নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাচিতৰ দেশত অসমীয়াৰ জন্মই হৈছে অসম্ভৱক সম্ভৱ কৰি তুলিবলৈ

উন্নয়নৰ বতৰা লৈ যোৰহাটত বিশাল বাইক ৰেলী মন্ত্রী ড০ শর্মাৰ

নিয়মীয়া বাৰ্তা ১১ জানুৱাৰীঃ উন্নয়নৰ বতৰা লৈ আজি যোৰহাটত উপস্থিত হয় ৰাজ্যৰ স্বাস্থ্য, শিক্ষা, বিত্ত, লোকনির্মাণ দপ্তৰৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ যোৰহাট জিলা যুৱ মর্চাৰ উদ্যোগত উলিওৱা বিশাল বাইক ৰেলীত অংশগ্রহণ কৰা মন্ত্রী ড০ শর্মাই কমাৰবন্ধা সংযোগী (যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সন্মুখত) পথৰ ওপৰত উৰণীয়া সেতুৰ আধাৰশিলা স্থাপন কৰে৷ লোকনির্মাণ বিভাগৰ উদ্যোগত আয়োজিত উৰণীয়া সেতুৰ নির্মাণকার্যৰ মাংগলিক শুভাৰম্ভ অনুষ্ঠানত অংশগ্রহণ কৰি মন্ত্রী ড০ শর্মাই আজিৰ দিনটো যোৰহাটবাসীৰ বাবে অত্যন্ত সৌভাগ্যৰ দিন বুলি উল্লেখ কৰি কয় যে যোৰহাটত দ্বিতীয়খন উৰণীয়া সেতু নির্মাণৰ কাম আৰম্ভ হৈছে৷ ন–আলিত নির্মীয়মাণ প্রথমখন উৰণীয়া সেতুৰ আধাৰশিলা স্থাপন কৰোঁতে একাংশই বিজেপিৰ ভেঁকো–ভাওনা বুলি কৈছিল৷ কিন্তু ন–আলিৰ উৰণীয়া সেতুখনৰ কাম ৬৫ শতাংশ সম্পূর্ণ হৈছে৷ বিগত প্রায় পাঁচ বছৰত যোৰহাটবাসীৰ জীৱনলৈ বহু পৰিৱর্তন আহিছে৷ এই সময়ছোৱাত যোৰহাটত প্রায় ৩০০ কিলোমিটাৰ পথ পকীকৰণৰ কাম সম্পন্ন হৈছে৷ আজি আধাৰশিলা স্থাপন কৰা উৰণীয়া সেতুখনৰ নির্মাণকার্য অহা ২৪ মাহত সম্পূর্ণ হ’ব বুলি মন্তব্য কৰি মন্ত্রী ড০ শর্মাই পুনৰ কয়– আমি কেতিয়াও মাইক্র’ফাইনেন্সৰ দালালৰ ওচৰত অসমৰ মহিলাৰ সন্মান বিক্রী কৰিব দিব নোৱাৰোঁ৷ ৰাজ্য চৰকাৰে উন্নয়ন আৰু বিকাশৰ বাবে প্রতিদিনাই কাম কৰিছে৷ পূর্বৰ চৰকাৰৰ লুঙি–ধুতী–সূতাৰ পৰিৱর্তে শিক্ষাৰ দ্বাৰা পৰিৱর্তন অনাৰ চেষ্টা কৰা হৈছে৷ অসম বিধানসভাৰ শীতকালীন অধিৱেশনত মাইক্র’ফাইনেন্স প্রতিষ্ঠানক নাকী লগাবলৈ চৰকাৰে প্রণয়ন কৰা আইনৰ প্রসংগ উল্লেখ কৰি মন্ত্রী ড০ শর্মাই পুনৰ কয়– মাইক্র’ফাইনেন্স কোম্পানীয়ে একপ্রকাৰ আমাৰ আই–মাতৃসকলৰ ওপৰত নাৰকীয় নির্যাতন চলাইছিল৷ আমি বিধানসভাত কেইদিনমান আগতে এখন আইন প্রণয়ন কৰিছোঁ– এই আইনৰ অধীনত কোনো মাইক্র’ফাইনেন্স কোম্পানীৰ এজেণ্টে মহিলাৰ ঘৰলৈ যাব নোৱাৰিব, টিনপাত উঠাই আনিব নোৱাৰিব৷ আমাৰ প্রচেষ্টা হ’ব একো একোগৰাকী আই–মাতৃৰ নামত যি ঋণ আছে, আমি যিমান সোনকালে পাৰোঁ সেই ঋণৰ পৰা তেওঁলোকক গৌৰৱৰ জীৱন পুনৰ এবাৰ ওভতাই দিব পাৰোঁ, সেই সংকল্প বিধানসভা মজিয়াত কৰিছিলোঁ৷ অসমৰ আই–মাতৃক তেওঁলোকৰ সন্মান মাইক্র’ফাইনেন্স কোম্পানীৰ দালালসকলৰ ওচৰত বিক্রী কৰিব দিব নোৱাৰোঁ৷ এই প্রতিশ্রুতিৰে আমি আগুৱাই যাম আৰু আমাৰ লক্ষ্যত উপনীত হ’ম৷ স্বাস্থ্য, শিক্ষাৰ সমান্তৰালভাৱে মহিলা সবলীকৰণৰ কথা চিন্তা কৰি অৰুণোদয় আঁচনিৰ জৰিয়তে ২২ লাখ মহিলাৰ একাউণ্টত ধন জমা দিয়া বুলিও তেওঁ উল্লেখ কৰে৷

সেইদৰে মহিলা আত্মসহায়ক গোটলৈ ৫০ হাজাৰ টকাকৈ সাহায্য আগবঢ়োৱাৰ কথা উল্লেখ কৰি তেওঁ পুনৰ কয় যে স্বয়ম আঁচনিৰ অধীনত যুৱকসকলৰ আত্মসহায়ক গোটলৈও সাহায্য আগবঢ়োৱা হ’ব৷ দুই–এদিনৰ ভিতৰতে যোৰহাট–মাজুলী সংযোগী দলঙৰ কামো আৰম্ভ হ’ব৷ আজিৰ অনুষ্ঠানতে যোৰহাটৰ গড়মূৰত স্থাপন হ’বলগীয়া আঞ্চলিক ফৰেনছিক বিজ্ঞানাগাৰটোৰো আধাৰশিলা স্থাপন কৰে মন্ত্রী ড০ শর্মাই৷ মন্ত্রী ড০ শর্মাই অসম বিধানসভাৰ অধ্যক্ষ তথা যোৰহাটৰ বিধায়ক হিতেন্দ্র নাথ গোস্বামীক প্রশংসা কৰে৷ অনুষ্ঠানত উপস্থিত থকা অসম বিধানসভাৰ অধ্যক্ষ গোস্বামীয়ে নিজ ভাষণত মন্ত্রী ড০ শর্মাক কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে কমাৰবন্ধা আলিৰ ওপৰত নির্মাণ হ’বলগীয়া উৰণীয়া সেতুৰ আধাৰশিলা স্থাপনৰ দিনটো যোৰহাটবাসীৰ বাবে ঐতিহাসিক দিন৷ আজিৰ অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ কামাখ্যাপ্রসাদ তাছা, যোৰহাট লোকসভাৰ সাংসদ তপন কুমাৰ গগৈ, হাস্পতালৰ অধ্যক্ষ তথা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ আজিৰ সভাতে বিনামূলীয়া চিকিৎসা গ্রহণ কৰি সুস্থ হোৱা এটি শিশুৱে মাতৃৰ সৈতে আহি সম্বর্ধনা জ্ঞাপন কৰে মন্ত্রী ড০ শর্মাক৷ ইফালে আজি যোৰহাটত মন্ত্রী ড০ শর্মাই জিলা যুৱ মর্চাই উলিওৱা এক বিশাল বাইক ৰেলীত অংশগ্রহণ কৰে৷ যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰৰ পৰা আৰম্ভ হোৱা এই বিশাল বাইক ৰেলীত মন্ত্রী ড০ শর্মাই নিজে স্কুটী চলাই জে’ল ৰোড–সোণাৰি গাঁও–এ টি ৰোডেৰে ট্রাক ষ্টেণ্ড হৈ পুৰণা বালিবাটেৰে গড়আলি–কে বি ৰোডেৰে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সন্মুখত অনুষ্ঠিত ৰাজহুৱা সভাত অংশগ্রহণ কৰে৷ প্রায় ১০ কিলোমিটাৰজোৰা এই বাইক ৰেলীৰ সময়ছোৱাত ‘ড০ হিমন্ত বিশ্ব শর্মা’ ধ্বনিৰে মুখৰিত হৈ পৰে যোৰহাটৰ আকাশ–বতাহ৷

You might also like