নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আছুৰ সভাপতি দীপাংকই মানসিক নির্যাতন চলাইছে ড০ সমুজ্জ্বল ভট্টাচার্যক

গুৱাহাটী আছুৰ প্রাক্তন সাধাৰণ সম্পাদক সীমান্ত ঠাকুৰীয়াৰ বিস্ফোৰণ

নিয়মীয়া বাৰ্তা ১৩ অক্টোবৰঃ   নতুন আঞ্চলিক দল অসম জাতীয় পৰিষদ গঠনৰ পাছতে সদৌ অসম ছাত্র সন্থাৰ মজিয়াত দেখা গৈছে উলম্ব বিভাজন৷ বিশেষকৈ নতুন ৰাজনৈতিক দলটো ভূমিষ্ঠ হোৱাৰ পাছৰে পৰা ৰহস্যজনকভাৱে আছুৰ মজিয়াত নিষ্ক্রিয় হৈ পৰিছে মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্য৷ প্রথমাৱস্থাত স্বাস্থ্যৰ অজুহাত দেখুৱাই ড০ ভট্টাচার্যই ৰাজহুৱা জীৱনৰ পৰা আঁতৰি ফুৰিছিল যদিও তেওঁৰ স্ব–নির্বাসন দীঘলীয়া হৈ গৈ আছে৷ ইয়াকে লৈ ব্যাপক জল্পনা–কল্পনা চলি থকাৰ মাজতে সোমবাৰে কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছে আছুৰ ৰাজ্যিক কার্যনির্বাহক তথা সদৌ গুৱাহাটী ছাত্র সন্থাৰ প্রাক্তন সাধাৰণ সম্পাদক সীমান্ত ঠাকুৰীয়াই৷ আছুৰ পৰা পদত্যাগ কৰাৰ পাছত  এখন সংবাদ মেল সম্বোধন কৰি তেওঁ কয়– ছাত্র সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে মোৰ লগতে মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্য আৰু উপ–সভাপতি বিপুল ৰাভাক মানসিক নির্যাতন চলাই আহিছে৷ সভাপতিগৰাকীৰ একনায়কত্ববাদে সকলোকে লজ্জিত কৰি তুলিছে৷ সংবাদ মেলত পদত্যাগী আছু নেতাগৰাকীয়ে কয়– ‘বিগত ২০১৯ চনৰ ৯ ছেপ্টেম্বৰত আছুৰ সভাপতি দীপাংক কুমাৰ নাথে মৌখিক নির্দেশযোগে সদৌ কামৰূপ মহানগৰ জিলা ছাত্র সন্থাক সদৌ গুৱাহাটী ছাত্র সন্থা ভংগ কৰিবলৈ দিছিল৷ লগতে সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যক সভাপতি, সম্পাদকে গুৱাহাটী ছাত্র সন্থাৰ কাম–কাজ চোৱাচিতা কৰাৰ দায়িত্ব দিয়ে৷ সেইমর্মে ৩ অক্টোবৰলৈ আহ্বায়ক সমিতিখনে কার্যনির্বাহ কৰি আছিল৷ কিন্তু অতি অপমানজনকভাৱে সেই দিনা নিশা সন্থাৰ নেতৃত্বই এখন পত্রযোগে কামৰূপ জিলাই গঠন কৰা আহ্বায়ক সমিতিখন ভংগ কৰি দিয়ে৷ আনকি এই বিষয়ে ড০ সমুজ্জ্বল ভট্টাচার্য, বিপুল ৰাভা আদি কোনেও জ্ঞাত নাছিল৷ সভাপতি দীপাংক কুমাৰ নাথে আছুৰ সংবিধানে প্রদত্ত কৰা অধিকাৰ ভৰিৰে মোহাৰি ব্যক্তিগত উদ্দেশ্যৰে আজ্ঞাবাহী ভৃত্যৰ দ্বাৰা এখন সমিতি গঠন কৰে৷ য’ত কামৰূপ জিলাৰ সভাপতি, সাধাৰণ সম্পাদক, ৰজমিল আলী, ৰাইফউদ্দিন আহমেদ, আনোৱাৰ হুছেইন, টুটুমণি চৌধুৰীক দায়িত্ব অর্পণ কৰে৷’

আছুৰ সংবিধান অনুসৰি হিচাপ পৰীক্ষক নিয়োগ কৰা হৈছেনে বুলি প্রশ্ন কৰি সীমান্ত ঠাকুৰীয়াই পুনৰ কয় যে ছাত্র সন্থাৰ সংবিধানখন সভাপতিৰ নেতৃত্বত বাৰম্বাৰ উলংঘা কৰি অহা হৈছে৷ সংবিধানৰ অনুচ্ছেদ ৫ৰ ধাৰা (ক) অনুসৰি সদৌ অসম ছাত্র সন্থাৰ কোনো কাৰণত ৰাজনৈতিক দলৰ প্রতি আনুগত্য থাকিব নোৱাৰিব৷ তাৰ পাছতো তেওঁ বাৰে বাৰে সদৌ অসম ছাত্র সন্থাই আন সংগঠনৰ লগত লগ লাগি দল গঠন কৰিব বুলি জনায়৷ এই ভুলৰ বাবে তেওঁক আছুৰ পৰা পদত্যাগ কৰি ৰাজনৈতিক দলত যোগদান কৰিবলৈ কোৱা হৈছিল৷ কাৰণ তেওঁ কেতিয়াও গভীৰভাৱে জাতিক সেৱা কৰাৰ মনোভাব আজিলৈ দেখা পোৱা নাই৷ ভৱিষ্যতে নৱপ্রজন্মই নতুন দায়িত্বভাৰ লোৱাৰ পাছত নতুনকৈ গঠিত দলটোক যদি সংবিধানৰ অজুহাত দেখুৱাই নস্যাৎ কৰে, তেতিয়া অসমৰ ৰাইজে চিৰকালৰ বাবে সদৌ অসম ছাত্র সন্থাৰ প্রতি পুনৰ আস্থা আৰু বিশ্বাস হেৰুৱাব৷ ছাত্র সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ বিলীন হৈ যাব, কিন্তু সন্থাই চিৰদিনৰ বাবে ক’লা চেকা বুকুত বান্ধি ৰৈ যাব৷ ইপিনে, সভাপতি আৰু সাধাৰণ সম্পাদকৰ বাবে ‘কা’ আন্দোলন ব্যর্থ হোৱা বুলি অভিযোগ কৰি তেওঁ কয় যে ‘কা’ আন্দোলনত অসমৰ ৰাইজ স্বতঃস্ফূর্তভাৱে ওলাই আহি জাতীয়তাবাদৰ নিদর্শন দাঙি ধৰিছিল৷ কিন্তু এতিয়া তেওঁলোকে ‘কা’ আন্দোলনৰ গইনা লৈ ৰাজনৈতিক ক্ষমতা আহৰণৰ বাবে আছুক ব্যৱহাৰ কৰা দেখা গৈছে৷ পৰামর্শদাতা সমিতিয়ে শিক্ষা, অর্থনীতি আদি বিষয়তো পৰামর্শ আগবঢ়াইছিল৷ কিন্তু আটাইবোৰ বিষয় বাদ দি কেৱল ৰাজনৈতিক দিশটোক আগবঢ়াই লৈ গৈ ছাত্র সন্থাৰ সংবিধান উলংঘা কৰা হ’ল৷ কার্যনির্বাহকত সিদ্ধান্ত নোহোৱাকৈ এই কথাবোৰ আগবঢ়োৱা হৈছে৷

You might also like