নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত উপস্থিত ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চ:  আজি গুৱাহাটীত উপস্থিত হয় দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ লগতে আয়ুক্ত অনুপ চন্দ্র পাণ্ডে আৰু অৰুণ গোৱেল। দিল্লীৰ পৰা আজি আবেলি বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰাৰ লগে লগে অসমৰ মুখ্য নিৰ্বাচন আয়ুক্ত নিতীন খাৰে সহ বিষয়ববীয়া সকলে আদৰণি জনায়। বিমানবন্দৰৰ পৰা মুখ্য নিৰ্বাচন আয়ুক্ত সহ দুয়োগৰাকী আয়ুক্ত মহানগৰীৰ ৰেডিচন ব্লু হোটেললৈ যায়।

তিনিদিনীয়া কাৰ্য্যসূচীলৈ গুৱাহাটীলৈ অহা দেশৰ নিৰ্বাচন কমিচনে মহানগৰীৰ ৰেডিচন ব্লু হোটেলত কাইলৈ পুৱাৰে পৰা কেইবাখনো গুৰুত্বপূৰ্ণ সভাত অংশগ্রহণ কৰিব। পুৱা ৯ বজাৰ পৰা ১২ বজালৈ অসমৰ বিভিন্ন ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দলৰ প্ৰতিনিধি সকলৰ সৈতে মিলিত হ’ব। ১ বজাৰ পৰা দল সামাজিক দল-সংগঠন, ৰাইজৰ প্ৰতিনিধি আৰু নাগৰিকৰ সৈতে মিলিত হ’ব।২৮ মাৰ্চত পুৱা ৯ বজাৰ পৰা ১২ বজালৈ জিলা নিৰ্বাচন বিষয়াসকলৰ সৈতে এক সভাত অংশ গ্ৰহণ কৰিব। ১২ বজাৰ পৰা ১ বজালৈকে অসমৰ মুখ্য সচিবৰ সৈতে এখন সভাত অংশগ্রহণ কৰিব। আবেলি ৩ বজাত সংবাদমাধ্যম সৈতে মুখামুখি হ’ব। ৬ বজাত নতুন দিল্লী লৈ ঘুৰি যাব।

উল্লেখ্য যে অসমৰ ১৪খন লোকসভা সমষ্টি আৰু ১২৬টা বিধানসভা সমষ্টি পুনৰ গঠন সন্দৰ্ভত আলোচনা কৰিবলৈয়ে ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ এই অসম ভ্ৰমণ বুলি জানিব পৰা গৈছে। ২০২৪ৰ লোকসভা নিৰ্বাচন নে ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ আগত অসমৰ সমষ্টিসমূহ পুনৰ নিৰ্ধাৰণ হ’ব সেইলৈ ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছে।

You might also like