নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনীৰ লাউকুৰীগুৰিত পথ নিৰ্মাণৰ দাবীত ৰাইজৰ প্ৰতিবাদ 

নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চ : বিজনীৰ লাউকুৰীগুৰিত পথ নিৰ্মাণ কৰি দিয়াৰ দাবীত গাঁৱৰ ৰাইজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। দুদিনমান অলপ বৰষুণৰ পিছতে গাঁৱৰে লোকে খোজ কাঢ়িব পৰা নাই। দীৰ্ঘদিন ধৰি পথৰ এনে অৱস্থাৰ পিছত বিভাগীয় কৰ্তৃপক্ষক দাবী জনাই আহিছে যদিও কোনো গুৰুত্ব আৰোপ কৰা নাই। আজি গাঁৱৰ শতাধিক লোকে ওলাই আহি পথৰ মাজত প্ৰতিবাদ সাব্যস্ত কৰে। নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দলৰ নেতাসকলে পথ নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল  যদিও আজিলৈকে এটা পথৰো কাম নকৰিলে জনপ্ৰতিনিধিসকলে। ৰাইজৰ দাবী- যিহেতু আগন্তুক লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিছে, তাৰ পূৰ্বে আমাৰ গাঁৱৰ সকলো পথ নিৰ্মাণ কৰি নিদিলে এইবাৰ নিৰ্বাচনত ভোট বৰ্জন কৰিব। ৰাস্তা আমাক লাগিবই, অকল ভোটৰ ৰাজনীতি কৰিলে নহ’ব, BTC চৰকাৰ গো বেক, ইউপিপিএল চৰকাৰ গো বেক, বিজেপি চৰকাৰ গো বেক, প্ৰমোদ বড়ো হায় হায়, বিটিআৰৰ ই এম ধনঞ্জয় বসুমতাৰী হায় হায়, বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায় মুৰ্দাবাদ আদি শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ।

প্ৰেৰক বৰ্ণালী তালুকদাৰ

You might also like