নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫ ডিচেম্বৰৰ পৰা ধুবুৰীৰ গুৰুদ্বাৰাত শ্বহিদী দিৱস

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ অহা ১৫ ডিচেম্বৰৰ পৰা ধুবুৰীৰ ঐতিহ্যমণ্ডিত “শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব গুৰুদ্বাৰা”ত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব এইবেলিৰ ৩৪৮সংখ্যক শ্বহিদী দিৱস। শ্বহিদী দিৱসৰ কাৰ্য্যসূচীক লৈ এতিয়াৰে পৰা তুমুল ব্যস্ততা আৰম্ভ হৈছে ধুবুৰীৰ গুৰুদ্বাৰাত; বৰ্তমানে চলিছে ৰং কৰি সজাই-পৰাই তোলাৰ কাম। উল্লেখ্য যে কেৱল টেগ বাহাদুৰেই নহয়, শিখসকলৰ প্ৰথম ধৰ্মগুৰু গুৰু নানকৰো পদাৰ্পণ ঘটিছিল ধুবুৰীৰ এই গুৰুদ্বাৰা থকা স্থানটোত। পিছত শিখসকলৰ নৱম গুৰু টেগ বাহাদুৰৰ আগমন ঘটিছিল ধুবুৰীত আৰু তেওঁ বৰলুইতৰ পাৰত অনন্য সুন্দৰ এই গুৰুদ্বাৰাটো স্থাপন কৰিছিল৷ উল্লেখ্য যে, শিখ ধৰ্মাৱলম্বী লোকৰ  মাজত অতি পৱিত্ৰ বুলি বিবেচিত শ্বহিদী দিৱসৰ কাৰ্যসূচীত কেৱল অসম বা উত্তৰ পূৰ্বাঞ্চলৰেই নহয়; দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰাও পূণ্যাৰ্থী আহি উপস্থিত হয় ধুবুৰীত৷  শ্বহিদী দিৱসৰ সৈতে সংগতি ৰাখি গুৰুদ্বাৰাটোৰ সমীপতে থকা ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত বহে তিনিদিনীয়া এটা মেলাও। কেৱল শিখ ধৰ্মাৱলম্বী লোকেই নহয়, শ্বহিদী দিৱসলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰে ধুবুৰীৰ সৰ্বস্তৰৰ ৰাইজেও। শ্বহিদী দিৱসৰ দিন কেইটাত সমগ্ৰ চহৰখনতেই সৃষ্টি হয় এক উখল-মাখল পৰিৱেশৰ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like