নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়াৰ বাঘজানৰ তৈল খাদত ভয়ংকৰ অগ্নিকাণ্ড; ৮০ কিলোমিটাৰৰ পৰা প্ৰত্যক্ষ জুইৰ লেলিহান শিখা

নিয়মীয়া বাৰ্তা, ৯ জুনঃ ডুমডুমাৰ বাঘজান গাঁৱত অইল ইণ্ডিয়া কর্তৃপক্ষৰ চূড়ান্ত মইমতালিৰ বাবেই বিগত ১০ দিনে খনন অব্যাহত ৰখা ৰীগৰ পৰা অবিৰত গেছ–তেল নির্গত হৈ এটা বৃহত্তৰ অঞ্চলত প্রলয় সৃষ্টি কৰা ঘটনাই  দেশজুৰি চাঞ্চল্য সৃষ্টি কৰাৰ সময়তেই বাঘজান তৈলখাদত আজি পুনৰ জুই জ্বলি অধিক ভয়াৱহ হৈ পৰে পৰিস্থিতি । প্ৰায় ৮০ কিলোমিটাৰৰ পৰা প্ৰত্যক্ষ কৰা হৈছে এই জুইৰ লেলিহান শিখা ।
উল্লেখ্য যে,  ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যানৰ সমীপত তথা ডিব্রু নৈৰ পাৰৰ বাঘজান গাঁওস্থিত অইল ইণ্ডিয়া লিমিটেডৰ বি জি আৰ ৫ নম্বৰ তেলখাদটোত যোৱা ২৭ মে’ৰ পুৱা প্রচণ্ড শব্দৰে বিস্ফোৰণ সংঘটিত হোৱাৰ পাছতো আজি পৰ্যন্ত গেছ আৰু তেল নির্গমন বন্ধ হোৱা নাই৷
ফলত সমগ্র এলেকাটোৰ জনসাধাৰণৰ মাজত এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে৷ যিকোনো মুহূর্তত জুই জ্বলি এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা ঘনীভূত হৈ পৰিছে ৷ অৱশ্যে অইল ইণ্ডিয়া লিমিটেডে যুদ্ধকালীন তৎপৰতাৰে গেছ–তেল নির্গমন বন্ধ কৰিবলৈ চেষ্টা চলাই আছে৷
অধিক উচ্চ চাপত নির্গত হৈ থকা গেছ আৰু কনছেট তেলৰ নির্গমন বন্ধ কৰিবলৈ অ’ এন জি চিৰ বদোদাৰাৰ পৰা অহা বিশেষজ্ঞ দলে কাম কৰি আছে যদিও প্রচণ্ড শব্দৰে গেছ আৰু তেল নির্গমন হৈয়েই আছে৷ গেছৰ লগতে কনছেট তেলৰ নির্গমন হৈ বৰষুণৰ দৰে পৰি থকাৰ ফলত এলেকাটোৰ চৌপাশৰ গছ–গছনিৰ বিস্তৰ ক্ষতি হৈছে৷
You might also like