বিশেষ বাৰ্তা, ১২ জুনঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ পৌৰহিত্যত আজি জনতা ভৱনস্থিত মুখ্যমন্ত্রীৰ কার্যালয় সভাগৃহত জিলা পৰিবহণ বিষয়াসকলৰ লগত এক পর্যালোচনা বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকত পৰিবহণ বিভাগৰ দ্বাৰা জনসাধাৰণলৈ আগবঢ়োৱা শাৰীৰিক উপস্থিতিবিহীন সেৱাই জনসাধাৰণক কিদৰে উপকৃত কৰিছে, জনসাধাৰণৰ ওজৰ–আপত্তি নিষ্পত্তিৰ দিশত লোৱা ব্যৱস্থাৱলী, বিগত সময়ছোৱাত হোৱা গাডী পঞ্জীয়নৰ সংখ্যা, ৰাজহ সংগ্রহ, পুৰণি যান–বাহন নষ্ট কৰাৰ ব্যৱস্থা আদিকে ধৰি বিষয়সমূহ বিতংভাৱে পর্যালোচনা কৰা হয়৷ তদুপৰি এই বৈঠকতে পথ সুৰক্ষাৰ বিষয়টো গুৰুত্বসহকাৰে আলোচনা কৰা হয়৷ বৈঠকত মুখ্যমন্ত্রীয়ে জনসাধাৰণে জিলা পৰিবহণ বিষয়াক যিকোনো বিষয়ৰ ওজৰ আপত্তি আগবঢ়ালে সেই বিষয়সমূহ তৎকালীনভাৱে সমাধান কৰাৰ বাবেও নির্দেশ দিয়ে৷ তেওঁ কয় যে জনসাধাৰণে যাতে ঘৰতে বহি পৰিবহন বিভাগৰ সেৱাসমূহ লাভ কৰিব পাৰে সেই দিশত সমগ্র প্রক্রিয়াটো ডিজিটেলাইছেশ্যন কৰা হৈছে৷ এই সেৱাসমূহ স্বয়ংক্রিয়ভাৱে শাৰীৰিক উপস্থিতিবিহীনভাৱে নিশ্চিত ৰূপত লাভ কৰিব পাৰে তাক সুনিশ্চিত কৰাৰ বাবেও মুখ্যমন্ত্রীয়ে জিলা পৰিবহণ বিষয়াসকলক নির্দেশ দিয়ে৷ মুখ্যমন্ত্রীয়ে কয় যে বিগত সময়ছোৱাত ৰাজ্যখনত হোৱা শোকাৱহ দুর্ঘটনাৰ কাৰণসমূহ বিশ্লেষণ কৰাৰ লগতে ৰাজ্যিক পথ সুৰক্ষা সমিতিৰ দ্বাৰা ইতিমধ্যে চিনাক্ত কৰা সঘনাই দুর্ঘটনা হোৱা স্থানসমূহত লবলগীয়া প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিবলৈ প্রতিগৰাকী জিলা পৰিবহণ বিষয়াক নির্দেশ দিয়ে৷ মুখ্যমন্ত্রীয়ে বৈঠকত জিলা পৰিবহণ বিষয়াসকলক যান–বাহন আইনসমূহ কঠোৰভাৱে বলবৎ কৰি আইন উলংঘাকাৰীৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তুলিবলৈ নির্দেশ দিয়ে৷ ৰাজ্যৰ যিসমূহ গাড়ী বহিঃৰাজ্যৰ পঞ্জীয়নভুক্ত হৈ চলি আছে সেই গাডীসমূহৰ বিৰুদ্ধে ব্যাপক অভিযান চলোৱাৰ লগতে ৰাজ্যখনৰ ভিতৰুৱা অঞ্চলত পঞ্জীয়নবিহীন আৰু বীমাবিহীনভাৱে চলি থকা ডাম্পাৰসমূহৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্রহণ কৰিবলৈ মুখ্যমন্ত্রীয়ে জিলা পৰিবহণ বিষয়াসকলক নির্দেশ দিয়ে৷ ৰাজ্যখনত সংঘটিত হৈ থকা দুর্ঘটনাৰ হাৰ ৰোধ কৰিবৰ বাবে সুৰাপান কৰি গাড়ী চলোৱা, হেলমেটবিহীনভাৱে দুচকীয়া বাহন চলোৱা আৰু চিট বেল্টবিহীনভাৱে গাড়ী চলোৱা চালকসকল তথা যান–বাহন আইন ভংগকাৰীৰ বিৰুদ্ধে তালাচী অভিযান অব্যাহত ৰাখিবলৈ জিলা পৰিবহণ বিষয়াসকলক মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে৷ ৰাজ্যখনৰ থানাসমূহত বাজেয়াপ্ত কৰা বাহনসমূহ ৯০ দিন উকলি যোৱাৰ পিছত বিভাগীয় মন্ত্রীৰ লগত আলোচনা কৰি নিলামৰ ব্যৱস্থা কৰিবলৈ পৰিবহণ বিভাগক তেওঁ নির্দেশ দিয়ে৷ বৈঠকত মন্ত্রী পৰিমল শুক্লবৈদ্য, মুখ্যমন্ত্রীৰ প্রধান সচিব সমীৰ কুমাৰ সিনহা, পৰিবহণ বিভাগৰ সচিব আদিল খান প্রমুখ্যে পৰিবহন বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থকাৰ লগতে নৱনিযুক্ত যান–বাহন পৰিদর্শকসকলো উপস্থিত থাকে৷