নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোত এক্সেভেটৰে খন্দা গাঁতত পৰি হাতী পোৱালিৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰ : পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ শিংৰা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত হাহিম খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ এলেকা হাহিমত এটি বনৰীয়া হাতীৰ পোৱালিৰ মৃত্যুৱে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। খবৰ অনুসৰি দেওবাৰে নিশা হাহিমৰ এটা দ খাৱৈত পৰি কৰুণ মৃত্যুক সাৱটিৱ লগা হৈছে বনৰীয়া হাতীৰ এটি পোৱালীয়ে। হাহিমৰ শিংৰা নৈৰ পাৰত উদ্ধাৰ হৈছে বনৰীয়া হাতীৰ মৃত পোৱালীটোৰ। কৰুন মৃত্যুক সাৱটি লোৱা বনৰীয়া পোৱালি হাতিটোৰ বয়স ১০ৰ পৰা ১৫ দিনীয়া বুলি জানিব পৰা গৈছে। উল্লেখ্য যে হাহিমত এস্কাভেটৰেৰে অবৈধভাৱে বালি, চেণ্ডগ্ৰেভেল খনন কৰা দ গাঁতত পৰি হাতীৰ পোৱালিটোৰ মৃত্যু হোৱা বুলি স্থানীয় একাংশই এক অভিযোগ উথ্বাপন কৰিছে।ইয়াৰ লগতে হাতী পোৱালিটোৰ মৃত্যু হোৱা বালি আৰু চেণ্ডগ্ৰেভেল খনন কৰা দ গাঁতৰ পৰা পোৱালিটোক অন্য ঠাইলৈ স্থানান্তৰ কৰা বুলিও এক অভিযোগ উথ্বাপন কৰিছে স্থানীয় একাংশই। ঘটনাস্থলীত বন বিভাগৰ লোকৰ লগতে বকো আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ফনীন্দ্ৰ নাথ, বকো ৰাজহ চক্ৰ বিষয়া দিৱস বৰদলৈ আৰু ছয়গাঁও ৰাজহ চক্ৰৰ বিষয়া নিৰ্মলজ্যোতি শৰ্মা উপস্থিত হৈ ঘটনাৰ বুজ লয়। জানিব পৰা মতে নিৰাপত্তাজনিত স্বাৰ্থত হাহিম অঞ্চলত এদিনৰ বাবে ১৪৪ ধাৰা জাৰি কৰিছে প্ৰশাসনে।উল্লেখ্য যে মৃত্যু হোৱা বনৰীয়া পোৱালি হাতীটোৰ মৰোণোত্তৰ পৰীক্ষা কাইলৈ দিনৰ ভাগত কৰা হব বুলি পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া ডিম্পী বৰাই জানিবলৈ দিয়ে। খবৰ অনুসৰি বিগত কিছুদিন ধৰি হাতীৰ জাক এটিয়ে বিচৰণ কৰি আছে অঞ্চলটোত।

প্ৰেৰক প্ৰীতম বায়ন

You might also like