নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাসোৎসৱ সামৰি আঘোণৰ পথাৰত ব্যস্ত মাজুলীবাসী

🔹  ৭,৫০০ হেক্টৰত শালি-১১,৩০০ হেক্টৰ ভূমিত বাওধান চপাইছে ৩০ হাজাৰ কৃষকে 
নিয়মীয়া বাৰ্তা, ১২ ডিচেম্বৰ : এতিয়া আঘোণৰ বতৰ। হেঁপাহৰ সোণগুটিৰ ভৰত ভৰুণ পথাৰত সোণগুটি বোটলাত ব্যস্ত কৃষিপ্ৰধান নদীদ্বীপ মাজুলীৰ ৩৪ হাজাৰ কৃষক পৰিয়াল। সাধাৰণতে  আঘোণৰ ব্যস্ততাপূৰ্ণ দিনবোৰৰ মাজতেই লুকাই আছে চহা অসমীয়া জীৱনৰ প্ৰকৃত মাদকতা, প্ৰকৃত ৰং। এই আঘোণৰ আছে সুকীয়া মাদকতা, তাৎপৰ্য্য আৰু এক বিশেষত্ব। সেই বিশেষত্ব বুজি পায় কেৱল এজন চহা কৃষকেহে। আহাৰ,  শাওণ, ভাদৰ প্ৰখৰ ৰ’দৰ উত্তাপ সহ্য কৰি হাল বাই, কোৰ মাৰি হেঁপাহেৰে ৰোৱা শালি, লাহী, জহা, মাচুৰী, ৰঞ্জিত, বাও  আদি  খেতিডৰা  চপাই  অনাত এতিয়া ব্যস্ত মাজুলীৰ কৃষক । সমানে মতলীয়া কৰে সোণোৱালী পথাৰত ব্যস্ত দাৱনীক। কি উজনি, কি নামনি আঘোণৰ পথাৰত ব্যস্ত কণমানি শিশুৰ পৰা বৃদ্ধলৈকে। ৰাসোৎসৱৰ পিছৰে পৰা এই ব্যস্ততা দেখিবলৈ পোৱা গৈছে মাজুলীৰ পথাৰসমূহত। পথাৰত লেছেৰি বোটলাৰ মাদকতা আজিৰ কিশোৰে লোৱা নাই যদিও ব্যস্ততাৰ শেষ নাই মাজুলীয়ালৰ ৷ পথাৰৰ শালি-লাহী ধানে ৰিঙিয়াই মাতিছে জাক জাক দাৱনীক। বতাহত হালি-জালি কথা পাতি থকা হেঁপাহৰ লখিমী থোক দেখি কবিৰ কলমতো নিগৰে কবিতা। বিহুনামৰ সুৰ, কনেঙৰ ওঁঠত নিগৰা ঐনিতম, হাঁহি-ধেমালি, ৰং-ৰহইচ কৰি কথা-বতৰা পাতি মতলীয়া হয় আঘোণৰ প্ৰেমত আতুৰ চহা অসমীয়া কৃষক পৰিয়াল । চাহ, ভাতৰ ব্যঞ্জনৰ লগতে ৰ’দত পথাৰৰ আলিত বহি ৰবাব টেঙাৰ সোৱাদ লোৱাৰ কথাই সুকীয়া হয় দাৱনীসকলৰ। দাৱনীয়ে ধানৰ মুঠিবোৰ শাৰী শাৰীকৈ সজাই ৰখা দৃশ্যই আপ্লুুুত কৰে বাটৰুৱাকো ৷ কৃষক ডেকাসকলে ডাঙৰি বান্ধি বিৰিয়াত ভঁৰাললৈ  ধান  কঢ়িওৱা দৃশ্য  দৃষ্টিনন্দন হৈ ধৰা দিয়ে সকলোৰে আগত ৷ তাৰে মাজতে পুৱাৰ কুঁৱলী আৰু সন্ধিয়াৰ নিয়ৰে আৱৰি ধৰা আঘোণৰ পথাৰৰ পৰিৱেশৰ মনোমোহা আচ্ছাদনে আকৰ্ষিত কৰে পৰ্যটককো ।  চৰকাৰী তথ্য মতে, মাজুলীৰ ৩৪ হাজাৰ কৃষক পৰিয়ালৰ ৩০ হাজাৰ কৃষক ধান খেতিৰ লগত জড়িত ৷  এই বৰ্ষত দ্বীপজিলা মাজুলীত বানপানী নোহোৱা বাবে ৭,৫০০ হেক্টৰ ভূমিত শালি, ১১,৩০০  হেক্টৰ ভূমিত  বাও খেতি কৰিছে মাজুলীৰ কৃষকে ৷ কৃষি বিভাগৰ মতে, এই কৃষকসকলে এবিঘা মাটিৰ শালি ধানত ৬ পৰা ৮ কুইণ্টল ধান পোৱাৰ বিপৰীতে বিঘাত ৫ৰ পৰা ৬ কুইণ্টল বাও ধান পোৱাৰ সম্ভাৱনা আছে  ৷ আনহাতে, মাজুলীৰ কৃষি বিভাগে এই বৰ্ষত মাজুলীৰ কৃষকসকলক প্ৰদান কৰা নুমলী, বীণা, শীতল শ্ৰেণীৰ জহা, ক’লা জহা, ভোগ জহা আৰু ৰঞ্জিত চাব-১ ধানে চাপৰি অঞ্চলৰ দ কৃষিভূমিত বিশেষ সফলতা লাভ কৰিব বুলি কৃষি বিভাগ আৰু অভিজ্ঞ কৃষকৰ পৰা জানিব পৰা গৈছে ৷ নামনি মাজুলীৰ আদৰ্শ কৃষক সুমন্ত বৰুৱাই প্ৰায় ১০ বিঘা মাটিত জহাধান কৰি উপকৃত হৈছে বুলি কৃষি বিভাগৰ সূত্ৰে প্ৰকাশ । পূৰ্বৰ দৰে আজিৰ মাজুলী ভোগালী নহ’লেও এতিয়াও মাজুলীত যেন ভোগৰ অন্ত পৰা নাই । এইবাৰ বানপানীত ক্ষতিগ্ৰস্ত নোহোৱা বাবে মাজুলীৰ কৃষকে যি হাৰত শালি খেতি চপাব পাৰিছে, সেইদৰে এই পৰিস্থিতি বাহাল থাকিলে মাজুলীত যেন উভতি আহিব হেৰাই যাবলৈ ধৰা ভোগৰ সোণোৱালী দিনবোৰ ।
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড
You might also like