নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৰিদ্ৰতাক নেওচি ’নীট’ত উজলিল ঘগ্ৰাপাৰৰ মিনহাজ আহমেদ

নিয়মীয়া বাৰ্তা, ৬ জুন : সফলতাৰ ক্ষেত্ৰত যে দৰিদ্ৰতা হেঙাৰ হ’ব নোৱাৰে, সেয়া প্ৰমাণ কৰিলে ’নীট’ত উজলি উঠা ঘগ্ৰাপাৰৰ মিনহাজ আহমেদে ৷ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কাটুৰীয়া গাঁৱৰ আয়েব আলী আৰু ৰাণু বেগমৰ পুত্ৰ মিনহাজ আহমেদে চিকিৎসা বিজ্ঞান অধ্যয়ন কৰাৰ প্ৰয়াসেৰে ’নীট’ পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷ মিনহাজ আহমেদে ৬২৩ নম্বৰ লাভ কৰি ’নীট’ত উত্তীৰ্ণ হৈ ঘগ্ৰাপাৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে মিনহাজ আহমেদৰ পিতৃ আয়েব আলীয়ে দিনহাজিৰা কৰি চাৰিজনীয়া পৰিয়ালটিক পোহপাল দিয়াৰ লগতে মিনহাজক ভাল মানুহ কৰাৰ আশাৰে পঢ়ুওৱাত যত্ন লৈছিল ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত ঘগ্ৰাপাৰস্থিত শংকৰজ্যোতি মডাৰ্ন একাডেমীত তেওঁক নামভৰ্তি কৰাই দিয়ে ৷ এনেকৈয়ে এটাৰ পিছত আনটো শ্ৰেণী অতিক্ৰম কৰি গৈ থাকি মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হয় ৷ মিনহাজৰ মেট্ৰিকৰ ফলাফলত স্থানীয় ৰাইজে সন্তুষ্টি লাভ কৰাৰ উপৰি পাইকাৰকুছিত অৱস্থিত লালন্স একাডেমীৰ পৰিচালন কৰ্মকৰ্তাসকলে তেওঁলোকৰ ঘৰলৈ আহি নামভৰ্তিৰ প্ৰস্তাৱ দিয়ে আৰু পঢ়াৰ ব্যৱস্থা তেওঁলোকে কৰিব বুলি পৰিয়ালটোক আশ্বাস দিয়ে ৷ সেইমৰ্মে তেওঁলোকে পঢ়ুওৱাৰ দায়িত্ব লৈ তেওঁক অতি মৰম আৰু যত্নৰে পঢ়াই বুলি সদৰী কৰে। ইপিনে, মিনহাজ আহমেদে ’নীট’ত উত্তীৰ্ণ হোৱাত বৃহত্তৰ অঞ্চলটোৰ ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে ৷

প্ৰেৰক শ্বাহ আলম আহমেদ

You might also like