নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মন্ত্ৰী পীয়ূষ হাজৰিকাক পঞ্চায়ত নির্বাচন পৰিচালনা কমিটীৰ আহ্বায়কৰ দায়িত্ব

পঞ্চায়ত নির্বাচনক লৈ কুচকাৱাজ আৰম্ভ বিজেপিৰ

৩১খন জিলাৰ নির্বাচনী দায়িত্ব ১৪ মন্ত্রীক অর্পণ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১ এপ্ৰিলঃ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নির্বাচনৰ পাছতে অনুষ্ঠিত হ’বলগা পঞ্চায়ত নির্বাচনক লৈ কুচকাৱাজ আৰম্ভ কৰিলে ৰাজ্যিক বিজেপিয়ে৷ ইতিমধ্যে মিত্রদল অগপৰ লগত পঞ্চায়ত নির্বাচনৰ বুজাবুজি সন্দর্ভত গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত কৰাৰ পাছতেই ৩১খন দলীয় জিলাৰ নির্বাচনী দায়িত্ব অর্পণ কৰিলে ১৪গৰাকী মন্ত্রীক৷ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই আনুষ্ঠানিকভাৱে মন্ত্রীসকলক এই দায়িত্ব অর্পণ কৰে৷ সেই অনুসৰি মন্ত্রী ৰঞ্জিত কুমাৰ দাসক দৰং, উত্তৰ কামৰূপ আৰু দক্ষিণ কামৰূপ জিলাৰ দায়িত্ব অর্পণ কৰিছে৷ মন্ত্রী ডাঃ ৰণোজ পেগুক বিশ্বনাথ, লখিমপুৰৰ দায়িত্ব অর্পণ কৰিছে৷ মন্ত্রী অশোক সিংহলক বিলাসীপাৰা, ধুবুৰী আৰু দক্ষিণ শালমাৰাৰ দায়িত্ব অর্পণ কৰিছে৷ অজন্তা নেওগক যোৰহাট আৰু কলিয়াবৰৰ দায়িত্ব, জয়ন্ত মল্ল বৰুৱাক বৰপেটা, বঙাইগাঁও আৰু গোৱালপাৰা জিলাৰ দায়িত্ব অর্পণ কৰিছে৷ মন্ত্রী পীয়ূষ হাজৰিকাক শোণিতপুৰ, নগাঁও আৰু হোজাই জিলাৰ দায়িত্ব অর্পণ কৰিছে৷ কৌশিক ৰায়ক বজালী আৰু নলবাৰীৰ দায়িত্ব অর্পণ কৰা হৈছে৷ মন্ত্রী কৃষ্ণেন্দু পালক কাছাৰ আৰু হাইলাকান্দিৰ দায়িত্ব অর্পণ কৰ হৈছে৷ মন্ত্রী ৰূপেশ গোৱালাক চৰাইদেউ আৰু ডিব্রুগড়ৰ দায়িত্ব অর্পণ কৰা হৈছে৷ মন্ত্রী বিমল বড়াক ধেমাজি আৰু মাজুলীৰ দায়িত্ব অর্পণ কৰা হৈছে৷ নন্দিতা গার্লোছাক গোলাঘাট জিলাৰ দায়িত্ব অর্পণ কৰা হৈছে৷ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীক মৰিগাঁৱৰ দায়িত্ব, প্রশান্ত ফুকনক তিনিচুকীয়াৰ দায়িত্ব আৰু মন্ত্রী যোগেন মহনক গুৱাহাটী আৰু শিৱসাগৰৰ দায়িত্ব অর্পণ কৰা হৈছে৷ একেদৰে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই পঞ্চায়ত নির্বাচনৰ বাবে মন্ত্রী পীয়ূষ হাজৰিকাক অধ্যক্ষ হিচাপে লৈ এখন নির্বাচনী ব্যৱস্থাপনা কমিটীও গঠন কৰিছে৷ এই কমিটীৰ সদস্য হিচাপে আছে সাংসদ বিজুলী কলিতা মেধি, প্রদান বৰুৱা, কৃপানাথ মাল্লা, বিধায়ক নৱ কুমাৰ দলে, দলীয় নেতা অশোক ভট্টৰায়, জয়ন্ত কুমাৰ দাস, পল্লৱলোচন দাস, ৰাজকুমাৰ শর্মা, মৃগেন শৰণীয়া, মনোজ বৰুৱা, মৃগাংক দেৱ বর্মন, আঙুৰলতা ডেকা, নাৰায়ণ ডেকা, অমিতাভ শইকীয়া আৰু লক্ষ্য কোঁৱৰ৷ একেদৰে ৰাজ্যিক সভাপতিৰ নির্দেশত নির্বাচনী ইস্তাহাৰ কমিটী এখনো গঠন কৰা হৈছে৷ এই কমিটীৰ আহ্বায়কৰ দায়িত্ব অর্পণ কৰা হৈছে মন্ত্রী ৰঞ্জিত কুমাৰ দাসক৷ কমিটীখনৰ সদস্য হিচাপে আছে মন্ত্রী জয়ন্ত মল্ল বৰুৱা, সাংসদ কামাখ্যা প্রসাদ তাছা, বিধায়ক দিপ্লুৰঞ্জন শর্মা, কেন্দ্রীয় মন্ত্রী পৱিত্র মার্ঘেৰিটা, সাংসদ পৰিমল শুক্লবৈদ্য, ৰঞ্জিত দত্ত, ৰামেশ্বৰ তাঁতী, দলীয় নেতা পুলক গোহাঁই, প্রদীপ ঠাকুৰীয়া, ৰেখাৰাণী দাস বড়ো, কিশোৰ উপাধ্যায় আৰু দেৱজিৎ মহন্ত৷ ইফালে, বিটিআৰ নির্বাচনৰ বাবে আজি ৰাজ্যিক বিজেপিয়ে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক লৈ এখন ৪০জনীয়া কর্ণধাৰ কমিটী গঠন কৰে৷ এই কমিটীত মুখ্যমন্ত্রীৰ উপৰি আছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, মন্ত্রী ৰঞ্জিত কুমাৰ দাস, জয়ন্ত মল্ল বৰুৱা, পীয়ূষ হাজৰিকা, অশোক সিংহল, কৌশিক ৰায়, দলৰ উপ–সভানেত্রী ৰেখাৰাণী দাস বড়ো, অশোক ভট্টৰায়, বিধায়ক অজয় ৰায়, সংখ্যালঘু মর্চাৰ সভাপতি শান্তিয়াজ কুজুৰ, ৰাষ্ট্রীয় পৰিষদৰ সদস্য বনেন্দ্র মুছাহাৰী, কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী জীৱেশ ৰায়ৰ লগতে বিটিআৰ এলেকাৰ ৫খন জিলাৰ সভাপতিসকল৷

You might also like