মাইক্র’ফাইনেন্স ইন্ষ্টিটিউচনক নাকী লগাই ৰাজ্য চৰকাৰৰ আইন প্রণয়ন
বিধানসভাত গৃহীত আছাম মাইক্র’ফাইনেন্স ইন্ষ্টিটিউচন বিল
নিয়মীয়া বাৰ্তা ৩১ ডিচেম্বৰঃ ৰাজ্যৰ সমাজ ব্যৱস্থাত প্রতিকূল প্রভাৱ পেলোৱা মাইক্র’ফাইনেন্স প্রতিষ্ঠান অথবা ক্ষুদ্র বিত্তীয় প্রতিষ্ঠানৰ বিৰুদ্ধে অৱশেষত কঠোৰ হ’ল ৰাজ্য চৰকাৰ৷ উজনি অসমৰ লগতে ৰাজ্যৰ ভিন্ন প্রান্তত ঋণ প্রদানৰ নামত ক্ষুদ্র বিত্তীয় প্রতিষ্ঠানসমূহে গ্রাহকৰ ওপৰত চলাই অহা শাৰীৰিক আৰু মানসিক আতিশয্যৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰি আজি বিধানসভাত গৃহীত হ’ল দ্য আছাম মাইক্র’ফাইনেন্স ইনষ্টিটিউচন (ৰেগুলেচন অৱ মানী লেণ্ডিং) বিল–২০২০৷ এই আইনৰ জৰিয়তে ক্ষুদ্র বিত্তীয় প্রতিষ্ঠানক ৰাজ্য চৰকাৰে নিয়ন্ত্রণ কৰাই নহয়, ঋণ প্রদানৰ নামত প্রতিষ্ঠানসমূহে চলাই অহা আতিশয্যৰ ওপৰতো আইনী ব্যৱস্থা গ্রহণ কৰিব পাৰিব৷ বিধানসভাৰ অন্তিম দিনা খন বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই বিলখন সদনৰ বিবেচনাৰ বাবে উত্থাপন কৰি কয় যে উজনি অসমত ক্ষুদ্র বিত্তীয় প্রতিষ্ঠানসমূহে যিধৰণে ঋণ প্রদানৰ নামত মহিলা সমাজৰ ওপৰত শাৰীৰিক–মানসিক আতিশয্য চলাই আহিছে, তাক কোনো কাৰণতে সহ্য কৰা নহ’ব৷ দৰিদ্রতা তথা আর্থিক অনাটনৰ সুযোগ লৈ ক্ষুদ্র বিত্তীয় প্রতিষ্ঠানসমূহে কোনোধৰণৰ নীতি–নিয়ম অনুসৰণ নকৰাকৈ ঋণ প্রদানৰ জৰিয়তে মহিলা সমাজৰ ওপৰত প্রতিকূল প্রভাৱ পেলাইছে৷ মন্ত্রীগৰাকীয়ে কয়– উজনি অসমলৈ গ’লে মহিলাসকলে সন্মুখীন হোৱা বিভিন্ন আতিশয্যৰ কথা শুনিবলৈ পোৱা যায়৷ ঋণ আদায়ৰ নামত ক্ষুদ্র বিত্তীয় প্রতিষ্ঠানসমূহে ঘৰৰ টিনপাত খুলি নিয়া, গোহালিৰ গৰু বলপূর্বকভাৱে লৈ যোৱা আদি ঘটনা সংঘটিত কৰি আহিছে৷ আনকি এইবুলিও অভিযোগ উত্থাপন হৈছে যে একাংশ মহিলাক ঋণ আদায়ৰ নামত সতীত্বৰ সৈতে আপোচ কৰিবলৈও প্রতিষ্ঠানসমূহে হেঁচা দিয়ে৷
উল্লেখ্য যে গৃহীত হোৱা মাইক্র’ফাইনেন্স ইনষ্টিটিউচন বিলৰ জৰিয়তে এতিয়াৰে পৰা এই ক্ষুদ্র প্রতিষ্ঠানসমূহ ৰাজ্য চৰকাৰৰ নিয়ন্ত্রণত থাকিব৷ আনকি অসমত এই প্রতিষ্ঠানসমূহে ব্যৱসায় কৰিবলৈ হ’লে জিলা উপায়ুক্তৰ ওচৰত ৩০ দিনৰ ভিতৰত পঞ্জীয়ন হ’ব লাগিব৷ প্রতিষ্ঠানসমূহৰ বাবে নির্ধাৰণ কৰি দিয়া নীতি–নিয়ম অনুকৰণ নকৰিলে জিলা উপায়ুক্তই এই প্রতিষ্ঠানসমূহৰ পঞ্জীয়ন বাতিল কৰিব পাৰিব৷ তদুপৰি কোনো বিত্তীয় প্রতিষ্ঠানে ঋণ আদায়ৰ নামত ঋণ গ্রহণ কৰোঁতাৰ ওপৰত যদি অতিশয্য চলায়, তেন্তে অভিযোগ পালে জিলা উপায়ুক্তই নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত কৰিব পাৰিব৷ বিত্তমন্ত্রীগৰাকীয়ে আজি সদনত বিলখন সন্দর্ভত জানিবলৈ দি কয় যে ঋণগ্রস্ত মহিলাসকলক আর্থিক সাহায্য দিয়াৰ বাবে ৰাজ্য চৰকাৰে ৫০০ কোটি টকাৰ কর্পাছ ফাণ্ড এটা সাজু কৰি তুলিছে৷ অহা বিত্তীয় বর্ষত এই পুঁজি পুনৰ ১,০০০ কোটি টকালৈ বৃদ্ধি কৰা হ’ব৷
আনহাতে, বিত্তীয় প্রতিষ্ঠানে ৰাজ্যৰ ভিন্ন প্রান্তত ঋণ আদায়ৰ নামত চলাই থকা আতিশয্যৰ পাছতো ভাৰতীয় ৰিজার্ভ বেংকে বিষয়টো সন্দর্ভত গুৰুত্ব নিদিয়া বুলিও আজি মন্ত্রীগৰাকীয়ে আঙুলিয়াই দিয়ে৷ মন্ত্রীগৰাকীয়ে কয়– মাইক্র’ফাইনেন্স ইনষ্টিটিউটক কোনে নিয়ন্ত্রণ কৰিব, তাক লৈ এক হেঁচাৰ সৃষ্টি হৈছে৷ ভাৰতীয় ৰিজার্ভ বেংকৰ লগতে প্রধানমন্ত্রী কার্যালয়লৈকো পত্র প্রেৰণ কৰি ক্ষুদ্র বিত্তীয় প্রতিষ্ঠানসমূহে তেওঁলোকক ভাৰতীয় ৰিজার্ভ বেংকে (আৰ বি আই) নিয়ন্ত্রণ কৰিব লাগে বুলি দাবী তুলিছে৷ আনকি আজি বিধানসভাত বিধেয়ক উত্থাপনৰ পূর্বেই আৰ বি আয়ে ৰাজ্য চৰকাৰলৈ পত্র প্রেৰণ কৰি এই আইন নানিবলৈ হেঁচা দিছে৷ সেয়াই নহয়, আইনখন চৰকাৰে আনিব বুলি গম পাই আইনখনৰ ওপৰত একাধিক সংশোধনীৰ প্রস্তাৱ আগবঢ়াইছে আৰ বি আয়ে৷ ইতিমধ্যে অসমত ১২ হাজাৰ কোটি টকাৰ ব্যৱসায় কৰা ক্ষুদ্র বিত্তীয় প্রতিষ্ঠানক লৈ আৰ বি আয়ে দিয়া এই হেঁচাৰ বিষয়টোৰ ওপৰত যথেষ্ট চিন্তা আৰু পৰীক্ষাৰ প্রয়োজন আছে৷ আৰ বি আয়ে কিয় ক্ষুদ্র বিত্তীয় প্রতিষ্ঠানৰ হৈ থিয় দিছে, সেই বিষয়ে পৰীক্ষা কৰিব লাগিব৷ ৰাজ্য চৰকাৰে অচিৰেই আৰ বি আইৰ গৱর্নৰলৈ এই সন্দর্ভত পত্র প্রেৰণ কৰিব৷ উল্লেখ্য যে আজি গৃহীত হোৱা মাইক্র’ফাইনেন্স ইনষ্টিটিউচন বিলৰ জৰিয়তে এগৰাকী মহিলাক দুটা ক্ষুদ্র বিত্তীয় প্রতিষ্ঠানেহে ঋণ দিব পাৰিব৷ চাহ বাগিচাৰ স্থায়ী শ্রমিকৰ বিপৰীতে ৩০,০০০ টকাৰ অধিক ঋণ দিব নোৱাৰিব৷ তদুপৰি প্রাকৃতিক দুর্যোগৰ সময়ছোৱাত তিনি মাহৰ সুদ ৰেহাই দিব লাগিব৷ বিত্তমন্ত্রী ড০ শর্মাই আজি আইনখন গৃহীত হোৱাৰ পাছত কয়– মহিলা সমাজৰ বাবে এইখন শ্রেষ্ঠ আইন৷ ইয়াৰ জৰিয়তে ক্ষুদ্র বিত্তীয় প্রতিষ্ঠানৰ গ্রাসৰ পৰা উদ্ধাৰ পাব মহিলাসকল৷