নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰুপেটা চিকিৎসালয়ত চিকিৎসক-ঔষধৰ অভাৱত ছাত্ৰ-ছাত্ৰীৰ তীব্ৰ প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ৯ নৱেম্বৰ : সৰুপেটা অঞ্চলৰ সৰ্বসাধাৰণ ৰাইজৰ চিকিৎসাজনিত কাৰণত একমাত্ৰ আশা ভৰষাৰ থল সৰুপেটা ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত পৰ্যাপ্ত চিকিৎসক আৰু ঔষধ নথকাৰ প্ৰতিবাদত আজি সৰুপেটা বি এইচ বি মহাবিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰীসকলে চিকিৎসালয় খন ঘেৰাও কৰি প্ৰতিবাদ কৰে। জানিব পৰা মতে, আজি বি এইচ বি মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰী মহাবিদ্যালয়লৈ বুলি খোজ কাঢ়ি গৈ থকা অৱস্থাত সৰুপেটা আৰক্ষী চকীৰ সমীপত এটা কুকুৰে ছাত্ৰী গৰাকীক কামুৰাত ভুক্তভোগী ছাত্ৰী গৰাকীৰ লগতে আন আন ছাত্ৰ -ছাত্ৰী সকল আতংকিত হৈ এক হুৱাদুৱা অৱস্থাৰ সৃষ্টি হয় । আনহাতে স্থানীয় ৰাইজ আৰু অইন ছাত্ৰ -ছাত্ৰী সকলৰ সহযোগত ছাত্ৰী গৰাকীক সৰুপেটা ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়লৈ লৈ আহে যদিও তাত কুকুৰে কামুৰিলে দিবলগীয়া ৰেবিজ ইন্ঞ্জেকচন নোহোৱাৰ প্ৰৰিপেক্ষত ছাত্ৰী গৰাকীক ভৱানীপুৰ হস্পিতাললৈ লৈ যোৱাৰ পৰামৰ্শ হস্পিতাল কৰ্তিপক্ষই দিয়াৰ লগে লগে ছাত্ৰ – ছাত্ৰী সকল জাঙুৰ খাই উঠে। ফলত হস্পিতাল খনত এক উত্তেজনাময় পৰিবেশৰ সৃষ্টি কৰি ছাত্ৰ -ছাত্ৰী সকলে চিকিৎসালয় খনৰ মূল গেটখন বন্ধ কৰি দিয়াৰ লগতে বিভিন্ন প্ৰতিবাদী শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে। ছাত্ৰ -ছাত্ৰী তথা স্থানীয় প্ৰতিবাদী ৰাইজে অভিযোগ উত্থাপন কৰে যে , চিকিৎসালয়খনৰ ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়া ড° মৰমী কলিতাই চিকিৎসালয় খনত প্ৰায়েই অনুপস্থিত থাকে বুলি অভিযোগ কৰে। তদুপৰি ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়া গৰাকী সৰুপেটাৰ চৰকাৰী আৱাস গৃহত নাথাকি গুৱাহাটীৰ পৰাই অহা যোৱা কৰে বুলিও ৰাইজে অভিযোগ উত্থাপন কৰিছে। অৱশ্যে এই অভিযোগ সন্দৰ্ভত চিকিৎসক গৰাকীয়ে সংবাদ মাধ্যমক জানিব দিয়ে যে , চৰকাৰী আৱাস গৃহটো বসবাসৰ বাবে অনুপযোগী বাবে তেখেতে হাউলীত হে থকাৰ ব্যৱস্থা কৰিছে। কিন্তু ৰাইজৰ প্ৰশ্ন যে সৰুপেটা অঞ্চলত তেও ভাড়া কৰি থাকিব পৰা তেনে উপযোগী ঘৰ নাই বুলিও প্ৰশ্ন উত্থাপন কৰিছে। আনহাতে কোনো এক ৰহস্যজনক কাৰণত সৰুপেটা ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়খনত প্ৰায়ে ঔষধ নাথাকে বুলি জানিব পৰাৰ লগতে বিগত এমাহ ধৰি চিকিৎসালয় খনত এলোপেথিক কোনো ঔষধৰে যোগান নাই বুলিও ৰাইজে অভিযোগ কৰিছে। তদুপৰি উক্ত চিকিৎসালয় খনত ভাৰপ্ৰাপ্ত চিকিৎসক গৰাকীৰ উপৰিও আৰু মাত্ৰ এগৰাকী চিকিৎসকহে আছে। ফলত সৰুপেটা অঞ্চলৰ সৰ্বসাধাৰণ ৰাইজ বৰ্তমান চৰকাৰী চিকিৎসা লাভৰ পৰা এক প্ৰকাৰ বঞ্চিত হৱ লগা হৈছে । গতিকে আজিৰ প্ৰতিবাদী ছাত্ৰ -ছাত্ৰী সকল তথা বি এইচ বি মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ তৰফৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ৱ শৰ্মালৈ সৰুপেটা ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে এখন স্মাৰক পত্ৰ প্ৰদান কৰে। উক্ত স্মাৰক পত্ৰখনৰ জৰিয়তে ছাত্ৰ ছাত্ৰী সকলে দাবী কৰে যে , সৰুপেটা ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয় খনত যাতে আৰু কেইগৰাকী মান চিকিৎসক নিযুক্তি দিয়াৰ লগতে ২৪ ঘণ্টাই যেন সৰুপেটাবাসীয়ে চিকিৎসা সেৱা লাভ কৰিব পাৰে তাৰ সুব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীৰ ওচৰত দাবী উত্থাপন কৰে। আনহাতে উক্ত স্মাৰক পত্ৰখনৰ প্ৰতিলিপি ভৱানীপুৰৰ বিধায়ক ফনীধৰ তালুকদাৰ আৰু বজালী জিলা উপায়ুক্তকো প্ৰদান কৰে ।

প্ৰেৰক ভূষণ তালুকদাৰ

You might also like