মাজুলীত কোচ-ৰাজবংশী সন্মিলনীৰ সভাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা
নিয়মীয়া বাৰ্তা ডিজিটেল, ৮ এপ্ৰিলঃ অসমৰ জনজীৱনত, ৰাষ্ট্ৰ গঠনত বা অসমখনক একত্ৰিত কৰি ৰখাত কোচ-ৰাজবংশীসকলৰ যথেষ্ট অৰিহণা আছে।- এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ। মাজুলী জিলা কোচ-ৰাজবংশী সন্মিলনীৰ উদ্যোগত তথা মাজুলী জিলা আক্ৰাছুৰ সহযোগত আজি অনুষ্ঠিত এখন ৰাজহুৱা সভাত এইদৰে মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। বিশাল জনসভাত ভাষণ দাঙি ধৰি মন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ ইতিহাস আমি যি ধৰণে প্ৰতিষ্ঠিত কৰিব লাগিছিল সেই ধৰণে আমি প্ৰতিষ্ঠিত কৰিব পৰা নাই। এই কথাষাৰ আমি প্ৰত্যকজন অসমীয়াই স্বীকাৰ কৰি ল’ব লাগিব। অসমৰ জনজীৱনত, ৰাষ্ট্ৰ গঠনত বা অসমখনক একত্ৰিত কৰি ৰখাত কমতাপুৰীয়া কোচ-ৰাজবংশী ভাইসকলৰ যথেষ্ট অৰিহণা আছে। বিশ্ব মহাবীৰ চিলাৰায় বা ৰজা নৰনাৰায়ণৰ অসমখনক একত্ৰিত কৰি ৰখাৰ যি অৰিহণা আছে এনেকুৱা ৰজা, এনে মহাবীৰ সেনাপতি আন ৰাজবংশীত দেখিবলৈ পোৱা নাযায়। তেওঁ আৰু কয় যে আমাৰ নিজৰ কিছু ভুলৰ কাৰণে এই কথাখিনিক প্ৰাসংগিক কৰি ৰখা বা তাক আগবঢ়াই নিয়া কামটো কৰিব পৰা নাই। অসম চৰকাৰৰ উদ্যোগত কিছুদিন আগতে অসমৰ ৰাজনৈতিক ইতিহাস ‘পলিটিকেল হিষ্টৰী অৱ আছাম’ সংকলন কৰি উলিওৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে অসমৰ প্ৰকৃত ৰাজনৈতিক বা সামাজিক বুৰঞ্জীও আমি পৰ্যায়ক্ৰমে অসমৰ নতুন প্ৰজন্মৰ কাৰণে কৰিব লাগিব। আৰু প্ৰত্যকটো প্ৰজন্মই, প্ৰতিটো জাতি-জনগোষ্ঠীৰ মানুহে নিজৰ জাতি-জনগোষ্ঠীক লৈ গৌৰৱ কৰা দৰকাৰ, তেতিয়াহে এটা জাতি বা জনগোষ্ঠী এটা স্বাভিমানী জাতি বা জনগোষ্ঠী হ’ব পাৰে। তেওঁ ভাষণ কয় যে কমতাপুৰীয়া বা কোচ-ৰাজবংশীসকলৰ ইমানেই গৌৰৱোজ্বল ইতিহাস আছে যে প্ৰতিজন কোচ লোকেই গৌৰৱ কৰিব পাৰে আৰু গৌৰৱ কৰাৰ প্ৰয়োজন আছে। আমি এই কথাবিলাক গুৰুত্বসহকাৰে নলওঁ কাৰণে বহু সময়ত আমাৰ জাতিটোৰ বহুত ক্ষতি হৈ থাকে। মন্ত্ৰীগৰাকীয়ে কোচ-ৰাজবংশী জনগোষ্টীটোৰ উন্নয়নৰ কাৰণে বিভিন্ন সময়ত বহুত কাম কৰা বুলি উল্লেখ কৰি যে কিছু কামত আমি সফল হৈছো, কিছু কামত আমি হ’ব পৰা নাই। কিন্তু কোচ-ৰাজবংশীসকলক সুসংগঠিত হৈ থাকিব পৰা যি পৰিৱেশ গঢ় দিব লাগিছিল, তাত যেন ক’ৰবাত ব্যৰ্থ হৌৱা বুলি স্বীকাৰ কৰি মন্ত্ৰীগৰাকীয়ে এই কামটো আজিৰ তাৰিখত অত্যন্ত কৰিবলগীয়া কাম বুলি উল্লেখ কৰে। মাজুলী জিলাত সকলোকে সুসংগঠিত কৰি সন্মিলনীৰ আধাৰত জাতিটোক একগোট কৰি উন্নয়নৰ পৰিকল্পনা কৰাৰ বাবে মন্ত্ৰীগৰাকীয়ে কোচ-ৰাজবংশী সন্মিলনীৰ লগতে আক্ৰাছুক ধন্যবাদ জ্ঞাপন কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৃহত্তৰ অসমীয়া জাতি গঠনত আটাইতকৈ ডাঙৰ অৰিহণা আছে বুলি উল্লেখ কৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে মহাপুৰুষজনাক এই অৰিহণা যোগাৱাৰ যিটো পৰিৱেশ দিছিল মহাবীৰ চিলাৰায় আৰু মহাৰাজ নৰনাৰায়ণে। মহাবীৰ চিলাৰায় আৰু মহাৰাজ নৰনাৰায়ণৰ সহায়-সহোগিতা অবিহনে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কেতিয়াও অসময়ীয়া জাতি গঠনৰ প্ৰক্ৰিয়াটোৰ লগতে অসমত বৈষ্ণৱ সংস্কৃতি, অসমৰ সাহিত্য-সংস্কৃতি, অসমৰ সত্ৰ সংস্কৃতি, অসমৰ সভ্যতা-সংস্কৃতিৰ কাৰণে কাম কৰিব নোৱাৰিলেহেঁতেন। কিন্তু এই কথাবিলাক আজি ইতিহাসৰ গৰ্ভত হেৰাই যোৱাৰ দৰে হৈছে, যাক আমি কেতিয়াও বিশ্লেষণ নকৰো। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৃহত্তৰ অসমীয়া জাতি গঠনৰ মূল পৃষ্ঠপোষক আছিল মহাবীৰ চিলাৰায় আৰু মহৰাজ নৰনাৰায়ণ। এই কথা আমি সদায় মন্ত ৰাখিব লাগে বুলি তেওঁ কয়। যি বাস্তৱ ইতিহাস, যি সত্য ইতিহাস এই কথাবিলাক আমি নতুন প্ৰজন্মৰ ওচৰলৈ লৈ যাব লাগে বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে। বিশ্ব মহাবীৰ চিলাৰায়ৰ পিছত আমাৰ যি পৰিৱেশ আছিল, তাত ভাতৃৰ মাজত সংঘাত ইত্যাদিৰ কাৰণে সেই সময়ত কোচ ৰাজ্য যেনেদৰে দ্বিখণ্ডিত হৈ গৈছিল, তাৰ পিছৰ পৰাই যেন আমি ক’ৰবাত নহয় ক’ৰবাত সংহতিৰ অভাৱ পাই আহিছো। আজি সেই সংহতিৰ অভাৱবিলাক আজি নোহোৱা কৰাৰ সময়। কাৰণ প্ৰতিটো জাতি-জনগোষ্ঠীয়ে নিজিৰ নিজৰ অধিকাৰসমূহ পাব লাগে। নিজৰ অধিকাৰ বিচৰাটো জনগোষ্ঠীৰ কেতিয়াও ভুল হ’ব নোৱাৰে। জনগোষ্ঠীয়ে নিজৰ অধিকাৰ বিচৰাটো দায়িত্ব বুলি ভাবিব লাগে। সভাত তেওঁ কোচ-ৰাজবংশী জনগোষ্ঠীটোৱে ভাৰতবৰ্ষক বিশ্ব গুৰুৰ আসনত নিবৰ কাৰণে সক্ষম হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী নিৰ্বাচিত কৰাৰ বাবে যি সংজ্ঞাবদ্ধভাৱে সুন্দৰ চিন্তা কৰিছে, তাৰ বাবে কোচ-ৰাজবংশী সন্মিলনীক ধন্যবাদ জ্ঞাপন কৰে। একেদৰে তেওঁ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব যোৱা আঢ়ৈটা বছৰে অসমত যি বিকাশৰ মহাযজ্ঞ আৰম্ভ হৈছে সেই বিষয়েও উল্লেখ কৰে। তেওঁ কয় কয় যে প্ৰতিটো জাতি-জনগোষ্ঠীৰ মাজত এক সমন্বয়ৰ বাতাবৰণ সৃষ্টি কৰি অসমীয়া জাতিটোক সুৰক্ষিত চিন্তা-চাৰ্চাৰ মাজেৰে আমি আগবঢ়াই নিয়াৰ কাম কৰিছো। সভাত মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বৰ ওপৰত সন্মিলনীয়ে আস্থা প্ৰকাশ কৰি আগন্তুক নিৰ্বাচনত তেওঁলোকৰ হাত শক্তিশালী কৰিবলৈ লোৱা যি সিদ্ধান্ত লৈছে তাৰ বাবে তেওঁ সন্মিলনীক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ পুনৰ কয় যে অসমত জনজাতিকৰণ এটা অত্যন্ত জটিল প্ৰক্ৰিয়া। এই সন্দৰ্ভত যদি আটাইতকৈ বেছি কাম কাৰিছে সেয়া ভাৰতী জনতা পাৰ্টিৰ চৰকাৰে কৰিছে। ৰেজিষ্টাৰ জেনেৰেল অৱ ইণ্ডিয়াত যেতিয়া জনজাতিকৰণৰ বিষয়টো বাতিল হৈছিল, বিজেপিৰ চৰাকাৰৰ দিনতে আৰ জি আইত বিষয়টো একচেপ্ট কৰা হৈছিল। ৰাজ্যসভাতো বিধেয়ক আনি কোচ-ৰাজবংশীসকলৰ জনজাতিকৰণৰ বিষয়টো উত্থাপন কৰা হৈছিল। মন্ত্ৰীগৰাকীয়ে অসমত সিচৰতি হৈ থকা কোচ-ৰাজবংশী ভাইসকলৰ উন্নয়নৰ বাবে বিভিন্ন কাম হাতত লোৱাৰ কথাও উল্লেখ কৰে। মাজুলীত নিৰ্মাণ কৰিবলগীয়া চিলাৰায় ভৱনৰ বাবে সন্মিলনীক মাটি আবণ্টন দিয়াৰো প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰীগৰাকীয়ে। আনহাতে, লোকসভা নিৰ্বাচনৰ পিছত পৰ্যায়ক্ৰমে জনগোষ্ঠীটোৰ বিভিন্ন কামো কৰাৰ কথা তেওঁ সভাত উল্লেখ কৰে। আনহাতে, মন্ত্ৰীগৰাকীয়ে আজি মাজুলীৰ জ্যেষ্ঠ নাগৰিকসকলৰ সৈতে এক সৌহাৰ্দ্যমূলক বাৰ্তালাপ কৰে।