বিশেষ বাৰ্তা, ২০ ডিচেম্বৰ : মন্ত্ৰী পীয়ূষ হাজৰীকাই কালি তিতাবৰলৈ আহি বিয়লি ভাগৰ পৰাৰ নিশা পৰ্যন্ত কেইবাখনো দলীয় বুথ সভাত অংশগ্ৰহণ কৰে। নিশা বোকাহোলা, লেটেকুজান আদি অঞ্চলত প্ৰচণ্ড শীতৰ মাজত দলীয় সভাত অংশগ্ৰহণ কৰাৰ ফলত আজি হঠাৎ অসুস্থ হৈ পৰে মন্ত্ৰীগৰাকী। নিশাৰ ভাগতেই কিছু অসুস্থ অনুভৱ কৰা মন্ত্ৰী হাজৰীকাক আজি ততাতৈয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসা কৰোৱা হয় আৰু চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰি লগে লগেই সুস্থ কৰি তোলে। বৰ্তমান মন্ত্ৰীগৰাকীক সুস্থ যদিও তেওঁক কিছু জিৰণিৰ প্ৰয়োজন বুলি যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক পুৰ্নিমা বৰুৱাই মত প্ৰকাশ কৰে। মন্ত্ৰী হাজৰিকাৰ কণ্ঠনলীৰ অসুবিধাৰ লগতে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিল আৰু বৰ্তমান মন্ত্ৰীগৰাকীক চিকিৎসকে ঔষধ আৰু বিভিন্ন ধৰণৰ পৰামৰ্শ আগৱঢ়াইছে। আজি চিকিৎসকৰ চিকিৎসাৰ অন্তত মন্ত্ৰীগৰাকীক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয় আৰু ফলত দলীয় আৰু চৰকাৰী সকলো সভা সমিতি বাতিল কৰা হয়।
প্ৰেৰক ৰঞ্জিত ভূঞা