নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত প্রথমবাৰলৈ স্থানীয় নির্মাতাই মুকলি কৰিলে ই–ৰিক্সা

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ অসমৰ অটোম’বাইল নির্মাতা কুমাৰ ইঞ্জিনীয়াৰিঙে মুকলি কৰিলে স্থানীয়ভাৱে নির্মাণ কৰা কৰা ই–ৰিক্সা ‘কুমাৰ ৮৮৮ই’৷ উত্তৰ–পূর্বাঞ্চলৰ ইতিহাসত অসমত স্থানীয় নির্মাতাই ই–ৰিক্সা মুকলি কৰা এয়াই প্রথম৷ ই–ৰিক্সাখন আনুষ্ঠানিকভাৱে মুকলি কৰে অসম আৰক্ষীৰ যুটীয়া আয়ুক্ত প্রার্থসাৰথি মহন্তই৷ এই মুকলি অনুষ্ঠানত লগতে উপস্থিত থাকে প্রতিষ্ঠানটোৰ অধ্যক্ষ কুমাৰ গৌৰৱ৷

চৰকাৰে বৈদ্যুতিক বাহনৰ প্রসাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি থকাৰ সময়তে অসমৰ বজাৰত এই ই–ৰিক্সাখনে গ্রাহকৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিব বুলি আশাবাদী কুমাৰ ইঞ্জিনীয়াৰিং প্রতিষ্ঠানটো৷

You might also like