নিয়মীয়া বাৰ্তা, ৭ অক্টোবৰ : “শিশুসকলৰ সৰ্বাংগীণ বিকাশেই শিশুৰ স’তে সংপৃক্ত প্ৰতিগৰাকী লোকৰ মূল লক্ষ্য হোৱা উচিত৷ কিয়নো আজিৰ শিশুৰ সৰ্বাংগীণ বিকাশ হ’লেহে ভৱিষ্যতৰ সমাজখন সৰ্বাংগসুন্দৰ তথা নিৰেগী হব৷”- এই মন্তব্য বৰপেটাস্থিত ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰৰ৷ আজি পাঠশালাৰ দিব্যাংগৰ শিশুগৃহ তপোবনত শিশু শিক্ষাৰ্থীসকলৰ মাজত আয়োজিত এক চিকিৎসা শিবিৰত অংশগ্ৰহণ কৰি অধ্যক্ষ ডাঃ তালুকদাৰে শিশুসকলৰ হ’ব পৰা বিভিন্ন ৰোগৰ বিষয়ে সদৰী কৰি এইক্ষেত্ৰত ল’বলগীয়া সাৱধানতাৰ বিষয়ে উল্লেখ কৰে৷ মানৱদৰদী চিকিৎসকগৰাকীয়ে বিশেষভাৱে মহিলাসকলে গৰ্ভাৱস্থাত পালন কৰিবলগীয়া নিয়ম আৰু কৰণীয়ৰ বিষয়েও বিস্তৃত ৰূপত আলোকপাত কৰে৷ উল্লেখ্য যে আজি তপোবনত আয়োজন কৰা এই চিকিৎসা শিবিৰটোত পঞ্চাশটিৰো অধিক শিশুক চিকিৎসা সাহায্য প্ৰদান কৰা হয়৷ বৰপেটাস্থিত ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষগৰকীৰ লগতে হস্পিতালখনৰ জ্যেষ্ঠ চিকিৎসক ক্ৰমে ডাঃ জ্যোতিৰ্ময় ফুকন, ডাঃ অনুপম দাস, ডাঃ কাবেৰী বৰুৱা, ডাঃ চয়নিকা চৌধুৰী আৰু ডাঃ ঘনশ্যাম দাস সমন্বিতে তিনিগৰাকী ফিজিঅ’থেৰাপিষ্টে দিব্যাংগ শিশুসকলক স্বাস্থ্য পৰীক্ষা কৰি নিদান পত্ৰ দিয়ে৷ পাঠশালা তপোবনৰ সুন্দৰ আৰু পৰিষ্কাৰ-পৰিচ্ছন্ন পৰিৱেশত অনুষ্ঠিত এই চিকিৎসা শিবিৰত শিশুসকলৰ অভিভাৱক-অভিভাৱিকাসকলো উপস্থিত থাকে৷ চিকিৎসা সেৱাৰ অন্তত তপোবন চৌহদত অনুষ্ঠিত তপোবনৰ অধ্যক্ষ কুমুদ কলিতাই আঁত ধৰা এখন সজাগতা সভাত ডাঃ ৰমেন তালুকদাৰৰ লগতে মনোৰোগ বিভাগৰ সহযোগী অধ্যাপক ডাঃ চয়নিকা চৌধুৰীয়েও শিশুৰ যতন আৰু পৰ্যবেক্ষণ কেনেকৈ কৰিব লাগে, সেই বিষয়ে ব্যাখ্যা আগবঢ়ায়৷ সভাত শিশুৰ যতন আৰু তপোবন শিশুগৃহৰ ওপৰত বিশেষভাৱে বক্তব্য প্ৰদান কৰে লেখক পুলু কুমাৰ শৰ্মাই৷
প্ৰেৰক কল্যাণ কলিতা