আজি পৱিত্র বৰদিনঃ কেৰলৰ ধ্বনিৰে মুখৰিত ৰাজ্য
নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰঃ শান্তি আৰু ঐক্যৰ বার্তা বিলাই সমাজক আলোকৰ পথ দেখুওৱা যীশুখ্রীষ্টৰ ওপজা দিন উপলক্ষে আজি উলহ–মালহেৰে পালন কৰা হ’ব পৱিত্র বৰদিন৷ বিশ্বৰ ভিন্ন প্রান্তৰ লগতে অসমতো পালন কৰা হ’ব পৱিত্র বৰদিন৷ ইয়াৰ বাবে চৌদিশে আৰম্ভ হৈছে প্রস্তুতি৷ আকর্ষণীয় আলোকসজ্জাৰে সজ্জিত কৰি তোলা হৈছে ৰাজ্যৰ গির্জসমূহ৷ খ্রীষ্টমাছ ট্রী, ষ্টাৰ আদিৰে সজাই তোলা হৈছে গির্জাসমূহ৷ আজি পুৱা খ্রীষ্টান ধর্মাৱলম্বী লোকসকলে গির্জাসমূহত যীশুৰ ওচৰত শান্তি–সম্প্রীতিৰ কামনাৰে প্রার্থনা জনাব৷ উপহাৰ প্রদান, খ্রীষ্টমাছ কার্ডৰ বিনিময়, সমূহীয়া ভোজ আদিও বৰদিন উদযাপনৰ অন্যতম অংশ৷ বৰদিনৰ লগত সংগতি ৰাখি গির্জাসমূহত পৰিৱেশন কৰা হয় কেৰল৷ ইতিমধ্যে খ্রীষ্টান ধর্মাৱলম্বী লোকসকলৰ মাজত বৰদিন উপলক্ষে উলহ–মালহ দেখা গৈছে৷ বৰদিন উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে ৰাজ্যপাল জগদীশ মুখীয়ে৷ এক শুভেচ্ছা বার্তাত তেওঁ কয় যে যীশুখ্রীষ্টৰ ওপজা দিন উপলক্ষে বৰদিন পালন কৰা হয়৷ যীশুৰ আদর্শ অনুসৰণৰ বাবে এই দিনটোতে সকলোকে সংকল্প ল’বলৈও তেওঁ আহ্বান জনায়৷ আনহাতে, বৰদিন উদযাপনৰ সময়ত ক’ভিড প্রট’কল মানি চলিবলৈ ৰাজ্যপালগৰাকীয়ে ৰাজ্যবাসীক আহ্বান জনাইছে৷
বৰদিন উপলক্ষে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ শুভেচ্ছা
পৱিত্র বৰদিন উপলক্ষে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই খ্রীষ্টান ধর্মাৱলম্বী জনসাধাৰণৰ লগতে সমূহ অসমবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে৷ এক শুভেচ্ছা বার্তাত মুখ্যমন্ত্রী ড০ শর্মাই কয়– ‘প্রভু যীশুৰ মানৱতাৰ বাণীয়ে আমাক সকলোকে ঐক্যবদ্ধভাৱে জীৱনৰ বাটত আগুৱাই যোৱাৰ বাবে প্রেৰণা যোগাই আহিছে৷ শান্তিপূর্ণ সহাৱস্থানৰ বাবে যীশুৱে যি দর্শন দি গৈছে, সেয়া আজিও আমাৰ সকলোৰে বাবে জীৱনৰ বাটত আগুৱাই যোৱাৰ এক শক্তিশালী পথ৷ পৱিত্র বৰদিন উদযাপনে ৰাজ্যবাসীৰ মাজত বন্ধুত্বপূর্ণ আৰু ভাতৃত্ববোধৰ বান্ধোন অধিক সুদৃঢ় কৰাৰ উপৰি এক শক্তিশালী আধ্যাত্মিক চেতনা গঢ় দি সমাজখনলৈ শান্তি–সম্প্রীতি আৰু প্রগতি কঢ়িয়াই আনিব৷’ সামাজিক মূল্যবোধ গঢ়ি তোলাৰ দিশত যীশুৰ জীৱন আৰু কর্ম–দর্শনে মানৱ সমাজক যুগে যুগে প্রেৰণা যোগাই যাব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই বৰদিন উদ্যাপনে সমাজত বন্ধুত্বপূর্ণ পৰিৱেশ অধিক সুদৃঢ় কৰি তুলিব বুলিও প্রকাশ কৰে৷