভূমি সুৰক্ষাৰ বাবে হেৰিটেজ ব্লক এণ্ড বেল্ট গঠন কৰা হৈছে। গতিকে মাজুলীৰ চাৰিওফালে এটা ভাল পৰিৱেশ হ’বলৈ গৈ আছে বুলি তেওঁ উল্লেখ কৰে। দলং নিৰ্মাণস্থলীতে দলং সংযোগী পথৰ বাবে অধিগ্ৰহণ হোৱা ভূমিৰ কৃষক পৰিয়ালে ক্ষতিপূৰণৰ দাবীৰে মুখ্যমন্ত্ৰীক অনুৰোধ জনায় আৰু মুখ্যমন্ত্ৰীয়ে সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰে। ইফালে, মুখ্যমন্ত্ৰীৰ সৈতে মাজুলীৰ বিধায়ক ভুবন গাম, ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱা, সম্পাদক ৰঞ্জন মহন্তকে ধৰি বিজেপিৰ অন্যান্য নেতা, কাৰ্যকৰ্তাই সংগ দিয়ে।

প্ৰেৰক প্ৰাঞ্জল খাউণ্ড

You might also like