অসম আৰক্ষীত ব্যাপক সালসলনিঃ ৩৭ আৰক্ষী অধীক্ষক পর্যায়ৰ বিষয়াক বদলি গৃহ বিভাগৰ
নিয়মীয়া বাৰ্তা, ১৫ মে’: ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি মিত্রজোঁট চৰকাৰে দায়িত্বভাৰ গ্রহণ কৰাৰ পাছত অসম আৰক্ষীৰ শীর্ষ মহলত প্রথমটো বৃহৎ সালসলনি কৰিছে৷ সেই অনুসৰি দক্ষিণ শালমাৰাৰ আৰক্ষী অধীক্ষক কংকনজ্যোতি শইকীয়াক অসম আৰক্ষীৰ মুখ্য কার্যালয়লৈ, নলবাৰীৰ আৰক্ষী অধীক্ষক অমনজিৎ কৌৰক এআইজি (প্রশাসন), তিনিচুকীয়াৰ এছপি নিমবালকৰ ভি চন্দ্রকান্তক কাছাৰৰ আৰক্ষী অধীক্ষক, শিলাদিত্য চেতিয়াক শোণিতপুৰৰ আৰক্ষী অধীক্ষক, কোকৰাঝাৰৰ এছ পি ৰাকেশ ৰৌছনক শিৱসাগৰৰ আৰক্ষী অধীক্ষক, ধুবুৰীৰ এছ পি আনন্দ মিশ্রক নগাঁৱৰ আৰক্ষী অধীক্ষক, কাহিলিপাৰাৰ দশম আৰক্ষী বেটেলিয়নৰ অধিনায়ক অংকুৰ জৈনক যোৰহাটৰ আৰক্ষী অধীক্ষক, এআইজি (আইন–শৃংখলা) গৌৰৱ উপাধ্যায়ক চিৰাঙৰ আৰক্ষী অধীক্ষক, ডিব্রুগড়ৰ আৰক্ষী অধীক্ষক থুবে প্রতীক বিজয় কুমাৰক কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক, হামৰেনৰ এছ পি ৰমনদ্বীপ কৌৰক হাইলাকান্দিৰ আৰক্ষী অধীক্ষক, বৰপেটাৰ এছ পি ৰবীন কুমাৰক গোলাঘাটৰ আৰক্ষী অধীক্ষক, কাছাৰৰ এছ পি ভৱৰলাল মীনাক ভিজিলেঞ্চ আৰু এণ্টি কৰাপচনৰ আৰক্ষী অধীক্ষক, গোলাঘাটৰ এছ পি পুষ্পৰাজ সিঙক কার্বি আংলঙৰ আৰক্ষী অধীক্ষক, নগাঁৱৰ এছ পি গৌৰৱ অভিজিৎ দিলীপক ধুবুৰীৰ আৰক্ষী অধীক্ষক, মাজুলীৰ এছ পি অপর্ণা এনক মৰিগাঁৱৰ আৰক্ষী অধীক্ষক, গুৱাহাটীৰ ডিচিপি (ক্রাইম) বৰুণ পুৰকায়স্থক হোজাইৰ আৰক্ষী অধীক্ষক, চৰাইদেউৰ এছ পি শ্বেতংক মিশ্রক ডিব্রুগড়ৰ আৰক্ষী অধীক্ষক, কোকৰাঝাৰৰ সপ্তম আৰক্ষী বেটেলিয়নৰ অধিনায়ক শুভ্রজ্যোতি বৰাক গুৱাহাটীৰ ডিচিপি (ইষ্ট), ওদালগুৰিৰ তৃতীয় আৰক্ষী বেটেলিয়নৰ অধিনায়ক মোহনলাল মীনাক গুৱাহাটীৰ ডিচিপি (ক্রাইম), শোণিতপুৰৰ এছ পি মুগ্ধজ্যোতি মহন্তক মুখ্য কার্যালয়লৈ, গুৱাহাটীৰ ডিচিপি (ছিকিউৰিটী এণ্ড ইণ্টেলিজেনছ) বেদান্ত মাধৱ ৰাজখোৱাক লখিমপুৰৰ আৰক্ষী অধীক্ষক, কার্বি আংলঙৰ এছ পি দেৱজিত দেউৰীক তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক, গুৱাহাটীৰ ডিচিপি (ইষ্ট) গৌতম বৰাক মাজুলীৰ আৰক্ষী অধীক্ষক, হোজাইৰ এছ পি মানৱেন্দ্র দেৱৰয়ক দশম আৰক্ষী বেটেলিয়নৰ অধিনায়ক, বিশ্বনাথৰ এছ পি ৰাজেন সিঙক বাক্সাৰ আৰক্ষী অধীক্ষক, চিৰাঙৰ এছ পি সুধাকৰ সিঙক চৰাইদেউৰ আৰক্ষী অধীক্ষক, লখিমপুৰৰ এছ পি লংনিট তেৰাঙক এআইজি (আইন–শৃংখলা), বঙাইগাঁৱৰ এছ পি সুবোধ সোণোৱালক মানকাছৰৰ আৰক্ষী অধীক্ষক, যোৰহাটৰ এছ পি মৃণাল তালুকদাৰক সপ্তম আৰক্ষী বেটেলিয়নৰ অধিনায়ক, শিৱসাগৰৰ এছ পি অমিতাভ সিন্হাক বৰপেটাৰ আৰক্ষী অধীক্ষক, সুশান্ত বিশ্ব শর্মাক দৰঙৰ আৰক্ষী অধীক্ষক, ওদালগুৰিৰ এছ পি ৰিপুল দাসক বিশ্বনাথৰ আৰক্ষী অধীক্ষক, অভয়াপুৰীৰ অষ্টম আৰক্ষী বেটেলিয়নৰ অধিনায়ক অজগৱাৰণ বসুমতাৰীক হামৰেনৰ আৰক্ষী অধীক্ষক, মৰিগাঁৱৰ এছ পি নন্দ সিঙক মুখ্য কার্যালয়লৈ আৰু হাইলাকান্দিৰ এছ পি পবীন্দ্র কুমাৰ নাথক নলবৰীৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে৷ এইদৰে আৰক্ষী অধীক্ষক পর্যায়ত মুঠ ৩৭টা সালসলনি কৰা হৈছে৷