নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিলিখা চাহ বাগিচাত মাতৃ- শিশুৰ স্বাস্থ্য সজাগতা শিবিৰ সম্পন্ন

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চ: মৰিয়নিৰ শিলিখা চাহ বাগিচাৰ উদ্যোগত আজি বাগিচাখনৰ চিকিৎসালয় প্ৰাঙ্গণত মাতৃ – শিশুৰ স্বাস্থ্য পৰীক্ষা আৰু স্বাস্থ্য সজাগতা শিবিৰ অনুষ্ঠিত কৰা হয় । জন্মৰ পৰা এবছৰ বয়সৰ শিশু সকলৰ লগতে মাতৃ সকলৰ স্বাস্থ্য পৰীক্ষা কৰি উপযুক্ত পৰামর্শ আগবঢ়োৱা হয় । শিলিখা চাহ বাগিচাৰ অন্তর্গত ইয়াৰ শাখা বাগিচা শিলিখা, হাতীপটি, ধপাতবাৰী আৰু পুঙাবাৰী চাহ বাগিচাৰ প্রায় পঞ্চাশটি শিশুৰ ওজন কৰি স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে প্রয়োজন অনুসৰি এই শিশু সকলৰ ল’বলগীয়া সতৰ্কতা তথা যত্নৰ বিষয়ে স্বাস্থ্য কর্মীসকলে বিভিন্ন পৰামর্শ আগবঢ়ায় । স্বাস্থ্য পৰীক্ষা শিবিৰৰ অন্তত এক চমু অনুষ্ঠান অনুষ্ঠিত কৰা হয় । এই অনুষ্ঠানটোত শিশু সকলৰ মাজৰ পৰা তিনি গৰাকী শিশু মাতৃক নির্বাচন কৰি উপহাৰ প্ৰদানেৰে পুৰস্কৃত কৰা হয় । তাৰোপৰি অংশগ্ৰহণকাৰী সকলোকে চাবোন, বিস্কুট দিয়া হয়। অনুষ্ঠানটোত শিলিখা চাহ বাগিচাৰ মুখ্য পৰিচালক তথা মহাপ্রৱন্ধক কার্তিক নাৰায়ণ সিং, ফার্মাচিষ্টদ্বয় বেদান্ত তামুলী, মৃণাল হাজৰিকা, নার্চ ক্রমে অসীমা শইকীয়া আৰু পলিনা আইৰণ, মহিলা জনকল্যাণ বিষয়া নৱনীতা বৰুৱা আদিয়ে অংশগ্ৰহণ কৰে । মহিলা জনকল্যাণ বিষয়া নৱনীতা বৰুৱাই চমু বক্তব্য প্রদান কৰি মাতৃ সকলক নিজৰ সন্তানসকলৰ বাবে অধিক সজাগ হবলৈ আহ্বান জনোৱাৰ লগতে চাফ চিকুনতা তথা খোৱা বোৱাত সচেতনতা অৱলম্বন কৰিবলৈ উপস্থিত সকলো মাতৃৰ প্ৰতি আহ্বান জনায় । শিলিখা চাহ বাগিচাৰ মুখ্য পৰিচালক তথা মহাপ্রৱন্ধক কার্তিক নাৰায়ণ সিঙে শিশু সকলৰ দায়িত্ব এগৰাকী মাতৃৰ বাদে আন কোনেও ল’ব নোৱাৰে বুলি উল্লেখ কৰে । তেওঁ কয়- মাতৃত্বৰ বোজা এগৰাকী মাতৃহে ল’ব পাৰে । এই বেদনা এগৰাকী মাতৃৰ বাহিৰে আন কোনো উপলব্ধি কৰিব নোৱাৰে । তেওঁ‌ বাগিচা অঞ্চলসমূহ শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ আহ্বান জনায় । তেওঁ কয়- প্রতি বছৰে বাগিচা অঞ্চলৰ পৰা বহু ছাত্র – ছাত্রী এম বি বি এছ পৰীক্ষাত উত্তীৰ্ণ হয । কিন্তু বাগিচাত নিজৰ স্বাস্থ্য সেৱা দিব নোখোজে । তেওঁ প্ৰসংগক্ৰমে কয় – অসম চৰকাৰৰ স্বাস্থ্য বিভাগে বাগিচা অঞ্চলৰ বাবে যথেষ্ট কাম কৰি আহিছে কিন্তু একমাত্ৰ সজাগতাৰ অভাৱত আমি পিছ পৰি ৰৈছোঁ‌ । উল্লেখযোগ্য যে, বিগত সময়তো শিলিখা চাহ বাগিচা কৰ্তৃপক্ষই এনে ধৰণৰ স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰি আহিছে ।

দিব্যজ্যোতি শইকীয়া

You might also like