বিশেষ বাৰ্তা, ১৮ ডিচেম্বৰঃ মন্ত্ৰী অশোক সিংহলে কালি বিভাগীয় বিষয়াসকলক লগত লৈ গুৱাহাটী মহানগৰীৰ উজানবজাৰ, খাৰঘুলি, পাণবজাৰ আৰু ফাঁচীবজাৰ এলেকাত গুৱাহাটী জল ব’ৰ্ড, গুৱাহাটী স্মাৰ্ট চিটী লিমিটেড আৰু গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ (জি এম ডি এ)ৰ দ্বাৰা ৰূপায়িত বিভিন্ন প্রকল্পস্থলী পৰিদৰ্শন কৰি কাম-কাজসমূহৰ অগ্ৰগতিৰ চৰজমিন বুজ লয়। মন্ত্ৰীগৰাকীয়ে গুৱাহাটী জল ব’ৰ্ডৰ খাৰঘূলিস্থিত কেন্দ্ৰীয় প্রকল্প, জল ব’ৰ্ড ভৱন, উজানবজাৰত ব্ৰহ্মপুত্ৰৰ পাৰৰ সৌন্দৰ্যবৰ্ধন প্রকল্প, পাণবজাৰৰ জজ খেলপথাৰ, নেহৰু পাৰ্ক, আৰক্ষী অধীক্ষকৰ পুৰণি বাংলো, ফাঁচীবজাৰত নিৰ্মিয়মাণ ব’টানিকেল গাৰ্ডেন আদি বিভিন্ন প্রকল্পস্থলী ভ্ৰমণ কৰে আৰু ৰূপায়ণকাৰী সংশ্লিষ্ট বিভাগসমূহৰ শীৰ্ষ বিষয়াসকলক যাৱতীয় নিৰ্দেশনা প্রদান কৰে। প্রকল্পস্থলীসমূহত উপস্থিত সাংবাদিকসকলৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰী সিংহলে কয়, গুৱাহাটী মহানগৰীৰ সকলো বাসিন্দালৈ পৰ্যায়ক্ৰমে খোৱাপানী যোগান ধৰাৰ বাবে চৰকাৰে দিনে-নিশাই কাম কৰি আছে। জল ব’ৰ্ডৰ দ্বাৰা পানী যোগানৰ পৰীক্ষামূলক পৰ্যায়ত ইতিমধ্যে প্রায় ১২ হাজাৰ পৰিয়ালৰ গৃহত পানী উপলব্ধ হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে বৰ্তমানৰ গতিত কাম অব্যাহত থাকিলে অহা বছৰৰ ভিতৰত মহানগৰীৰ অধিকাংশ এলেকাতে খোৱাপানী যোগান ধৰিব পৰা যাব বুলি তেওঁ আশাবাদী। ২১ ডিচেম্বৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জাইকা সাহায্যপ্লাপ্ত গুৱাহাটী পানী যোগান আঁচনিৰ আংশিক কাৰ্যকৰীকৰণৰ কাম আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব বুলি জানিবলৈ দি তেওঁ কয় যে এই অনুষ্ঠানত ভাৰতস্থিত জাপানৰ ৰাষ্ট্ৰদূত কাৰ্যালয়ৰ প্ৰতিনিধিৰ লগতে জাইকাৰ প্ৰতিনিধিও উপস্থিত থাকিব। এই প্রকল্পৰ আংশিক কাৰ্যকৰীকৰণে ২৬ হাজাৰৰো অধিক পৰিয়ালক সামৰি ল’ব বুলি তেওঁ উল্লেখ কৰে। গুৱাহাটীৰ প্রায় প্রতিটো অঞ্চলতে জাইকাৰ খোৱাপানী যোগানৰ পাইপ বহুওৱাৰ কাম চলি আছে বুলি উল্লেখ কৰি পানী উপলব্ধ এলেকাসমূহত খোৱাপানীৰ ঘৰুৱা সংযোগ সুবিধা লোৱাৰ বাবে আগবাঢ়ি আহিবলৈ তেওঁ ৰাইজৰ প্রতি আহ্বান জনায়। আনহাতে মন্ত্ৰী সংহলে আজি উজানবজাৰত ব্ৰহ্মপুত্ৰৰ পাৰ সৌন্দৰ্যবৰ্ধন প্রকল্পৰ কাম-কাজো পৰিদৰ্শন কৰে। প্রায় ৩০০ কোটি টকা ব্যয়েৰে হাতত লোৱা এই প্ৰকল্পই অঞ্চলটোৰ সৌন্দৰ্য বৃদ্ধিৰ লগতে মহানগৰখনকো এক নতুন ৰূপ প্রদান কৰিব বুলি তেওঁ মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে এতিহাসিক জজ খেলপথাৰৰ উন্নয়ন আৰু সৌন্দৰ্যবৰ্ধনৰ কাম-কাজৰ বুজ লোৱাৰ লগতে নেহৰু পাৰ্কৰ পুনৰুজ্জীৱিতকৰণ প্রকল্পৰো খতিয়ান লয় আৰু দুয়োটা প্রকল্প নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰি তুলিবলৈ গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণক নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে মহানগৰীৰ মাজমজিয়াত থকা ফাঁচীবজাৰৰ পুৰণি কাৰাগাৰৰ ভূমিত নিৰ্মিয়মাণ ব’টানিকেল গাৰ্ডেনৰ কাম-কাজো পৰিদৰ্শন কৰে আৰু অতি সোনকালেই এই উদ্যান ৰাইজৰ বাবে মুকলি কৰিব পৰা যাব বুলি আশা কৰে।