বিশেষ বাৰ্তা, ৭ অক্টোবৰ : অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকাই আজি গোলাঘাটৰ সৰুপথাৰত ৰাজ্য চৰকাৰৰ অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী সঞ্চালকালয়ৰ দ্বাৰা অনুমোদিত অনুদানেৰে নিৰ্মিত ড° বি আৰ আম্বেদকাৰ ভৱন উদ্বোধন কৰে | মূলতঃ অনুসূচিত লোকে বসবাস কৰা অঞ্চলত কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত দেশৰ সংবিধানৰ প্ৰণেতা ড° বি আৰ আম্বেদকাৰৰ সোঁৱৰণত স্থানীয় ৰাইজৰ সুবিধা হোৱাকৈ আলোচনা-চক্ৰ, সাংস্কৃতিক আৰু শৈক্ষিক অনুষ্ঠান আদি অনুষ্ঠিত কৰিব পৰাকৈ এটি ভৱন নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছিল | এই পৰিকল্পনাৰ অংশ হিচাপে অসমৰ জিলা সদৰ আৰু মহকুমাত অনুসূচিত জাতিৰ লোকে বাস কৰা অঞ্চলত আম্বেদকাৰ ভৱন নিৰ্মাণৰ কাম চলি আছে | ৰাজ্যখনত ইতিমধ্যেই ৩৭টা আম্বেদকাৰ ভৱনৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লগতে আন ২২টা নিৰ্মাণৰত অৱস্থাত আছে |
আজি সৰুপথাৰত ড° বি আৰ আম্বেদকাৰ ভৱনটি ৰাইজলৈ উছৰ্গা কৰাৰ পাছত এখন সভা সম্বোধন কৰি মন্ত্ৰী পীয়ূষ হাজৰিকাই আধুনিক ভাৰতৰ অন্যতম নিৰ্মাতা আৰু আজীৱন এখন বৈষম্যহীন সমাজৰ বাবে কাম কৰা ড° ভীমৰাও ৰামজী আম্বেদকাৰক সশ্ৰদ্ধ সোঁৱৰণ কৰে | ৰাজ্য চৰকাৰে অনুসূচিত জাতিৰ লগতে সকলো জনগোষ্ঠীৰ লোকৰ কল্যাণৰ বাবে আন্তৰিকতাৰে কাম কৰি আছে বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই আশা প্ৰকাশ কৰে যে নতুনকৈ নিৰ্মাণ কৰা আম্বেদকাৰ ভৱনটিয়ে অনুসূচিত জাতিৰ লোকৰ এটা দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰিবলৈ সক্ষম হ’ব | পাছত সাংবাদিকক উদ্দেশ্যি সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰীগৰাকীয়ে কয় যে বিভাগৰ অধীনত অনাগত সময়ত সমগ্ৰ ৰাজ্যতে নিৰ্মাণ হ’ব লগা প্ৰায় ৩০খন মিনি ষ্টেডিয়ামৰ এখন সৰুপথাৰত নিৰ্মাণ কৰা হ’ব | প্ৰায় ১২০০ লোক বহিব পৰাকৈ গেলাৰী থাকিব লগা একোখন মিনি ষ্টেডিয়াম নিৰ্মাণত প্ৰায় এক কোটি পয়সত্তৰ লাখ টকা ব্যয় হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে | আনহাতে, সৰুপথাৰৰ বাট-পথ বিগত প্ৰায় দুটা বছৰত যথেষ্ট উন্নত হোৱা বুলিও তেওঁ সাংবাদিকৰ আগত মন্তব্য কৰে |