বিশেষ বাৰ্তা, ১২ জুলাইঃ আজি পুৱা বেলা লখিমপুৰ নগৰত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। প্ৰায় ৫০ বছৰ পুৰণি এজোপা শিমলু গছ বাগৰি পৰি এজনৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক আহত হয় আৰু বহু যানবাহন, দোকান ঘৰ আদিৰ ক্ষতি হয়। নগৰৰ খেলমাটিত আজি পুৱা ১১ মান বজাত সংঘটিত হয় এই ঘটনা। খেলমাটিৰ জীৱন বীমা নিগমৰ কাৰ্য্যালয়ৰ সন্মুখত সদাব্যস্ত এন টি ৰোডত বাগৰি পৰে প্ৰকাণ্ড গছডাল। সমগ্র পথটো আগুৰি প্ৰকাণ্ড গছডাল বাগৰি পৰাৰ ফলত বহুকেইখন যান বাহন চুৰমাৰ হৈ পৰে। পদপথৰ দাঁতিত অস্থায়ীকৈ চাহৰ দোকান দিয়া খেলমাটি নিৱাসী জামাল উদ্দিন নামৰ বয়োজ্যেষ্ঠ দোকানীজনৰ দোকানৰ ওপৰতে গছডাল বাগৰি পৰাৰ ফলত গুৰুতৰভাৱে তেওঁ আহত হয়। ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ নিয়া হয় যদিও পথতে তেওঁৰ মৃত্যু হয়। আনহাতে এখন ই ৰিক্সাৰ আৰোহী এগৰাকী মহিলা আৰু এগৰাকী ছোৱালী আহত হয়। আহতসকলক ততাতৈয়াকৈ চিকিৎসাধীন কৰা হৈছে। এই ঘটনাৰ ফলত নগৰৰ যাতায়াত ব্যবস্থা বন্ধ হৈ পৰে। বিকল্প পথেৰে যান বাহনৰ চলাচল কৰাবলগীয়া হয়। নগৰ এলেকাত বিপজ্জনক ৰূপত থকা বৃহৎ বৃহৎ গছসমুহ বন বিভাগে নকটাৰ বাবেই আজি এনে ভয়ংকৰ ঘটনা ঘটিবলৈ পালে বুলি ৰাইজে ক্ষোভ প্রকাশ কৰিছে। উল্লেখ্য ৰাইজে জনোৱা মতে নগৰ এলেকাত বিপজ্জনক ৰূপত থকা একাংশ গছ কটাৰ বাবে বন বিভাগে আঁচনি লৈছিল। সেই অনুসৰি বিপদৰ আশংকা কঢ়িয়াই অনা একাংশ গছ চিনাক্ত কৰি চিহ্ন দিছিল বিভাগটোৱে। পিছে চিহ্নিত কৰাৰ পাছতো গছ কটাত গাফিলতি কৰাৰ বাবে ই আজি এই ভয়ংকৰ ঘটনা ঘটিবলৈ পালে। এজন খাটিখোৱা দৰিদ্ৰ লোকে অনাহকত প্ৰাণ হেৰুৱাবলগীয়া হল। এই লৈ এতিয়া ৰাইজে বন বিভাগৰ গাফিলতিৰ বাবে ক্ষোভ উজাৰিছে। উল্লেখ্য নগৰ এলেকাত কেৱল এই জোপা গছেই নহয়। একাধিক স্থানত বিপজ্জনক ৰূপত আছে কেইবাজোপা পুৰণি বৃহৎ আকাৰৰ গছ। জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত, আদালত ভৱনৰ সন্মুখতো হাউলি আছে বৃহৎ আকাৰৰ গছ। এইখিনি গছৰ ক্ষেত্রত তাৎক্ষণিকভাবে ব্যবস্থা গ্রহণ নকৰিলে আজিৰ দৰে ঘটনাৰ পুনৰাবৃত্তি ঘটি নিৰীহ লোকে প্ৰাণ হেৰুৱাৰ লগতে যান বাহন, সা সম্পত্তিৰ বিস্তৰ ক্ষতি হব পাৰে। সচেতন লোকে এইক্ষেত্ৰত তাৎক্ষণিকভাৱে ব্যবস্থা লবলৈ প্ৰশাসন আৰু বন বিভাগক দাবী জনাইছে।
প্ৰেৰক জীৱন গোস্বামী