নিয়মীয়া বাৰ্তা, ২৬ জুনঃ ৰখীয়া নাই ! চৰকাৰী চিকিৎসালয়ত খোলা দুৱাৰ পাই দুই দামুৰীয়ে ষ্ট’ৰ ৰুমত সোমাই খালে বহু দৰকাৰী নথি-পত্ৰ | কি চলিছে স্বাস্থ্য বিভাগত ? গৰুৱে খালে চিকিৎসালয়ৰ বহু দৰকাৰী নথি | নগৰবেৰা খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ ষ্ট’ৰ ৰুমত সংঘটিত হৈছে এই নজিৰবিহীন ঘটনা | সোমবাৰে দুপৰীয়া নগৰবেৰাৰ চিকিৎসালয়ত সংঘটিত হয় এই আজৱ কাণ্ড, উদাসীন চিকিৎসালয় কৰ্তৃপক্ষ | অৱশেষত ৰোগীৰ আত্মীয়ইহে ভিতৰলৈ গৈ বাহিৰলৈ খেদি দিলে দুই দামুৰীক | ঘটনাটোক কেন্দ্ৰ কৰি আশ্চৰ্য প্ৰকাশ কৰে কৰ্মৰত চিকিৎসক-নাৰ্ছ আৰু উপস্থিত সচেতন লোক একাংশই | প্ৰশ্ন হয়- কি আছিল গৰুৱে খোৱা নথিবোৰত ? কিয় এনে অনুশাসনহীনতা? খোদ চিকিৎসকৰ মতেই ঠিক নহয় হেনো মেনেজমেণ্ট। তেনেক্ষেত্ৰত আগলৈ নগৰবেৰা চিকিৎসালয়ত ইয়াতকৈ আজব কিবা ঘটিলেও আচৰিত হ’বলৈ একো নাথাকিব।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস