নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিন্দী পৰীক্ষাৰ ’প্ৰথমা’ত নৱম স্থান মনমী ৰাভাৰ

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰ : অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ দ্বাৰা পৰিচালিত হিন্দী পৰীক্ষাৰ ‘প্ৰথমা’ত অসমৰ ভিতৰতে নৱম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে মনমী ৰাভাই। অতিকৈ ভিতৰুৱা অঞ্চল জগন্নাথঝাৰ নিবাসী শিক্ষক মুকুল ৰাভা আৰু দুলুমণি পাটোৱাৰী ৰাভাৰ জ্যেষ্ঠ কন্যা মনমী ৰাভাই সুনাম অৰ্জন কঢ়িয়াই অনাত গাঁওবাসীৰ লগতে অঞ্চলবাসী গৌৰৱাম্বিত। ওদালগুৰি জিলাৰ পৰা বাক্সা তথা তামুলপুৰ জিলাৰ সীমান্তৱৰ্তী মহৰিপাৰাস্থিত একলব্য বিদ্যা মন্দিৰত সপ্তম শ্ৰেণীত অধ্যয়নৰত মনমী ৰাভাই ভৱিষ্যতে এগৰাকী ভাল শিক্ষয়িত্ৰী তথা চিকিৎসক হোৱাৰ সপোন পুহি ৰাখিছে। নিজা গৃহ জগন্নাথঝাৰৰ পৰা দৈনিক সাত-আঠ কিলোমিটাৰ চাইকেল চলাই বিদ্যালয়লৈ অহা-যোৱা কৰে ৷ এনেকৈ কষ্ট কৰি ভিতৰুৱা গাঁৱলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱাত বিদ্যালয় কৰ্তৃপক্ষও যথেষ্ট উৎফুল্লিত ৷ উল্লেখ্য যে একলব্য বিদ্যামন্দিৰৰ পৰা এইবেলি মনমী ৰাভাৰ লগতে আন ছয়গৰাকী পৰীক্ষাৰ্থীয়ে হিন্দী পৰীক্ষাত অৱতীৰ্ণ হৈছিল, সকলোৱে বিশেষ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।

প্ৰেৰক প্ৰফুল্ল কুমাৰ বড়ো

You might also like