নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্ৰাম্য অৰ্থনীতিৰ ভেটি শক্তিশালী কৰিবলৈ কৃষিৰ ওপৰত অধিক গুৰুত্ব দিছে মুখ্যমন্ত্ৰীয়েঃ মন্ত্ৰী অতুল বৰা

  • শোণিতপুৰৰ বিহগুৰি পুঠিমাৰীৰ ৪২৫ গৰাকী উদ্যমী মহিলাৰ সেউজ বিপ্লৱত অভিভূত কৃষি মন্ত্ৰী অতুল বৰা
  • “জয়মতী” কৃষি উৎপাদক গোটৰ দৃষ্টান্তমূলক পদক্ষেপ – অকল ৰঙালাও খেতিতেই ৯০ লাখ টকা আয়
  • বৰ্তমানে ৰাজ্যখনৰ পৰা প্ৰায় ৪০০০ কোটি টকাৰ কৃষিজাত সামগ্ৰী বিদেশলৈ ৰপ্তানি কৰা হৈছে: অতুল বৰা

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চ: ৰাজ্যখনৰ কৃষি ক্ষেত্ৰলৈ আশাব্যঞ্জক খবৰ কঢ়িয়াই শোণিতপুৰ জিলাৰ বৰছলা বিধান সভা সমষ্টিৰ অন্তৰ্গত বিহগুৰি পুঠিমাৰীৰ ৪২৫ গৰাকী উদ্যমী মহিলাই নিজেই টেক্টৰেৰে মাটি চহাই হাজাৰ হাজাৰ বিঘা মাটিত উৎপাদন কৰা বিভিন্ন প্ৰকাৰৰ ফচল আজি প্ৰতক্ষ কৰি অভিভূত হৈ পৰিল অসম চৰকাৰৰ কৃষি বিভাগৰ মন্ত্ৰী অতুল বৰা। উল্লেখ্য যে, ৰাজ্যখনৰ ভিতৰতে স্হানীয় ২৫ খনকৈ গাঁৱৰ ৪২৫ গৰাকী মহিলা একত্ৰিত হৈ একমাত্ৰ মহিলাৰ দ্বাৰা গঠিত কৃষি উৎপাদক গোট “জয়মতী” ৰ এই মহিলা সকলে দৃষ্টান্তমূলক পদক্ষেপ গ্ৰহণ কৰি গঢ়ি তোলা সেউজ বিপ্লৱে ইতিমধ্যে ৰাজ্যবাসী আৰু চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱাৰ পিছত আজি কৃষি মন্ত্ৰী অতুল বৰা উপস্থিত হৈ উদ্যমী মহিলা সকলক উদ্বুদ্ধ কৰাই নহয় কৃষি পথাৰৰ ফচল নিজেই ছিঙি, উভালি আৰু টেক্টৰেৰে নিজেই হালবাই আপ্লুত হৈ পৰে।

এই উদ্দেশ্যে স্হানীয় বাপুভেটি নিম্ন বুনিয়াদী বিদ্যালয়ত অনুষ্ঠিত বিশেষ সভাখনত এই উদ্যমী মহিলা সকলৰ লগতে স্হানীয় ৰাইজক উদ্দেশ্যি প্ৰদান কৰা ভাষণত মন্ত্ৰী অতুল বৰাই ৰাজ্যখনৰ গ্ৰাম্য অৰ্থনীতিৰ ভেটি শক্তিশালী কৰি তুলিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিছে বুলি মন্তব্য কৰি একমাত্ৰ মহিলাৰ দ্বাৰা গঠিত ৰাজ্যখনৰ এই একমাত্ৰ কৃষি উৎপাদক গোটে কৃষি ক্ষেত্ৰলৈ এক আশাৰ বতৰা কঢ়িয়াই অনাই নহয় ই ৰাজ্যখনৰ কৃষক সকলৰ বাবে এক আদৰ্শ হৈ পৰিছে বুলি মন্তব্য কৰে। ৰাজ্য চৰকাৰে এনেধৰণৰ কৃষি উৎপাদক গোট সমূহক সকলো কৃষিৰ উন্নত সঁজুলিকে ধৰি সকলো সা সৰঞ্জাম প্ৰদান কৰিছে বুলি কয়। আনহাতে শোণিতপুৰ জিলা কৃষি বিষয়া পংকজ শইকীয়াই আঁত ধৰি সকলো উদ্যমী মহিলাকে মন্ত্ৰী গৰাকীৰ সন্মুখত পৰিচয় কৰাই দিয়াৰ পিছত কৃষি উৎপাদক গোট “জয়মতী” ৰ অধ্যক্ষা কমল কুমাৰী বড়োৱে জানিবলৈ দিয়া মতে – কৃষি উৎপাদক গোটটোৰ দহজনীয়া পৰিচালনা সমিতি আছে। এহেজাৰ বিঘা ভূমিত অকল ৰঙালাও খেতি কৰিয়েই বৰ্তমানলৈকে দুই কোটি ৫০ লাখ টকা উৎপাদন খৰছৰ লগতে ৯০ লাখ টকা ৰাহি হোৱাৰ পথ প্ৰশস্ত হৈছে বুলি জানিবলৈ দি এশ বিঘা মাটিত আলু খেতি কৰি ২০ ৰ পৰা ২২ লাখ টকা আয় হ’ব বুলিও জনোৱাৰ লগতে ২০০০ বিঘা মাটিত সৰিয়হ খেতি কৰি প্ৰায় ৫০ লাখ টকা আয় কৰাৰ তথ্য সদৰী কৰাৰ লগতে এই সৰিয়হৰ নিজেই তেল পেৰী “জয়মতী খাতি সৰিয়হৰ তেল” উৎপাদন কৰা হৈছে বুলিও জানিবলৈ দিয়ে।

উল্লেখ্য যে, কৃষি উৎপাদক গোটটোৱে ইয়াৰ উপৰি ৩৭৫ বিঘা মাটিত মাটিমাহ, বিলাহী আদি খেতি কৰি প্ৰচুৰ উৎপাদন কৰাৰ পিছত অলপতে ২৫০০ কুইন্টল আলু পেপচিক’ কোম্পানীক জিলা প্ৰশাসনৰ জৰিয়তে বিক্ৰী কৰাৰ লগতে বহিঃৰাজ্যলৈ বিভিন্ন সময়ত উৎপাদিত ফচল বিক্ৰী কৰিবলৈ সক্ষম হৈছে।

কৃষি মন্ত্রীগৰাকীয়ে নিজেই পথাৰত আলু চপোৱা যন্ত্ৰৰ সহিতে ট্ৰেক্টৰ চলাই আলু খান্দি বৈজ্ঞানিক পদ্ধতিৰে কৃষি কৰ্মত নৱ প্ৰজন্মক নিয়োজিত হ’বলৈ উৎসাহিত কৰাৰ লগতে প্ৰাকৃতিক কৃষিৰ ওপৰতো অধিক গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায় ।

ইয়াৰ উপৰিও মন্ত্রীগৰাকীয়ে কয় যে ৰাজ্যখনত বছৰি ১৩৫ কোটি টকাৰ ফুলৰ প্ৰয়োজন হয়, আৰু সেই কথাকেই লক্ষ্য ৰাখি ফুলৰ ক্ষেত্ৰত ৰাজ্যখনক আত্মনির্ভৰশীল কৰাৰ উদ্দেশ্যই মুখ্যমন্ত্ৰীৰ উদ্যোগত অসম পুষ্প অভিযান আৰম্ভ কৰা হৈছে, এই অভিযানৰ জৰিয়তে বাণিজ্যিকভাৱে ফুলৰ খেতি কৰি স্বাৱলম্বী হ’বলৈ আহ্বান জনোৱাৰ লগতে বাণিজ্যিকভাৱে মৌ পালনৰ ওপৰতো গুৰুত্ব আৰোপ কৰিবলৈ কৃষকসকলক আহ্বান জনাই । বিগত বৰ্ষত ৰাজ্যখনৰ কৃষকসকলৰ দ্বাৰা উৎপাদিত সামগ্রীৰে বহিঃৰাজ্যৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে , ৰাজ্যখনৰ পৰা প্ৰায় ৪০০০ কোটি টকাৰ কৃষিজাত সামগ্ৰী বিদেশলৈ ৰপ্তানি কৰা হৈছে বুলি মত প্ৰকাশ কৰে । অসম পশু খাদ্য অভিযানৰ কাম কাজ আৰম্ভ হোৱা বুলি মন্তব্য কৰি মন্ত্রীগৰাকীয়ে ৰাজ্যখনৰ নৱ প্ৰজন্মক চৰকাৰী চাকৰিৰ বাবে বহি নাথাকি দুগুণ উৎসাহেৰে কৃষি কৰ্মত নিয়োজিত হৈ গৰু, ম’হ, ছাগলী, মূৰ্গী পালনৰ জৰিয়তে স্বনিয়োজনৰ পথ মুকলি কৰিবলৈ আহ্বান জনায় ।

কৃষি মন্ত্রীগৰাকীৰ এই পৰিদৰ্শনকালত উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ৰ সঞ্চালক ত্ৰিৰংগ ভাৰতীয় বৰা, কৃষি বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া পংকজনাভ দাস, জিলা জিলা সহকাৰী আয়ুক্ত আইৰিচ আৰ্মান আহমেদ আৰু জিলা কৃষি বিভাগ, APART ৰ বিষয়া কৰ্মচাৰীসকল। এই অনুষ্ঠানতে কৃষি মন্ত্রীগৰাকীয়ে শোণিতপুৰ জিলা কৃষি বিভাগৰ বিষয়াসকলৰ সৈতে বিভাগীয় বিভিন্ন আঁচনিৰ খতিয়ান আৰু ভৱিষ্যত পৰিকল্পনাৰ সম্পৰ্কেও মতবিনিময় কৰে ।

You might also like