অসম বিধানসভা নিৰ্বাচনৰ দিন কেতিয়া? ঘোষণা কৰিব আজি
নিয়মীয়া বাৰ্তা ২৬ ফেব্ৰুৱাৰীঃ আজি আবেলি ৪.৩০ বজাত দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্তৰ সংবাদমেল অনুষ্ঠিত কৰিছে । নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হ’ব নিৰ্বাচন আয়োগৰ সংবাদমেল ।
অসমকে ধৰি দেশৰ পাঁচ ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে এই সংবাদ মেলখনত।চলিত বৰ্ষত অসমৰ লগতে দেশৰ পাঁচ ৰাজ্য ক্ৰমে কেৰলা, তামিলনাডু, পণ্ডিছেৰী, আৰু পশ্চিমবংগত বিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব । ৰাষ্ট্ৰীয় সংবাদ মাধ্যত প্ৰকাশিত খবৰ মতে ৫ ৰাজ্যৰ ভোটগণনা একেদিনাই অনুষ্ঠিত হব। লগতে অহা ১ মেৰ আগতেই পাঁচ খন ৰাজ্যৰ নতুনকৈ বিধানসভা গঠন কৰা হ’ব।
উল্লেখ্য যে অসমত কেইটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব সেইটো আজি ঘোষণা কৰা হ’ব। ২০১৬ চনত দুটা পৰ্যায়ত অনুষ্ঠিত হৈছিল নিৰ্বাচন। যদি আজি দিন ঘোষণা কৰা হয় তেতিয়া আজিৰ পৰাই বলৱৎ হ’ব নিৰ্বাচনী আচৰণ বিধি।