নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খালিস্তানী নেতা পান্নুনৰ বিৰুদ্ধে ‘নিয়া’ৰ গোচৰ ৰুজু

🔹 ইউএপিএ আইনৰ বিভিন্ন ধাৰা প্রয়োগ

বিশেষ বাৰ্তা, ২১ নৱেম্বৰ : খালিস্তানী সন্ত্রাস দমনৰ বাবে কঠোৰ পদক্ষেপ গ্রহণ কৰিছে কেন্দ্রীয় চৰকাৰে৷ এইবাৰ সন্ত্রাসবাদী গুৰপতৱন্ত সিং পান্নুনৰ বিৰুদ্ধে ইউ এ পি এ আইনত গোচৰ ৰুজু কৰিছে ৰাষ্ট্রীয় অনুসন্ধান সংস্থা (নিয়া)ই৷ ২০১৯ চনত পান্নুনৰ সংগঠন ‘শিখ ফৰ জাষ্টিচ’ক নিষিদ্ধ ঘোষণা কৰিছিল কেন্দ্রীয় চৰকাৰে৷ ২০২০ চনত পান্নুনক সন্ত্রাসবাদী ঘোষণা কৰিছিল কেন্দ্রীয় চৰকাৰে৷ নিয়াই কানাডা নিৱাসী পান্নুনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাৰ লগতে ইউ এ পি এ আইনৰ কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰা বুলি ঘোষণা কৰিছে৷ উল্লেখনীয় যে এয়াৰ ইণ্ডিয়াৰ বিমান বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিছিল খালিস্তানী নেতা পান্নুনে৷

You might also like