নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰেইনকোট বুলি চুৰ কৰিলে পি পি কিট, সংক্ৰমিত চোৰ

নিয়মীয়া বাৰ্তা, ৫ আগষ্টঃ বিচিত্ৰ জগতত চিন্তাশক্তিৰ বিচিত্ৰতাও আমোদজনক। নাগপুৰৰ এটা ঘটনাই চকু কপালত তুলিছে নাগপুৰৰ নাগৰিকৰ লগতে প্ৰশাসনকো।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, নাগপুৰৰ এখন হাস্পতালত চিকিৎসাধীন হৈ আছিল নলাত পৰি দুৰ্ঘটনাগ্ৰস্ত হোৱা শাক-পাচলিৰ ক্ষুদ্ৰ ব্যৱসায়ী এগৰাকী। সাধাৰণভাৱে আহত ব্যৱসায়ীগৰাকীয়ে চিকিৎসালয়ৰ পৰা ঘৰলৈ অহাৰ সময়ত হাস্পতালত পৰি থকা পি পি কিট এটাও মনে মনে লৈ আহিল ৰেইনকোট বুলি।

ঘৰলৈ আহি ৰেইনকোটৰ আমেজ ল’বলৈ পিন্ধিও চালে তেওঁ। কিন্তু ওচৰ-চুবুৰীয়াই আকাশী ৰঙৰ পি পি কিট দেখি সন্দেহবশতঃ সুধিলে ক’ত পালে সামগ্ৰীবিধ। ব্যৱসায়ীগৰাকীয়ে ১০০০ টকাত কিনি অনা বুলি জনালে।

কিন্তু ক’ৰোনা আতংকত থকা ৰাইজে কথাটো সহজে নলৈ জিলা স্বাস্থ্য অধিকাৰীৰ কৰ্ণগোচৰ কৰিলে। স্বাস্থ্য অধিকাৰীয়ে পঠিওৱা আৰক্ষীয়ে আহি ৰেইনকোট দেখি বিচূৰ্তি খালে। শেষত লোকজনক নজৰত ৰাখি স্বাস্থ্যকৰ্মীৰ দলক খবৰ দিয়া হ’ল।

ক’ভিড টেষ্ট কৰা হ’ল তেওঁৰ। ৰেইনকোট পৰিধানকাৰী ব্যৱসায়ীৰ স্বাস্থ্য পৰীক্ষা কৰাত দেখা গ’ল তেওঁ কভিড-১৯ পজিটিভ।

এই ঘটনাই সকলোকে আমোদ দিলে যদিও নাগপুৰ প্ৰশাসনে কোনো হাস্পতালতে পি পি কিট অসাৱধানতাৰে নৰখাৰ নিৰ্দেশনা জাৰি কৰিলে।

You might also like