বিশেষ বাৰ্তা, ১১ অক্টোবৰ : মন্ত্ৰী পীযুষ হাজৰীকাই আজি কাছাৰৰ শিলচৰ আৰু হাইলাকান্দি জিলাত অৰুণোদয় আঁচনি সম্পৰ্কীয় বিশেষ সভাত অংশগ্ৰহণ কৰি অৰুণোদয় ২.০ৰ অধীনত নতুন হিতাধিকাৰীসকলৰ মাজত আনুষ্ঠানিকভাৱে অৰুণোদয় কাৰ্ড বিতৰণ কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰথমতে শিলচৰৰ পুলিচ পেৰেড গ্ৰাউণ্ডত আয়োজিত সভাত অংশ লৈ হিতাধিকাৰীসকলৰ হাতত অৰুণোদয় কাৰ্ড আনুষ্ঠানিকভাৱে তুলি দিয়ে।
অনুষ্ঠানত বক্তব্য প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰৰ অন্যতম সফল আঁচনি অৰুণোদয়ৰ সফলতাৰ বিষয়ে উল্লেখ কৰে। পদ্ধতিগতভাৱে যোগ্য হিতাধিকাৰী বাচনি কৰা এই আঁচনিয়ে প্ৰায় ২৭.৬ লাখ পৰিয়ালক মাহিলি ১২৫০ টকাকৈ প্ৰদান কৰি আৰ্থিক দিশত সকাহ দি আহিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে এইক্ষেত্ৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি অনুসৰি কাম কৰা বুলি মন্তব্য কৰ । আনহাতে মাইক্ৰ’ফাইনেন্সৰ লোন ৰেহাই আঁচনিখনো মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি অনুসৰি ৰূপায়ণ কৰা বুলি মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে। প্ৰতিশ্ৰুতি অনুসৰি ১ লাখ চৰকাৰী নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰখনে সম্পূৰ্ণ মেধাৰ ভিত্তিত এতিয়ালৈকে প্ৰায় ৮৭০০০ যুৱক-যুৱতীক নিযুক্তি দিয়া বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অতি কম সময়ৰ ভিতৰত আৰু প্ৰায় ৩০০০০ যুৱক যুৱতীক চৰকাৰে নিযুক্তি প্ৰদান কৰিব। আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেৰণাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত ৰাজ্যখনে উন্নয়নৰ নতুন ৰূপ লাভ কৰা বুলিও মন্ত্ৰী হাজৰীকাই মন্তব্য কৰে। বৰ্তমানৰ চৰকাৰখনৰ দিনত চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ, বাট-পথ আৰু দলং নিৰ্মাণ, ক্ৰীড়াৰ আন্তগাঁথনি নিৰ্মাণ আদিকে ধৰি বহুতো কাম হাতত লোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
পাছত মন্ত্ৰীগৰাকীয়ে হাইলাকান্দি জিলাত উপস্থিত হৈ অৰুণোদয় ২.০ ৰ অধীনত অৰুণোদয় কাৰ্ড বিতৰণ কায্যসূচীত অংশ লয়। এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে মিছন বসুন্ধৰা, মিছন ভূমিপুত্ৰকে ধৰি ৰাজ্য চৰকাৰৰ কল্যাণকামী অঁচনিসমূহৰ বিষয়ে উল্লেখ কৰে। মন্ত্ৰীগৰাকীৰ কাৰ্যসূচীকেইটাত বিধায়ক ক্ৰমে দীপ্যায়ন চক্ৰৱৰ্তী, কৌশিক ৰায়, মিহিৰকান্তি সোম, কৃষ্ণেন্দু পাল, বিজয় মালাকাৰ আৰু নিজামুদ্দিন চৌধুৰীৰ লগতে জিলা দুখনৰ আয়ুক্ত প্ৰমূখ্যে প্ৰশাসনৰ বিষয়াসকলে সংগ দিয়ে ।