মার্চৰ প্রথম সপ্তাহত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা
নিয়মীয়া বাৰ্তা ১ জানুৱাৰীঃ অহা মার্চৰ প্রথম সপ্তাহত অনুষ্ঠিত হ’ব ২০২১ বর্ষৰ উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ চূড়ান্ত পৰীক্ষা৷ ইতিমধ্যে পৰীক্ষা সুচাৰুৰূপে সম্পন্ন কৰিবলৈ প্রস্তুতি আৰম্ভ কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে৷ শিক্ষা সংসদৰ সচিব ড০ ৰমেশ চন্দ্র চুতীয়াৰ নেতৃত্বত গঠন কৰা হৈছে এখন উচ্চ পর্যায়ৰ কমিটী৷ চলিত বছৰৰ শেষৰ দিনটোত শিক্ষা সংসদৰ কার্যালয়ত এই সন্দর্ভত অনুষ্ঠিত হয় এখন বৈঠক৷ এই বৈঠকতে আগন্তুক বর্ষৰ বাবে শিক্ষা সংসদে হাতত লৈছে কেতবোৰ পদক্ষেপ৷ মহামাৰী ক’ৰোনা ভাইৰাছে জুৰুলা কৰা পৰীক্ষার্থীসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি এইবাৰ পৰীক্ষাত হ্রাস কৰিব ৩০ শতাংশ পাঠ্যক্রম৷ তদুপৰি পৰীক্ষা স্বচ্ছভাৱে অনুষ্ঠিত কৰিবলৈ হাতত লৈছে আন কেইবাটাও পদক্ষেপ৷ পূর্বে পৰীক্ষা সুচাৰুৰূপে সম্পন্ন কৰিব নোৱাৰা বহু কেন্দ্র কর্তন কৰিব শিক্ষা সংসদে৷ তদুপৰি এইবাৰ প্রথমবাৰৰ বাবে পৰীক্ষা কেন্দ্রৰ দায়িত্বত থকা শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে নিজৰ দক্ষতাৰ ওপৰত নিশ্চিত পত্রত স্বাক্ষৰ কৰি দিব লাগিব শিক্ষা সংসদৰ সচিবক৷ সমান্তৰালভাৱে প্রতিটো কেন্দ্রত সুউচ্চ দেৱাল, চিচি টিভি, নিকটৱর্তী ডাকঘৰ, চিকিৎসালয় থকাটো হ’ব বাঞ্ছনীয়৷ উল্লিখিত এই নীতি–নিয়ম নথকা এনে বহু পৰীক্ষা কেন্দ্রই এইবাৰ পৰীক্ষা পৰিচালনা কৰাৰ সুযোগ নাপাব বুলি স্পষ্ট কৰিছে শিক্ষা সংসদৰ সচিব ড০ ৰমেশ চন্দ্র চুতীয়াই৷ আনহাতে, শৈক্ষিক অনুমতি আৰু স্বীকৃতিৰ ক্ষেত্রতো আগন্তুক দিনবোৰত সাধিব সংস্কাৰ৷ বিষয়া–কর্মচাৰীৰ পদোন্নতিৰ পৰা নিযুক্তিলৈ এক আশাৰ সঞ্চাৰ সৃষ্টি হ’ব বুলি অৱগত কৰিছে সচিবগৰাকীয়ে৷ ইফালে পূর্বৰ লেখীয়াকৈ এইবাৰো শীর্ষ ১০ স্থানৰ ফলাফল অক্ষুণ্ণ থাকিব বুলি মন্তব্য কৰিছে শিক্ষা সংসদৰ অধ্যক্ষ ড০ দয়ানন্দ বৰগোহাঁয়ে৷