নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাৰ কঢ়া নৈত সমূহীয়া মৎস্য চিকাৰ

নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চ : ৰাজ্যত বলিছে এতিয়া লোকসভা নিৰ্বাচনৰ গৰম বতাহ। নিৰ্বাচনৰ গৰম বতাহৰ মাজতে দেওবাৰে ঢকুৱাখনাৰ কঢ়া নৈত দেখা গ’ল এক নান্দনিক পৰিৱেশ । পুৱাই ওলাই আহিল জাকে জাকে গঞা। সমূহীয়া মৎস্য চিকাৰৰ বাবে সহস্ৰাধিক লোক নামিল কঢ়া নৈত। জাল, জাকৈ, খালৈ, পল’ লৈ পানীত নামিল ডেকা, গাভৰু, জীয়ৰী-বোৱাৰী। পুৱাই কঢ়া নৈত দেখিবলৈ পোৱা গ’ল উৎসৱমুখৰ পৰিৱেশ। জাকি মাৰি মাছ ধৰিবলৈ পানীত নামিল পশ্চিম ঢকুৱাখনাৰ পঞ্চায়তৰ দহখনৰো অধিক গাঁৱৰ ডেকা-বুঢ়া, পুৰুষ-মহিলা। পৰম্পৰাগতভাৱে মাৰ্চ মাহৰ শেষৰ দুটা দেওবাৰে অঞ্চলটোৰ জালভাৰী, বামুণ গাওঁ, খজোৱা, ১নং বান্তৌ, ১নং বান্তৌ, চেতিয়া গাঁও, সুঁতিমুখ আদিকে ধৰি কেইবাখনো গাঁৱৰ গঞাই কঢ়া নৈত মৎস্য চিকাৰ কৰে।ৰাজনীতিৰ মেৰপেঁচত পৰি জাতি-ধৰ্ম-বৰ্ণ বিন্যাস কৰাৰ বিপৰীতে কঢ়া নৈৰ পাৰত পৰম্পৰাগত মৎস্য চিকাৰেৰে গঢ়ি তুলিলে সমন্বয়ৰ সাঁকো। কঢ়া নৈত দেখিবলৈ পোৱা গ’ল মৎস্য চিকাৰৰ এক উথপথপ পৰিৱেশ ৷ কি ডেকা, কি গাভৰু, শহুৰ-শাহু আৰু বোৱাৰী সকলোৱে একেলগে নামিল মাছ ধৰিবলৈ ৷ মৎস্য চিকাৰত বহুতে পুঠি, খলিহনা, গৰৈ, শিঙি মাছ লৈ সান্ত্বনা লাভ কৰাৰ বিপৰীতে আন কাৰোবাৰ হাতত পৰিছে প্ৰকাণ্ড ভকুৱা, ৰৌ, বৰালি,শ’ল-শাল। ৰাইজে পূৰ্বৰ তুলনাত মাছৰ সংখ্যা ভালেখিনি হ্ৰাস পোৱা বুলি জানিবলৈ দি ইয়াৰ বাবে কোনেও খেদ প্ৰকাশ নকৰি বহু আকাংক্ষিত দিনটো আনন্দ-উলাহেৰে জীপাল কৰি তোলে। উল্লেখ্য যে পশ্চিম ঢকুৱাখনা পঞ্চায়তৰ এইসকল গঞাই অতীজৰে পৰাই চলাই আহিছে এই বিশেষ পৰম্পৰা। যাক লৈ প্ৰতিবছৰে কঢ়া নৈত মৎস্য চিকাৰৰ বাবে গাঁওকেইখনত সৃষ্টি হয় উৎসৱমুখৰ পৰিৱেশ। সমান্তৰালকৈ মাছ ধৰি জুইত পুৰি নৈৰ পাৰত বহি দুপৰীয়াৰ এসাঁজ খালে বহু পুৰুষ-মহিলাই।আনকি বহু যুৱকে আকৌ নৈৰ পাৰতেই বিহুগীত জুৰি আনন্দত মতলীয়া হৈ পৰা দৃশ্যই এক নান্দনিক পৰিৱেশৰ প্ৰতিফলন ঘটায়৷

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like