নিয়মীয়া বাৰ্তা ১৮ মেঃ মৰিগাঁও জিলাৰ পূৱ প্ৰান্তত অৱস্থিত এই গাঁওখনৰ নাম কুমাৰগাওঁ | গাওঁখনৰ প্ৰতিটো পৰিয়ালৰ জীৱিকাৰ একমাত্ৰ সম্বল হৈছে মৃৎশিল্প | গাওঁখনৰ পুৰুষ, মহিলা, আৱাল বৃদ্ধ বনিতা সকলোয়ে এই কৰ্মৰ লগত জড়িত | তেওঁলোকে প্ৰতিদিনে নিৰ্মাণ কৰি উলিওৱাই শ শ মাটিৰ কলহ, টেকেলী, মাটিৰ চাঁকিকে আদি কৰি বিভিন্ন ধৰনৰ মাটিৰে তৈয়াৰী সামগ্ৰী | উল্লেখ যে বিভিন্ন ধৰণৰ মাইক্ৰ ফাইনেন্সৰ পৰা ঋণ লৈ ব্যৱসায় কৰি আহিছে তেওঁলোকে| কিন্তু লকডাউনৰ সময়চোৱাত এই সকলৰ লোকৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে | প্ৰতিদিনে এই সমূহ সামগ্ৰী বজাৰত বিক্ৰী কৰি পৰিয়াল পোহপাল দি আহিছে যদিও এতিয়া বজাৰ বন্ধ হোৱাত পৰিয়াল সমূহৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে | আনহাতে এই উদ্যোগৰ বাবে চৰকাৰে আঁচনি লৈছে যদিও সৰহ সংখ্যক লোকেই এই আঁচনিৰ পৰা বঞ্চিত হৈ আহিছে | খাদ্য সংকটে দেখা দিয়া এই পৰিয়াল সমূহে এতিয়া বিচাৰিছে হৃদয়ৱান লোকৰ সহায়ৰ হাত আৰু চৰকাৰী সাহাৰ্য্য |