নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহপুৰীয়াত দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত মন্ত্ৰী পীয়ুষ হাজৰিকাৰ প্ৰচাৰ

নিয়মীয়া বাৰ্তা, ৩ নৱেম্বৰঃ দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনীলৈ মাজত মাত্ৰ পাঁচটা দিন আছে৷ মাইক, পোষ্টাৰ-বেনাৰ লগাই সঘনাই নিৰ্বাচনী সভা পাতি পৰিবেশ মুখৰিত কৰি তুলিছে৷ ক্ৰমশঃ চকুত লগা হৈ পৰা নিৰ্বাচনী প্ৰচাৰ৷ দলীয় সমৰ্থিত প্ৰাৰ্থীসকলক জিকাবলৈ নিৰ্বাচনী প্ৰচাৰত ৰাজ্য চৰকাৰৰ মন্ত্ৰী-বিধায়ককে ধৰি দলীয় নেতা-কৰ্মীসকল নামি পৰাৰ পৰিলক্ষিত হৈছে৷ ৰাজ্যখনৰ মুঠ ২২টা সমষ্টিৰ ভিতৰতে দেউৰী পৰিষদৰ সৰ্ববৃহৎ ১৫নং বৰদেউৰী সমষ্টিত আজি মন্ত্ৰী পীয়ুষ হাজৰিকাই বিজেপিৰ প্ৰাৰ্থী অমৃতপ্ৰভা দেউৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়৷ দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত জিকাবলৈ নাৰায়ণপুৰ বৰদেউৰী সমষ্টিৰ উদ্দেশ্যপুৰত অনুষ্ঠিত এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অমৃতপ্ৰভা দেউৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মন্ত্ৰী পীয়ুষ হাজৰিকাই। দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত শাসকীয় দলৰ প্ৰাৰ্থীক বিপুল ভোটৰ ব্যৱধানত জয়ী কৰোৱাৰ উদ্দেশ্যে মন্ত্ৰীগৰাকীয়ে ভোটাৰ ৰাইজক উদ্দেশ্যি বিভিন্ন চৰকাৰী সুবিধা প্ৰদান কৰিব বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে৷ দিল্লীত আৰু দিছপুৰত বিজেপি চৰকাৰ থকাৰ পিছতো ভোটাৰ ৰাইজে ভোট সাব্যস্ত কৰাত ভুল নকৰে বুলি উল্লেখ কৰাৰ লগতে ৰাইজৰ প্ৰকৃত উন্নয়ন আৰু সম-বিকাশৰ বাবে বিজেপি চৰকাৰৰ বিকল্প নাই বুলিও তেওঁ উল্লেখ কৰে৷ মন্ত্ৰী পীয়ুষ হাজৰিকাই ভাষণ প্ৰসংগত কয় যে ‘ৰাজ্যত আমাৰ চৰকাৰৰ দিনত পৰৱৰ্তী সময়ত এখনো ৱাইন শ্ব’পৰ গাঁৱত নহয়৷ ভুল কথা বিয়পাই একাংশই সুবিধা ল’ব বিচাৰিছে৷ ভূপেন বৰাই নিজা সমষ্টিত ইলেকচন বাদ দি য’ত দাড়ি আৰু টুপি আছে তাত বহি আছে বুলিও কটুক্তি কৰে৷ উক্ত নিৰ্বাচনী সভাত বিজেপিৰ প্ৰাৰ্থী অমৃতপ্ৰভা দেউৰী, কিনাপথাৰ সমষ্টিৰ প্ৰাৰ্থী বিষ্ণু কুমাৰ দেউৰী, বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড॰ অমিয় কুমাৰ ভূঞা, ৰঙাপাৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতী প্ৰমুখ্যে ভালেসংখ্যক নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে৷ উল্লেখ্য, বিহপুৰীয়া সমষ্টিৰ অন্তৰ্গত ১৫নং বৰদেউৰী সমষ্টিৰ বিজেপি মনোনীত প্ৰাৰ্থী অমৃতপ্ৰভা দেউৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উপৰি মন্ত্ৰী পিয়ুষ হাজৰিকাই বিহপুৰীয়া সমষ্টিৰ অন্তৰ্গত কাচিকটা আৰু পিছলা সমষ্টিতো দলীয় প্ৰাৰ্থীৰ হৈ আজি আন দুখন নিৰ্বাচনী সভাতো মন্ত্ৰী পীয়ুষ হাজৰিকাই অংশ গ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ চলায়৷ ইপিনে, বিহপুৰীয়া সমষ্টিৰ অন্তৰ্গত দেউৰী পৰিষদীয় সমষ্টিসমূহত ৰাজনৈতিক দলসমূহৰ সমৰ্থিত প্ৰাৰ্থীসকলৰ সমৰ্থনত বাইক ৰেলীকে ধৰি শোভাযাত্ৰাৰে নিৰ্বাচনী প্ৰচাৰ চলাই পৰিৱেশ মুখৰিত কৰি তুলিছে৷

প্ৰেৰক জগত গগৈ

You might also like