নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰতিষ্ঠা দিৱসত গীত-নৃত্যৰে জীপাল মথুৰাপুৰ সমন্বয় সংগীত বিদ্যালয়

নিয়মীয়া বাৰ্তা, ১০ ছেপ্টেম্বৰ : মথুৰাপুৰ সমন্বয় সংগীত বিদ্যালয়ৰ অষ্টম সংখ্যক প্ৰতিষ্ঠা দিৱস আজি মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত পালন কৰা হয় ৷ ২০১৬ চনত প্ৰতিষ্ঠা লাভ কৰা সংগীত বিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱা বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক নিৰোদ বৰঠাকুৰে ৷ ইয়াৰ পিছতে বিদ্যালয়খনৰ অধ্যক্ষা মঞ্জু বৰুৱা ৰাজকোঁৱৰে আঁত ধৰা অনুষ্ঠানটি উদ্বোধন কৰে বিশিষ্ট সাংস্কৃতিক কৰ্মী সংগীত শিক্ষক প্ৰবীণ হাজৰিকাই ৷ ইয়াৰ পূৰ্বে সংগীত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে সমৱেত সংগীত পৰিৱেশন কৰে। ইফালে, প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি এক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ৷ য’ত শিশু আৰু কিশোৰ-কিশোৰীসকলে বিভিন্ন গীত-নৃত্যৰে অনুষ্ঠানটো জীপাল কৰি তোলাৰ লগতে উপস্থিত ৰাইজক আপ্লুত কৰে ৷ সভাত সাংবাদিক প্ৰণৱ বৰগোহাঁই, কৃতী শিক্ষয়িত্ৰী দীপা গগৈকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকি বক্তব্য আগবঢ়ায় ৷

প্ৰেৰক দুষ্যন্ত নাথ

You might also like