ডিজিটেল ডেস্ক, ৫ জানুৱাৰী : প্রিয় শিল্পীক অন্ধকাৰত ৰাখি তেওঁৰেই কষ্টোপার্জিত ধনেৰে সম্পত্তিৰ পাহাৰ গঢ়িছিল মেনেজাৰ সিদ্ধার্থ শর্মাই৷ জুবিন গার্গৰ হত্যাকাণ্ডৰ গোচৰ ছেছন আদালতত চলি থকাৰ সময়তে এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে৷ উল্লেখ্য যে ৰাজ্য চৰকাৰে গঠন কৰি দিয়া বিশেষ তদন্তকাৰী গোটে জুবিন গার্গৰ হত্যাকাণ্ডক লৈ তদন্ত অব্যাহত ৰখাৰ সময়ত অর্থাৎ বিগত অক্টোবৰ মাহত ছীল কৰিছিল ছয়গাঁৱত থকা মহাবীৰ একুৱা নামৰ পানীৰ বটল প্রস্তুত কৰা কোম্পানীটো৷ সিদ্ধার্থ শর্মা আৰু তেওঁৰ বন্ধু চেতন ধীৰাছৰিয়া মালিকানাধীন কোম্পানীটোত সিদ্ধার্থ শর্মাই বিনিয়োগ কৰিছিল এক কোটি ১০ লাখ টকা৷ এছআইটিয়ে তদন্তৰ সময়ছোৱাত উক্ত ধনৰ উৎস বিচাৰি তদন্ত অব্যাহত ৰখাৰ সময়ত কোম্পানীটো ছীল কৰি থৈছিল৷ পৰৱর্তী সময়ত সিদ্ধার্থ শর্মাক এছআইটিয়ে চলোৱা জেৰাত জুবিন গার্গৰ মাননিৰ পৰা পোৱা ধনৰ চান কাঢ়ি ৰাখি কোম্পানীটোত বিনিয়োগ কৰাৰ কথা স্বীকাৰ কৰিছিল মেনেজাৰ সিদ্ধার্থই৷ পৰৱর্তী সময়ত এছআইটিয়ে অভিযোগনামাত এই কথা উল্লেখ কৰিছিল৷
মাহৰ পিছত মাহ ধৰি বন্ধ হৈ থকা কোম্পানীটো পুনৰ মুকলি কৰাৰ বাবেই সিদ্ধার্থৰ ব্যৱসায়িক সহযোগী চেতন ধীৰাছৰিয়াই আদালতত আবেদন জনাইছিল৷ পৰহি আদালতত এছআইটিয়ে মহাবীৰ একুৱা বাজেয়াপ্ত কৰিবলৈ আদালতত আবেদন জনাইছিল৷ উক্ত আবেদনৰ পাছতে কোম্পানীটোৰ দুই মালিক সিদ্ধার্থ শর্মা আৰু চেতন ধীৰাছৰিয়াক আদালতে কাৰণ দর্শোৱাৰ জাননী প্রেৰণ কৰি কোম্পানীটো কি কাৰণত বাজেয়াপ্ত কৰিব নালাগে, তাৰ শপতনামা অহা ১৭ জানুৱাৰীৰ ভিতৰত দাখিল কৰিবলৈ নির্দেশ দিয়া বুলি জানিব পৰা গৈছে৷ কোম্পানীটোৰ প্রসংগ পোহৰলৈ অহাৰ পিছতে সমান্তৰালভাৱে খোল খাইছে সিদ্ধার্থ শর্মাৰ লুণ্ঠনৰ কাহিনীবোৰ৷ মাহেকত মাথোঁ ৫৭ হাজাৰ টকা দৰমহা পোৱা সিদ্ধার্থ শর্মাই কম সময়ৰ ভিতৰতে কোম্পানীটো আৰম্ভ কৰিছিল৷
এছআইটিয়ে অভিযোগনামাত দাখিল কৰা তথ্যৰ ভিত্তিত বিভিন্ন মাধ্যমত প্রকাশিত খবৰ অনুসৰি কোম্পানীটোত বিনিয়োগ কৰা ধনৰ এশ শতাংশই আছিল জুবিন গার্গৰ৷ দিনে–নিশাই স্বাস্থ্যৰ ক্ষতি কৰি হ’লেও অনুৰাগীৰ আশা পূৰণৰ বাবে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ অনুষ্ঠান পৰিৱেশন কৰিছিল জুবিন গার্গে৷ উক্ত অনুষ্ঠানসমূহত জুবিন গার্গে সংগীত পৰিৱেশন কৰিলেও অনুষ্ঠানসমূহৰ চুক্তি কৰিছিল মেনেজাৰ সিদ্ধার্থ শর্মাই৷ জুবিন গার্গৰ অজ্ঞাতে নির্ধাৰিত পৰিমাণতকৈ অধিক ধন অনুষ্ঠানৰ বাবে সংগ্রহ কৰিছিল সিদ্ধার্থ শর্মাই৷ অনুষ্ঠানৰ পাছত সংগীত পৰিৱেশনৰ বাবদ নির্ধাৰণ কৰা ধন বেংক একাউণ্টত নলৈ নগদ হিচাপে আদায় লোৱাত সদায়ে গুৰুত্ব দিছিল সিদ্ধার্থই৷ কোনোবা সমিতিয়ে একাউণ্টত ধন আদায় দিব বিচাৰিলেও অধিকাংশ ধন নগদ হিচাপে লৈ ন্যূনতম অংশহে একাউণ্টত আদায় দিয়াৰ নির্দেশ দিছিল সিদ্ধার্থ শর্মাই৷ এছআইটিয়ে তদন্তৰ সময়ত ৰাজ্যৰ কেইবাখনো বৃহৎ বিহু সমিতিৰ বিষয়ববীয়াৰ সাক্ষ্যগ্রহণ কৰাৰ সময়ত প্রতিগৰাকী কর্মকর্তাই মাননিৰ ধন সিদ্ধার্থ শর্মাই নগদ হিচাপে আদায় দিয়াৰ বাবে সদায়ে জোৰ দিছিল বুলি এছআইটিক জনাইছিল৷
আশ্চর্যজনকভাৱে কোনটো অনুষ্ঠানত কিমান ধন সমিতিসমূহে শিল্পীগৰাকীক অনুষ্ঠান পৰিৱেশনৰ বাবদ আদায় দিছিল, সেই সম্পর্কত অজ্ঞ আছিল জুবিন গার্গ৷ জীৱিত সময়ছোৱাত কোনোদিনে কাৰো পৰা পইচাৰ হিচাপ নিবিচৰা জুবিন গার্গে সিদ্ধার্থ শর্মাৰ ক্ষেত্রতো একেধৰণৰ আচৰণ কৰিছিল৷ শিল্পীগৰাকীৰ এই সৰলতাৰ পূৰামাত্রাই সুযোগ লৈ সিদ্ধার্থ শর্মাই প্রতিটো মাননিৰ পৰা গড়ে ২–৩ লাখকৈ টকা নিজৰ জেপত ভৰাইছিল৷ এনেদৰে অতি কম সময়ৰ ভিতৰতে জুবিন গার্গক লুণ্ঠন কৰি বৃহৎ সম্পত্তিৰ গৰাকী হৈ পৰিছিল মেনেজাৰ সিদ্ধার্থ শর্মা৷ ভৱিষ্যতে যাতে শিল্পীগৰাকীয়ে এই প্রৱঞ্চনাৰ আঁত ধৰিব নোৱাৰে, তাৰ বাবে চতুৰ সিদ্ধার্থই নগদ হিচাপত বহু পৰিমাণৰ ধন নিজৰ বিশ্বস্ত বন্ধুক আদায় দি পৰৱর্তী সময়ত তেওঁলোকৰ দ্বাৰা নিজৰ বেংক একাউণ্টত উক্ত ধনসমূহ সংগ্রহ কৰিছিল৷
বিশেষ সূত্রৰ পৰা জানিব পৰা মতে, দগাবাজ সিদ্ধার্থ শর্মাই নিজৰ কর্মচাৰী ধর্মেন্দ্র বৈশ্যক ১,৮৯,০০০ টকা, ঋষভ ফুলফাগাৰক ৪০ লাখ, বন্ধু ছাজন কুমাৰ জালানক ৫ লাখ, ইউৰেনাছ মাইণ্ডছ এণ্ড মিনাৰেলছৰ স্বত্বাধিকাৰী অমিত মণ্ডলক ১৫ লাখ টকা আদায় দিছিল৷ অমিত মণ্ডলেও সমুদায় ধন একেবাৰে সিদ্ধার্থ শর্মাৰ একাউণ্টত জমা নিদি তিনিটা ভাগ কৰি তিনিজনক দিছিল৷ উক্ত ধনৰাশিৰ ৫,০১,২০০ টকা সিদ্ধার্থ শর্মাৰ ভাতৃ দীপক শর্মাক দিয়াৰ লগতে ৫,১,৩০০ টকা প্রেয়সী প্রতীক্ষা দাস আৰু কর্মচাৰী মৃদুপৱন পাঠকক ৪,৯৭,০০০ টকা নগদ হিচাপে আদায় দিছিল৷ কিছুদিন পাছত এই সমুদায় ধন তেওঁলোকে সিদ্ধার্থ শর্মাৰ বেংক একাউণ্টত জমা দিছিল৷ যদিহে কিবা কাৰণত জুবিন গার্গে সন্দেহবশতঃ সিদ্ধার্থ শর্মাক ইমান ধন ক’ৰ পৰা আহিল বুলি প্রশ্ণ কৰে, তেন্তে ধাৰে দিয়া ধন আদায় দিয়া বুলি ক’বলৈ এনেধৰণে প্রস্তুতি চলাইছিল সিদ্ধার্থ শর্মাই৷
এক অর্থত ৰঘুমলাৰ দৰে প্রিয় শিল্পীগৰাকীক মুখত হাঁহি লৈ কেৱল লুণ্ঠনৰ উদ্দেশ্যে বেৰি ৰাখিছিল সিদ্ধার্থ শর্মাই৷ দুর্ভাগ্যবশতঃ অসমবাসীক আশাহত কৰা এই ঘটনা সংঘটিত নহ’লে পৰৱর্তী সময়ত জুবিন গার্গক লৈ আৰু কি বৃহৎ ষড়যন্ত্র মেনেজাৰ সিদ্ধার্থ শর্মাই ৰচিলেহেঁতেন সেয়া সপোনৰো অগোচৰ৷