নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিবাহ বিচ্ছেদৰ দিশে এমচি মেৰী কম, নেপথ্য প্রাক্তন বক্সাৰৰ সৈতে নতুন সম্পর্ক

নিউজ ডেস্ক, ৮ এপ্ৰিলঃ বিবাহ বিচ্ছেদৰ দিশে আগবাঢ়িছে মেৰী কম স্বামী কাৰুং অনলাৰৰ সৈতে তেওঁৰ বিবাহ বিচ্ছেদ হোৱাৰ উপক্রম হৈছে৷ দেশৰ ক্রীড়াপ্রেমীৰ মাজত তেওঁলোকৰ প্রেম কাহিনী যথেষ্ট জনপ্রিয় আছিল৷ ইতিমধ্যে দুয়ো পৃথকে পৃথকে থাকিবলৈ আৰম্ভ কৰিছে৷ মেৰী আৰু অনলাৰৰ বিবাহ বিচ্ছেদৰ কাৰণ হিচাপে আর্থিক সমস্যাৰ উন্মেষ ঘটিছে৷ আনকি মেৰীৰ জীৱনত অচিনাকি মানুহৰ আগমনৰ উৰাবাতৰিও চলিছে৷ ২০০০ চনত দিল্লীত প্রথম লগ হৈছিল মেৰী আৰু অনলাৰ৷ ২০০৫ চনত তেওঁলোকৰ বিবাহ হয়৷ ২০০৭ চনত মেৰীয়ে যমজ সন্তান জন্ম দিয়ে৷ ২০১২ চনৰ অলিম্পিকত ব্রঞ্জৰ পদক লাভ কৰে৷ জনপ্রিয় দম্পতীহালে ২০১৩ চনত আন এজন পুত্র সন্তান জন্ম দিয়ে৷ তেওঁলোকৰ এটা তোলনীয়া পুত্রও আছে৷ তাৰ পাছত মেৰীয়ে বক্সিং এৰিব বিচাৰিলেও অনলাৰে মেৰীক অহৰহ উৎসাহিত কৰিছিল৷ খবৰ আহিছে যে সেই সম্পর্ক ভাঙিবলৈ ওলাইছে৷ জানিব পৰা মতে, বর্তমান মেৰীয়ে চাৰিটা সন্তানৰ সৈতে ফৰিদাবাদত বাস কৰি আছে৷ আনহাতে অনলাৰ দিল্লীত৷ দুয়োৰে মাজৰ সমস্যাটো প্রায় ৩ বছৰ ধৰি চলি আছে৷ ইয়াৰ কাৰণ হ’ল ২০২২ চনৰ মণিপুৰ নির্বাচন৷ মণিপুৰ নির্বাচনত অনলাৰৰ বিপুল আর্থিক লোকচান হয়৷ এই কার্যত মেৰী অসন্তুষ্ট হৈছিল৷ প্রথম অৱস্থাত অনলাৰে নির্বাচনত অৱতীর্ণ হ’ব বিচৰা নাছিল৷ কিন্তু মেৰীয়ে কেনেবাকৈ অনলাৰক বাধ্য কৰাইছিল৷ কিন্তু সমস্যা ইয়াতেই শেষ নহয়৷ কোৱা হয় যে মেৰীৰ জীৱনত আন এজন মানুহ প্রৱেশ কৰিছে৷ তেওঁ আন এজন বক্সাৰৰ স্বামী৷ শেহতীয়াকৈ তেওঁৰ সৈতে ইনষ্টাগ্রামত ইখনৰ পিছত সিখনকৈ ছবি পোষ্ট কৰি আহিছে৷ সেই সন্দর্ভত জল্পনা–কল্পনা বাঢ়িছে৷ সূত্রটোৱে লগতে কয় যে অনলাৰে মেৰী আৰু তেওঁৰ সন্তানৰ বাবে সকলো দিছিল, নিজৰ ফুটবল কেৰিয়াৰক ত্যাগ কৰিছিল৷ তেওঁ কিমান সহায় কৰিছিল সেয়া সকলোৱে জানে৷ এতিয়া তেওঁ নিজৰ সন্তানক লগ কৰিবলৈও নোৱাৰে৷ ইয়াক লৈ ভাঙি পৰিছে অনলাৰ৷

You might also like