নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাৰৰ চোৰাং বেহা ৰোধ কৰিবলৈ যোগান ব্যৱস্থাত শীঘ্রে সংস্কাৰ

নিয়মীয়া বাৰ্তা ২৮ জুলাইঃ ৰাসায়নিক সাৰক কেন্দ্র কৰি একাংশ সাৰ ব্যৱসায়ী আৰু সাৰ উৎপাদক কোম্পানীয়ে চলোৱা একচেতীয়া অসাধু ব্যৱসায় ৰোধ কৰিবলৈ তৎপৰ হৈছে কৃষি বিভাগ৷ বিগত দুমাহ ধৰি সাৰ যোগানৰ সমগ্র প্রক্রিয়াটো কৃষি বিভাগে গভীৰভাৱে অধ্যয়ন কৰিছে আৰু কৃষকক প্রতাৰণা কৰি থকা অধ্যায়ৰ ইতি পেলাবলৈ সাৰ যোগান ব্যৱস্থাটোৰ সংস্কাৰমূলক কর্ম–আঁচনি যুগুত কৰিছে৷

মঙলবাৰে গুৱাহাটীত অসম চুক্তি ৰূপায়ণ বিভাগৰ সভাকক্ষত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা প্রকাশ কৰে কৃষিমন্ত্রী অতুল বৰাই৷ কৃষিমন্ত্রী বৰাই কয় যে ৰাজ্যখনত ৰাসায়নিক সাৰৰ মুঠ ৩৪৪টা পাইকাৰী ডীলাৰ আৰু ১,৬১৫টা খুচুৰা ডীলাৰ আছে৷ ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বর্তমানৰ অসম চৰকাৰৰ কৃষিমন্ত্রী হিচাপে দায়িত্ব গ্রহণ কৰিয়েই তেওঁ সাৰ বিক্রীৰ ক্ষেত্রত থকা অনিয়মসমূহ ধৰা পেলাই সংশ্লিষ্ট ব্যৱসায়ীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিবলৈ জিলা উপায়ুক্তসকলক নির্দেশ দিয়ে৷ এই নির্দেশৰ পৰিপ্রেক্ষিতত এতিয়ালৈকে পাইকাৰী ব্যৱসায়ীসকলৰ ভিতৰৰ মুঠ ৩০জনক কাৰণ দর্শোৱাৰ জাননী, ৩জনৰ অনুজ্ঞাপত্র বাতিল, এজন পাইকাৰী ব্যৱসায়ীৰ ব্যৱসায়িক প্রতিষ্ঠান ছীল আৰু আন এজন ব্যৱসায়ীক সাৱধান কৰি দিয়া হৈছে৷

আনহাতে, খুচুৰা ব্যৱসায়ীসকলৰ ভিতৰত ৩৮০জনলৈ কাৰণ দর্শোৱাৰ জাননী, ৩জনৰ অনুজ্ঞাপত্র বাতিল, ১৬জনৰ ব্যৱসায়িক প্রতিষ্ঠান ছীল আৰু এজন ব্যৱসায়ীক সাৱধান কৰি দিয়া হৈছে৷ মন্ত্রী বৰাই কয় যে সাৰ যোগান নীতিৰ সংস্কাৰ সাধনৰ ক্ষেত্রত তিনিটা মূল দিশত গুৰুত্ব আৰোপ কৰা হৈছে৷ ইয়াৰ জৰিয়তে খুচুৰা বিক্রেতা, পাইকাৰী বিক্রেতা আৰু সাৰ উৎপাদক কোম্পানীসমূহক সামৰি লোৱা গৈছে৷ কৃষকক ৰাসায়নিক সাৰ বিক্রী কৰাৰ সময়ত পইণ্ট অৱ ছেল বা প’ছ মেচিন ব্যৱহাৰ নকৰা আৰু সাৰ ক্রয় কৰাৰ পাছত কৃষকক উপযুক্ত ৰচিদ নিদিয়া খুচুৰা বিক্রেতাৰ অনুজ্ঞাপত্র বাতিলৰ লগতে কোনোধৰণৰ আইডি নোহোৱাকৈ সাৰ বিক্রী কৰি থকা, সাৰ বিক্রেতাৰ নির্দিষ্ট ভৌগলিক পৰিসীমাৰ বাহিৰত ব্যৱসায় কৰা বিক্রেতাসকলৰ অনুজ্ঞাপত্র বাতিলৰ দৰে ব্যৱস্থা লোৱা হ’ব৷ ইয়াৰ উপৰি কেন্দ্রীয় চৰকাৰৰ নির্দেশমর্মে অকল কৃষি বা ৰসায়ন বিজ্ঞানৰ স্নাতক, কৃষি বিজ্ঞানৰ ডিপ্ল’মাধাৰী বা ৰাষ্ট্রীয় কৃষি সম্প্রসাৰণ ব্যৱস্থাপনা প্রতিষ্ঠান বা ৰাষ্ট্রীয় শস্য স্বাস্থ্য ব্যৱস্থাপনা প্রতিষ্ঠানৰ দ্বাৰা কৃষি বিষয়ক ছমহীয়া প্রশিক্ষণ সমাপ্ত কৰা ব্যক্তিকহে ৰাসায়নিক সাৰৰ খুচুৰা ব্যৱসায়ৰ অনুজ্ঞাপত্র প্রদন কৰা হ’ব৷

আনহাতে, যিসকল পাইকাৰী ব্যৱসায়ীৰ আইএফএমএছ প’র্টেলত মান্যতাপ্রাপ্ত আইডি নাই আৰু যিসকল পাইকাৰী ব্যৱসায়ীয়ে ডিবিটিৰ জৰিয়তে অনলাইন ব্যৱস্থাৰে খুচুৰা ব্যৱসায়ীক সাৰ বিক্রী নকৰে, তেনেবোৰ পাইকাৰী ব্যৱসায়ীৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি কৃষিমন্ত্রী বৰাই প্রকাশ কৰে৷ মন্ত্রী বৰাই কয় যে একাংশ পাইকাৰী ব্যৱসায়ীৰ একচেতীয়া তথা অসৎ আধিপত্য ৰোধ কৰাৰ বাবেও কেতবোৰ সংশোধনী অনা হৈছে৷ ইয়াৰ ভিতৰত একোজন নির্দিষ্ট পাইকাৰী ব্যৱসায়ীয়ে প্রতিটো ৰেক পইণ্টৰ পৰা সকলোধৰণৰ সাৰ মিলাই সর্বোচ্চ ২০০ মেট্রিকটন সাৰহে লাভ কৰিব৷ আনহাতে, সাৰ উৎপাদক কোম্পানীসমূহে যাতে পাইকাৰী ব্যৱসায়ীসকলক অধিক পৰিমাণৰ সাৰ গ্রহণ কৰিবলৈ উৎসাহিত নকৰে তাৰ প্রতিও দৃষ্টি ৰখা হ’ব৷ সাৰ কোম্পানীসমূহে ৰেক পইণ্টৰ পৰা ৰাসায়নিক সাৰ পাইকাৰী ব্যৱসায়ীৰ গুদামলৈ প্রেৰণ কৰিব লাগে যদিও কার্যতঃ কোম্পানীসমূহে এই সাৰ নিজৰ নিজৰ ৱেৰ হাউছলৈ প্রেৰণ কৰা কার্যৰো মন্ত্রীগৰাকীয়ে সমালোচনা কৰে৷

সংবাদ মেলত কৃষিমন্ত্রী বৰাই কয় যে প্রয়োজনৰ তুলনাত অসমত ৰে’লৱে ৰেক পইণ্টৰ সংখ্যা যথেষ্ট কম আৰু বর্তমান ৰাজ্যখনত ৭টাহে এনে ৰেক পইণ্ট আছে৷ ইয়াৰ বাবে ৰাজ্যখনত কমেও দুখন জিলাৰ মাজত এটাকৈ ৰেক পইণ্ট স্থাপন কৰিবলৈ কেন্দ্রীয় চৰকাৰ আৰু ভাৰতীয় ৰে’লক অনুৰোধ জনাব বুলি মন্ত্রী বৰাই প্রকাশ কৰে৷ সংবাদ মেলত পি এম কিষাণ আঁচনিৰ অযোগ্য হিতাধিকাৰী সম্পর্কত সোধা সাংবাদিকৰ প্রশ্ণৰ উত্তৰত কৃষিমন্ত্রীগৰাকায়ে কয় যে বহুতো যোগ্য কৃষকৰ নাম পি এম কিষাণ আঁচনিৰ তালিকাত অন্তর্ভুক্ত হোৱা নাই৷ এই বিষয়টো অসম চৰকাৰৰ কেবিনেট বৈঠকত আলোচনা কৰা হৈছে আৰু এই সন্দর্ভত প্রয়োজনীয় সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ ইয়াৰ ফলত বহুতো প্রকৃত কৃষকৰ নাম এই আঁচনিৰ অন্তর্ভুক্ত হ’ব৷ যিসকল অযোগ্য হিচাধিকাৰীয়ে পিএম কিষাণ আঁচনিৰ অধীনত লাভ কৰা ধন ঘূৰাই দিয়া নাই সেইসকল হিতাধিকাৰীৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্রহণ কৰা হ’ব বুলিও মন্ত্রী বৰাই সংবাদ মেলত প্রকাশ কৰে৷

You might also like