নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীত ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাৰ দাবীত যুৱ-ছাত্ৰ পৰিষদৰ স্মাৰক-পত্ৰ

🔹 অবৈধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ বিশেষ গোট গঠনৰ দাবী

নিয়মীয়া বাৰ্তা,  ৫ মাৰ্চ : নলবাৰী জিলাত ড্ৰাগছ তথা অবৈধ মাদক দ্ৰব্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, নলবাৰী জিলা সমিতিয়ে আজি জিলা আৰক্ষী অধীক্ষকক স্মাৰক-পত্ৰ দাখিল কৰে৷ স্মাৰক-পত্ৰত সংগঠনটোৱে গভীৰ উদ্বেগ ব্যক্ত কৰি উল্লেখ কৰে যে বিগত কিছুদিনৰ পৰা নলবাৰী জিলাৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ অবাধ বিক্ৰী, প্ৰচলন আৰু সৰবৰাহ ভয়াৱহ ৰূপত বৃদ্ধি পাইছে। ফলত জিলাখনৰ একাংশ যুৱপ্ৰজন্ম ড্ৰাগছৰ প্রতি আসক্ত হৈ পৰিছে৷ যাৰ ফলত শিক্ষাৰ প্রতি উদাসীনতা, মানসিক সমস্যা, অপৰাধপ্ৰৱণতা গা কৰি উঠিছে৷ সংগঠনটোৱে নলবাৰী জিলাক ড্ৰাগছমুক্ত কৰি সমাজত সুস্থ পৰিৱেশ সৃষ্টি কৰাৰ উদ্দেশ্যে আৰক্ষীৰ অভিযান তীব্ৰতৰ কৰাৰ দাবী জনায়। লগতে ড্ৰাগছৰ বিৰুদ্ধে এক বিশেষ আৰক্ষী গোট গঠন কৰি কার্যক্ষম পদক্ষেপ গ্ৰহণৰো আহ্বান জনায়। উক্ত স্মাৰক-পত্ৰ প্ৰদানৰ সময়ত যুৱ-ছাত্ৰ পৰিষদ, নলবাৰী জিলা সমিতিৰ সভাপতি আচিক আহমেদ আৰু সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাসহিতে সংগঠনটোৰ অন্যান্য বিষয়ববীয়া উপস্থিত থাকে। সংগঠনটোৱে আশা প্ৰকাশ কৰে যে আৰক্ষীৰ সক্ৰিয় ভূমিকাৰ ফলত নলবাৰী জিলা শীঘ্ৰেই ড্ৰাগছমুক্ত হ’ব।

প্ৰেৰক শ্বাহ আলম আহমেদ

You might also like