নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আহমেদাবাদৰ দিবা–নৈশ টেষ্টত দিশহাৰা ইংৰাজ বাহিনী; ১১ উইকেটেৰে অক্ষৰ মেচৰ শ্রেষ্ঠ

নিয়মীয়া বাৰ্তা ২৬ ফেব্ৰুৱাৰীঃ বেটছমেনৰ বধ্যভূমিত পৰিণত হোৱা আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত দুদিনতে জিকিল টীম ইণ্ডিয়া৷  ৰাষ্ট্রপতিয়ে মুকলি কৰা বিশ্বৰ বৃহত্তম ক্রিকেট ষ্টেডিয়ামখনত কালি টীম ইণ্ডিয়াই শক্তিশালী ইংলেণ্ডক দিশহাৰা কৰি বহুপ্রত্যাশিত দিবা–নৈশ টেষ্টত ১০ উইকেটত সহজ জয় সাব্যস্ত কৰে৷ মাত্র ৪৯ ৰানৰ লক্ষ্যৰ পিছ লৈ ঘৰুৱা দলটোৱে ৭.৪ অভাৰতে কোনো উইকেট নেহেৰুৱাকৈ জয় সাব্যস্ত কৰিবলৈ সক্ষম হয়৷

অ’পেনাৰ ৰোহিত শর্মাই ২৫ আৰু শুভমন গীলে ১৫ ৰানত অপৰাজিত হৈ ৰয়৷ ইয়াৰ পূর্বে ভাৰতৰ উদীয়মান বাঁওহতীয়া স্পীনাৰ অক্ষৰ পেটেল আৰু তাৰকা অফ স্পীনাৰ ৰবিচন্দ্রন অশ্বিনৰ যাদুকৰী স্পীনৰ সন্মুখত তিষ্ঠিব নোৱাৰি ইংলেণ্ডে মাত্র ৮১ ৰানতে দ্বিতীয় ইনিংছ সামৰাত দ্বিতীয় দিনাই ভাৰতৰ জয় নিশ্চিত হয়৷

স্পীন সহায়ক মটেৰাৰ উইকেটত ইংৰাজ বাহিনীয়ে মাত্র ৩০.৪ অভাৰহে বর্তি থাকিবলৈ সক্ষম হয়৷ দলটোৰ হৈ অলৰাউণ্ডাৰ বেন ষ্ট’কছে সর্বাধিক ২৫, অধিনায়ক জ’ ৰুটে ১৯, অলি পপে ১২ ৰান কৰাৰ বাহিৰে আন কোনো এগৰাকী বেটছমেনে দহকৰ সংখ্যা স্পর্শ কৰিব নোৱাৰিলে৷ ভাৰতৰ হৈ অক্ষৰ পেটেলে ৩২ ৰানত পাঁচটা, অশ্বিনে ৪৮ ৰানত চাৰিটা আৰু ৱাশ্বিংটন সুন্দৰে এটা উইকেট দখল কৰে৷ প্রথম ইনিংছতো ৬টা উইকেট দখল কৰা স্থানীয় তাৰকা অক্ষৰে মেচখনত সামগ্রিকভাৱে ১১টা উইকেট লাভ কৰি মেন অৱ দ্য মেচ নির্বাচিত হয়৷

দিবা–নৈশ টেষ্টত ১১টা উইকেট দখল কৰা অক্ষৰ হ’ল প্রথমগৰাকী বলাৰ৷ ইয়াৰ পূর্বে ভাৰতে বুধবাৰৰ ৯৯/৩ৰ পৰা খেলিবলৈ আৰম্ভ কৰি কালি মাত্র ১৪৫ ৰানতে প্রথম ইনিংছ সামৰে৷ অ’পেনাৰ ৰোহিতে সর্বাধিক ৬৬ ৰান সংগ্রহ কৰে৷ ইংলেণ্ডৰ হৈ অধিনায়ক ৰুটে মাত্র ৮ ৰানত ৫টা উইকেট দখল কৰে৷ জেক লিচে ৪টা আৰু জ’ফ্রা আর্চাৰে এটা উইকেট পায়৷

ইফালে, আহমেদাবাদত অনুষ্ঠিত এই মেচখন সবাতোকৈ কম সময়ত সামৰণি পৰা টেষ্ট মেচ হিচাপে চিহ্ণিত হৈছে৷ বেটছমেনৰ বধ্যভূমি হৈ পৰা এই মেচখন মাত্র ১৪০.২ অভাৰহে বর্তি থাকে৷ আনহাতে কোহলিয়ে অধিনায়ক হিচাপে ঘৰৰ মাটিত ২২খন টেষ্ট জয় কৰি মহেন্দ্র সিং ধোনীৰ অভিলেখ ভংগ কৰে৷

You might also like