নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাপুৰৰ হঁহৰাত শতাধিক গাহৰিৰ মৃত্যু; গাঁওবাসীৰ মাজত হাহাকাৰ

নিয়মীয়া বাৰ্তা, ১৮ মেঃ ৰাজ্যখনৰ কেইবাখনো জিলাত আফ্রিকান ছোৱাইন ফিভাৰ ৰোগত শ শ গাহৰিৰ মৃত্যু হোৱাৰ পিছত এই ৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰিছে সোণাপুৰ থানাৰ অন্তর্গত হঁহৰাৰ কেইবাখনো গাঁৱত৷

জানিব পৰা মতে হঁহৰাৰ জমিদাবাৰী গাঁৱত কৃষ্ণা ৰাভাৰ ৯টা, তপন ৰাভাৰ ৪টা, ৰীতা ৰাভাৰ ২টা, ৰমেন ৰাভাৰ ৪টা, বিজয় ডেকাৰ ২টা, পুতুলী ৰাভাৰ ২টা, ৰহিলা ৰাভাৰ ৫টা, পুতুলা ৰাভাৰ ২টা, উজ্জ্বল ৰাভাৰ ৫টা, নিজৰা ৰাভাৰ ৪টা গাহৰিৰ মৃত্যু হৈছে৷ ইপিনে, নিকটৱর্তী নোৱা গাঁৱত বুলু ৰাহাঙৰ ১টা, আঘোণ ৰাহাং আৰু ধ্রুৱ কৰৰ ১টাকৈ পোহনীয়া গাহৰিৰ আফ্রিকান ছোৱাইন ফিভাৰত মৃত্যু হৈছে৷ তদুপৰি হঁহৰা অঞ্চলটোৰ আৰু কেইবাখনো গাঁৱত বহু গাহৰিৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে৷

উল্লেখ্য যে ভিতৰুৱা গ্রাম্য অঞ্চলটোৰ লোকসকলে গাহৰি পালন কৰি স্বাৱলম্বী হৈছিল৷ কিন্তু হঠাৎ এই মহামাৰী ৰোগত গাহৰিবোৰৰ মৃত্যু হোৱাত চিন্তিত হৈছে গাঁওবাসী৷ অঞ্চলটোত শতাধিক গাহৰিৰ মৃত্যু হোৱাৰ খবৰ পোৱাৰ লগে লগে আজি গাঁওকেইখনত উপস্থিত হয় বিশিষ্ট সমাজসেৱক ডাঃ শৈলেন কলিতা, কামৰূপ মহানগৰ জিলা পৰিষদৰ সভানেত্রী চিৰমণি কোঁৱৰ আৰু হঁহৰা গাঁও পঞ্চায়তৰ সভাপতি হেমন্ত শর্মা৷ এই ৰোগ যাতে ওচৰৰ গাঁৱলৈ বিয়পিব নোৱাৰে তাৰ বাবে মৃত্যু হোৱা গাহৰিবোৰ মাটিত দকৈ গাঁত খান্দি পুতি থ’বলৈ ৰাইজক আহ্বান জনায় শৈলেন কলিতাই৷ বিভাগীয় কর্তৃপক্ষক অৱগত কৰাই গাহৰি পালকসকলক কিছু সাহায্য দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলিও উল্লেখ কৰে ডাঃ কলিতাই৷

ইপিনে, চিৰমণি কোঁৱৰে কয় যে এইক্ষেত্রত গাহৰি পালকসকল হতাশ নহৈ অতি সাৱধানেৰে জীৱিত গাহৰিবোৰ পোহপাল কৰি স্বাৱলম্বী হ’বলৈ তেওঁ অনুৰোধ কৰে৷ এইক্ষেত্রত ৰাইজ সজাগ হোৱাৰ লগতে গাহৰি বিক্রীৰ লগতে মাংস নাখাবলৈ ৰাইজক বিনম্র অনুৰোধ কৰিছে চিৰমণি কোঁৱৰে৷

You might also like