নিয়মীয়া বাৰ্তা, ১৯ জুন : মৰিগাঁৱৰ ভূৰাগাঁৱৰ কুপতিমাৰী আৰু বালিডোংগাত অব্যাহত থকা ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে আজি ভূৰাগাঁৱৰ খহনীয়াস্থলীত উপস্থিত হয় জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰীকা। উল্লেখ্য যে প্ৰায় এসপ্তাহ ধৰি ভূৰাগাঁও অঞ্চলৰ কুপতিমাৰী আৰু বালিডোংগাত ব্ৰহ্মপুত্ৰৰ খহনীয়াই বিভীষিকা সৃষ্টি কৰি আহিছে। ফলত অঞ্চলটোৰ নৈপৰীয়া লোকসকলৰ লগতে কুপতিমাৰীৰ পুৰণা মথাউৰিটোলৈও তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে। ইয়াৰ মাজতে খহনীয়াৰ কবলত অঞ্চলটোত বিঘাই বিঘাই কৃষি ভূমি আৰু বহু কেইটা পৰিয়ালৰ ঘৰ-বাৰী জাহ যায়। অৱশ্যে ইয়াৰ বিপৰীতে মৰিগাঁও জিলা জলসম্পদ বিভাগে খহনীয়াগ্ৰস্ত অঞ্চলটোত জৰুৰীকালীন ভাৱে অস্থায়ী খহনীয়া প্ৰতিৰোধৰ বাবে বাঁহৰ জেং আৰু জিঅ’বেগৰ কাম চলাই আছে। এনে অৱস্থাতে আজি খহনীয়াগ্ৰস্ত অঞ্চলটো পৰিভ্ৰমণ কৰাৰ উদ্দেশ্যে জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰীকাই আজি মুষলধাৰা বৰষুণৰ মাজতে খহনীয়াগ্ৰস্ত অঞ্চলটোত উপস্থিত হৈ বান খহনীয়াৰ পৰিস্থিতি বুজ লয়। উল্লেখ্য যে যোৱা কেইদিনমান ধৰি কুপতিমাৰী আৰু বালিডোংগাত খহনীয়াই অধিক বিধ্বংসী ৰূপ ধাৰণ কৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। সম্প্ৰতি অব্যাহত থকা গৰাখহনীয়াত মথাউৰি জাহ যোৱা সম্ভাৱনা আছে।অঞ্চলটোত অব্যাহত থকা খহনীয়াস্থলী পৰিভ্ৰমণ কৰি বিভাগীয় মন্ত্ৰী গৰাকীয়ে অৱশ্যে গৰাখহনীয়া প্ৰতিৰোধৰ নিৰ্দেশ দিয়ে। লগতে মন্ত্ৰী গৰাকীয়ে কয় যে অহা বছৰ নাবাৰ্ডৰ অৰ্থ সাহাৰ্য্যৰে জিলাখনৰ খহনীয়াৰ স্হায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰা হ’ব। ইয়াৰ বাবে ইতিমধ্যে আঢ়ৈশ কোটি টকা আৱণ্টন দিয়া হৈছে আৰু স্থায়ী প্ৰতিৰোধৰ কামৰ নিবিদা অচিৰেই হ’ব আৰু এই কাম অহা ডিচেম্বৰ মাহত আৰম্ভ হ’ব বুলি কয়। আনহাতে ব্ৰহ্মপুত্ৰৰ পৰা ৭০০ মিটাৰ দূৰত্বত থকা তথা খহনীয়াৰ কবলত পৰা কুপতিমাৰীৰ মথাউৰিৰ পিছফালে অৰ্থাৎ দক্ষিণ দিশত আন এটা মথাউৰি নিৰ্মাণৰ কাম শীঘ্ৰেই আৰম্ভ কৰিবলৈ মন্ত্ৰী হাজৰিকাই জলসম্পদ বিভাগক নিৰ্দেশ দিয়ে। ইফালে ৰাজ্যখনত আজিলৈকে ৩৩,৪১২ গৰাকী লোক সম্প্ৰতি প্ৰথমটো বানৰ কবলত পৰিছে আৰু তেওঁলোকক চৰকাৰে সম্পূৰ্ণ সহায় সাহাৰ্য্যৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও মন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।
প্ৰেৰক আবুল কালাম